Logo
image

ঔগুৰি পাহাৰত সেউজীয়া পৃথিৱীৰ গান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২২ আগষ্টঃ এক ব্যক্তিগত হোটেল-প্ৰতিষ্ঠানক তেজপুৰৰ ঔগুৰি পাহাৰৰ এটা অংশ চৰকাৰীভাৱে বিক্ৰী কৰাৰ বিপৰীতে ইয়াৰ বিৰুদ্ধে হোৱা ৰাজহুৱা প্ৰতিবাদ তথা চৰকাৰৰ এই সিদ্ধান্ত  বাতিলৰ দাবী উত্থাপন হোৱাৰ সমান্তৰালভাৱে সম্প্ৰতি ৰাইজৰ দ্বাৰা ঔগুৰি পাহাৰত গছপুলি ৰোপণ কৰি অহা হৈছে৷ উল্লেখ্য, হোটেল নিৰ্মাণৰ বাবে সেউজীয়া পাহাৰটোৰ এটা অংশ টকলা কৰাৰ বিপৰীতে ইয়াৰ প্ৰতিবাদ তথা ঔগুৰি পাহাৰৰ সংৰক্ষণৰ উদ্দেশ্যে যোৱা প্ৰায় এমাহে বহুসংখ্যক লোকে পাহাৰটোত গছপুলি ৰোপণ কৰি আহিছে৷ প্ৰতি সপ্তাহতে পাহাৰ পৰিষ্কাৰকৰণ আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী চলাই অহা বিভিন্ন সংগঠনে আজিও এই কাৰ্যসূচী ৰূপায়ণ কৰে৷  শতাধিক, পুৰুষ-মহিলাই স্বতঃস্ফূৰ্তভাৱে আহি এই কাৰ্যসূচীত অংশ লৈ শতাধিক বৃক্ষ ৰোপণ কৰে৷ এইলৈ এইপৰ্যন্ত পাহাৰ পৃষ্ঠত ডেৰ শতাধিক গছপুলি ৰোপণ কৰা হৈছে৷ এই কাৰ্যসূচী পৰৱৰ্তী সপ্তাহসমূহত অব্যাহত থাকিব বুলি জানিব পৰা গৈছে৷ এয়া প্ৰকৃততে পাহাৰ ৰক্ষাৰ বাবে তেজপুৰৰ একাংশ পৰিৱেশ সচেতন লোকে কৰা ইতিবাচক আন্দোলন৷ এয়া যেন সেউজীয়া পাহাৰৰ গান৷ উল্লেখ্য, তেজপুৰৰ ঔগুৰি পাহাৰৰ সাতবিঘা মাটি তেজপুৰ হোটেল কোম্পানী প্ৰাঃলিঃ নামৰ বণিয়া গোষ্ঠীক হোটেল নিৰ্মাণৰ বাবে এক কোটি ন লাখ টকাৰ প্ৰিমিয়াম লৈ ২০০৭ত ৰাজহ বিভাগে বন্দোবস্তি দিয়াৰ তথ্য পোহৰলৈ অহাত ইয়াৰ বিৰুদ্ধে তেজপুৰৰ ৰাইজ জাঙুৰ খাই উঠিছিল৷ তথ্য অনুসৰি চৰকাৰৰ ৰাজহ বিভাগে তেজপুৰ হোটেল প্ৰাঃলিঃক ২০০৫ৰ ১৪ ছেপ্টেম্বৰত হোটেল নিৰ্মাণৰ বাবে বন্দোবস্তি দিবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে তেজপুৰ মহকুমা ভূমি উপদেষ্টা কমিটীৰ ২০০৬ৰ ২১ ফেব্ৰুৱাৰীৰ বৈঠকত সেই বন্দোবস্তিৰ প্ৰস্তাৱত অনুমোদন জনায়৷ অৰ্থাৎ ভূমি উপদেষ্টা কমিটীৰ অনুমোদনৰ পূৰ্বেই এই ভূমি বন্দোবস্তি নিশ্চিত কৰা হয়৷ ভূমি উপদেষ্টা কমিটীয়ে কেৱল আনুষ্ঠানিকতাহে সম্পূৰ্ণ কৰে৷ তদুপৰি, এই ভূমি বন্দোবস্তিৰ সৈতে যিহেতু পৰিৱেশ সংক্ৰান্তিয় বিষয়ো জড়িত হৈ আছিল সেয়েহে, নীতিগতভাৱে এইক্ষেত্ৰত ৰাজহুৱা শুনানী অনুষ্ঠিত কৰা প্ৰয়োজন আছিল৷ কিন্তু ৰাজহুৱা শুনানীৰ কোনো ব্যৱস্থাও নকৰাকৈ অতি সংগোপনে এই বন্দোবস্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল৷ লক্ষ্যণীয় কথা এই যে, তেজপুৰ হোটেল প্ৰাঃলিঃ নামৰ কোম্পানীটোৰ সত্ত্বাধিকাৰী তথা সঞ্চালক মণ্ডলীৰ নাম-ঠিকনাৰ কোনো তথ্য ৰাজহ বিভাগত নাই৷ এনেদৰেই ঔগুৰি পাহাৰৰ মাটি ব্যক্তিগত প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল৷ ঔগুৰিৰ সুৰক্ষাৰ হেতু তেজপুৰৰ ৰাইজ যে বদ্ধপৰিকৰ সেইকথা দৃঢ়তাৰে দোহাৰি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণত অংশ লোৱা খিলঞ্জীয়া সুৰক্ষা মঞ্চৰ সভাপতি কাবুল শৰ্মাই কয় ‘তেজপুৰৰ ঐতিহ্য আৰু সুৰক্ষাৰ হেতু প্ৰকৃতিপ্ৰদত্ত সম্পদসমূহ সুৰক্ষিত ৰখাটো আমাৰ কৰ্তব্য৷ সেয়ে ঔগুৰিৰ মাটি ব্যক্তিগত প্ৰতিষ্ঠানলৈ হস্তান্তৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু পাহাৰটোত বৃক্ষৰোপণৰে সজাই তোলাৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ৷ জীয়াই থকালৈকে আমি এই প্ৰাকৃতিক সম্পদৰ ব্যক্তিগত প্ৰতিষ্ঠানলৈ হস্তান্তৰৰ প্ৰতিবাদ কৰি যাম৷ কোনোপধ্যে আমি ইয়াক ব্যক্তিগত মালিকানালৈ যাব নিদিওঁ৷ এই সম্পদত যিসকলৰ চকু পৰিছিল সেইসকলক চকু আঁতৰাবলৈ আহ্বান জনালোঁ৷ প্ৰকৃতিপ্ৰদত্ত এই সম্পদ আমাৰ জাতীয় সম্পদ বুলি উল্লেখ কৰি বৃক্ষৰোপণত অংশ লোৱা  সাংস্কৃতিককৰ্মী চিমি গোস্বামীয়ে কয়, ‘এই জাতীয় সম্পদ ৰাইজৰ সম্পদ, ইয়াৰ ব্যক্তিগতকৰণ ৰোধ কৰাৰ বাবে আমি যি পৰ্যায়লৈ যাব লাগে তালৈকে যাম৷ তেজপুৰৰ সুৰক্ষা আৰু ঐতিহ্য ৰক্ষাৰ হেতু আমি লোৱা এই পদক্ষেপক আমি চৰকাৰ তথা প্ৰশাসনৰো সহযোগিতা কামনা কৰিছোঁ৷ আনহাতে, বৃক্ষৰোপণত অংশ লৈ অহা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্যই ঔগুৰিৰ সুৰক্ষাৰ সন্দৰ্ভত দৃঢ়তা প্ৰকাশ কৰি কয় যে- কেৱল ঔগুৰিয়েই নহয় তেজপুৰৰ প্ৰকৃতিপ্ৰদত্ত সম্পদৰাজিৰ সুৰক্ষা আৰু সৌন্দৰ্যবদ্ধৰ্নৰ বাবে যথাসম্ভৱ সেৱা আগবঢ়াই যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ কোনো কাৰণতে এই প্ৰাকৃতিক সম্পদৰাজিৰ কোনো অংশই বণিয়া গোষ্ঠীৰ হাতলৈ হস্তান্তৰ কৰিবলৈ দিয়া নাযাব বুলিও তেওঁ দোহাৰে৷

হাতী-মানৱ সংঘাত প্ৰশমনৰ বাবে ৰৌতাত আৰণ্যকৰ অভিযান

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনৰ লগতে বন্যহস্তী আৰু মানুহৰ মাজত সহাৱস্থানক উদ্‌গনিৰ দীৰ্ঘম্যাদী পদক্ষেপৰ অংশ হিচাপে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডলৰ অন্তৰ্গত ৰৌতা সংৰক্ষিত বনাঞ্চলৰ ১০০ হেক্টৰ ভূমি সামৰি হাতীৰ আৱাসভূমি উন্নয়নৰ বাবে এক অভিলাষী প্ৰকল্প আৰম্ভ কৰিছে৷ আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড॰ বিভূতি প্ৰসাদ লহকৰ আৰু আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড॰ আলোলিকা সিনহাই কয়– মানৱ-হাতী সংঘাত প্ৰশমনৰ দীৰ্ঘম্যাদী ব্যৱস্থা হিচাপে হাতীৰ আৱাসভূমি সুৰক্ষিত কৰা আৰু হাতীৰ চলা-ফূৰা সুবিধা সৃষ্টি কৰাৰ উদ্দেশ্যে আৰণ্যকে এই প্ৰকল্পৰ অধীনত হাতীৰ আৱাসভূমিৰ উন্নতি আৰু পতিত অঞ্চল পুনৰুদ্ধাৰৰ বাবে কাম কৰিছে৷ ‘এটা বহনক্ষম ভৱিষ্যতৰ বাবে হাতী আৱাসভূমি সুৰক্ষিত কৰা’ এই মূলমন্ত্ৰৰে উদ্‌যাপন কৰা বিশ্ব হাতী দিৱস উপলক্ষে চলোৱা গছপুলি ৰোপণ অভিযানত সশস্ত্ৰ সীমা বলৰ ৬১ নং বেটেলিয়ন, ধনশিৰি বন সংমণ্ডল আৰু ৰৌতা সংৰক্ষিত বনাঞ্চলৰ ধনশিৰি-চিকাৰীডাঙা জেএফএমচিয়ে আৰণ্যকক সহযোগিতা কৰে৷ হাতীৰ আৱাসভূমি সুৰক্ষিত কৰাৰ বাবে হাতীৰ প্ৰিয় খাদ্য প্ৰজাতিৰ গছ এলপিনিয়া এছ পি পিৰ প্ৰায় ২০০০টা কাণ্ড ৰোপণ কৰা হয়৷ মানৱ-হাতী সংঘাত প্ৰশমনৰ বাবে লোৱা এই নতুন পদক্ষেপত আৰণ্যকৰ বিষয়ববীয়া ৰাবিয়া দৈমাৰী, ডিদোম দৈমাৰী, ৰেশমা নাৰ্জাৰী, মনদীপ বসুমতাৰী, দিবাকৰ নায়ক, বিকাশ টোছা, বিনেশ্বৰ দৈমাৰী আৰু ৰূপম গয়াৰীয়ে মূল ভূমিকা পালন কৰে৷