Logo
image

ফেচবুকত চৰকাৰক কটাক্ষ, প্ৰবক্তাক ধৰি আনি জে’লত ভৰাই দিলে আৰক্ষীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ আগষ্টঃ মঙলদৈ চহৰৰ মাজমজিয়াত বন্দুক চালনা প্ৰশিক্ষণ প্ৰদান কৰা হিন্দুত্ববাদী সংগঠন বজৰংগ দলৰ নেতৃত্বক গৃহ বিভাগে ৰেহাই দিলেও ছ’চিয়েল মিডিয়াত চৰকাৰক সমালোচনা কৰা লোকক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই স্মাৰ্ট অসম আৰক্ষীয়ে৷ আৰক্ষী-প্ৰশাসনৰ চকুৰ সন্মুখতে গুলী      ফুটাই বন্দুকৰ প্ৰশিক্ষণ লোৱা কাৰ্যতকৈ এতিয়া চৰকাৰৰ বাবে যেন ফেচবুকত সমালোচনামূলক পোষ্ট দিয়া ব্যক্তিহে বিপজ্জনক হৈ পৰিছে৷ উচ্ছতম ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অৰ্থাৎ ভাৰতীয় দণ্ডবিধিৰ ১২৪ [এ] ধাৰাত স্থগিতাদেশ জাৰি কৰাৰ পাছতো অসম আৰক্ষীয়ে এতিয়া চৰকাৰক সমালোচনা কৰা ব্যক্তিৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিবলৈ এৰা নাই৷ স্বাধীনতা দিৱসৰ প্ৰাক্‌মুহূৰ্তত ব্ৰিটিছক সমৰ্থন জনোৱাৰ অপৰাধতে কলেজৰ চৌহদৰ পৰা এজন প্ৰবক্তাক চোঁচৰাই আনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা পলমকৈ হ’লেও চৰ্চালৈ আহিছে৷ কামৰূপ জিলাৰ পূব বংশৰ কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক শ্বেখ আব্দুল হামিদে ১৪ ফেব্ৰুৱাৰীত ফেচবুকত ব্ৰিটিছক সমৰ্থন কৰি পোষ্ট দিছিল এইদৰে–‘ব্ৰিটিছৰ বাবেই পাইছো আধুনিক শিক্ষা, স্কুল, কলেজ, বিশ্ববিদ্যালয়, মেডিকেল কলেজ, হাস্পতাল, পকী পথ, দলং, ৰে’ল, মটৰ ইঞ্জিন, ইলেক্টি্ৰচিটী হোটেল, চাৰ্ট-লংপেণ্ট, কোট-টাই, জোতা, আইনৰ শাসন, ক’ৰ্ট-জৰ্জ, পুলিচ ইত্যাদি৷ আমাক কৰা বৰ্বৰতা, ক’লা আইন, অত্যাচাৰ আদি পাহৰি সভ্যতাৰ পোহৰ দিয়া ব্ৰিটিছলৈ চালাম জনাইছোঁ৷ আজিৰ তাৰিখত ই অপ্ৰিয় সত্য৷ বদন তথা হৰনাথ দাৰোগাৰ বংশধৰ এতিয়া চাগৈ বহুত দেশভক্ত৷’ কলেজ শিক্ষক শ্বেখ আব্দুল হামিদৰ এই পোষ্টটোৰ বাবেই কামৰূপ আৰক্ষীয়ে উত্তৰ গুৱাহাটী থানাত নিজাববীয়া গোচৰ ৰুজু কৰি ১৭ আগষ্টত কলেজৰ চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰে শিক্ষকজনক৷ আৰক্ষীৰ যুক্তি– শ্বেখ আব্দুল হামিদে সামাজিক মাধ্যমত দীৰ্ঘদিন ধৰি চৰকাৰক সমালোচনামূলক পোষ্ট দি আহিছে৷ চৰকাৰে তেওঁক লক্ষ্য কৰি আহিছিল৷ ভাৰতীয় নাগৰিক হৈ ভাৰতৰ বিৰোধিতা কৰি বৃটিছক প্ৰশংসা কৰি আইনবিৰুদ্ধ অপৰাধ কৰিছে আব্দুল হামিদে৷ এই অপৰাধৰ বাবেই ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হ’ল কলেজ শিক্ষকজনক৷ আব্দুল হামিদৰ বিৰুদ্ধে আই পি [চি] ১২১/১২১ [এ] কে ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা বুলি উত্তৰ-গুৱাহাটী আৰক্ষীয়ে জানিবলৈ দিছে৷ বৰ্তমান শিক্ষকজন ন্যায়িক জিম্মাত কাৰাবন্দী হৈ আছে৷