Logo
image

এতিয়াও গোহাঁইক লগ দিয়া নাই অমিত শ্বাহে, মাতিলে প্ৰদ্যুৎ বৰদলৈয়েহে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ আগষ্টঃ দেওবাৰে বিয়লিৰ পৰা মঙলবাৰে নিশা বাতৰি লিখা পৰ্যন্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাতৰ বাবে নতুন দিল্লীত বোন্দাপৰ দি থাকিবলগীয়া হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰি দলৰ হাইকমাণ্ডৰ ৰোষত পৰা প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতিজনক দেওবাৰে অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰা ফোন কৰি নতুন দিল্লীলৈ তলব কৰা হয়৷ সোমবাৰে অমিত শ্বাহৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ ৰাজেন গোহাইক নিৰ্দেশ দিয়া হৈছিল৷ সেই অনুসৰি ৰাজেন গোহাঁই দেওবাৰে বিয়লি নতুন দিল্লীত উপস্থিত হৈ অসম ভৱনত বাহৰ পাতে৷ সোমবাৰে দিনটো অমিত শ্বাহ নতুন দিল্লীতে আছিল যদিও তেওঁ ৰাজেন গোহাঁইক সাক্ষাতৰ বাবে মাতি নপঠিয়ালে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী জন বিয়লি উত্তৰ প্ৰদেশৰ আলিগড়লৈ গুচি যায় দলীয় কাৰ্যসূচীত৷ মঙলবাৰৰ দিনটোত নগাঁও সমষ্টিৰ চাৰিবাৰৰ সাংসদ ৰাজেন গোহাই অসম ভৱনতে ৰৈ থাকে অমিত শ্বাহৰ সাক্ষাতৰ অপেক্ষাত৷ কিন্তু নিশা বাতৰি লিখা পৰলৈ গোহাইক সাক্ষাৎ দিয়া নাই কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি অনাস্থা প্ৰকাশ কৰা ৰাজেন গোহাঁইক দিল্লীলৈ তলব কৰিও অমিত শ্বাহে সাক্ষাতৰ সময় নিদিলেও নগাঁও সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মঙলবাৰে ৰাজেন গোহাইক কংগ্ৰেছত যোগদানৰ বাবে আহ্বান জনায়৷

ৰাজেন গোহাইৰ বাবে কংগ্ৰেছৰ দুৱাৰ মুকলি আছেঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ

‘আমাৰ অসম’ৰ হোজাইৰ প্ৰতিবেদকঃ বিজেপিৰ বৰ্তমানে চলি থকা আভ্যন্তৰীণ কন্দলৰ বাবে অহা লোকসভা নিৰ্বাচনত লাভৱান হব কংগ্ৰেছ৷ বিজেপি যিমানেই অহা লোকসভা নিৰ্বাচনত অসমৰ ১৪খন সংসদীয় সমষ্টিৰ ভিতৰত ১২খন লাভ কৰিব বুলি চিঞৰ বাখৰ কৰি নাথাকক কিয় অহা নিৰ্বাচন বিজেপিৰ বাবে ইমান সহজ নহব৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই বিজেপি দলৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত মুখ খোলা কংগ্ৰেছ দলৰ বাবে এক শুভ লক্ষণ৷ ৰাজেন গোহাঁই ৰ বাবে কংগ্ৰেছৰ দ্বাৰ মুকুলি হৈ আছে৷ নগাঁও সংসদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি হোজাইত সাংসদ পুঁজিৰ ১০ লাখ টকা ব্যয় সাপেক্ষে হোজাই চহৰৰ মাজমজিয়াত নিৰ্মিয়মান শৌচালয়ৰ দ্বাৰ উদঘাটন কৰি সাংবাদিক সকলৰ লগত মত বিনিময় কৰাৰ এই কৰি মন্তব্য কৰে৷ তেওঁ কয়– প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা চাৰিবাৰৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই যদি কংগ্ৰেছ দলৰ নীতি আদৰ্শ মানি দলত যোগদান কৰিব খোজে তেন্তে তেওঁৰ বাবে কংগ্ৰেছ দলৰ দুৱাৰ মুকলি আছে৷ ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি বিজেপি দলৰ লাভ হৈছে বুলি যদি ভাবি লৈছে তেন্তে তেওঁলোকে আন্ধাৰত আছে৷ ভোট অকলে নেতাই নিদিয়ে, ভোট দিয়ে ৰাইজে৷ গতিকে ৰাইজৰ মতামতৰ বাহিৰত গৈ ৰাজ্যত যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হল তাৰবাবে ৰাইজৰ মনত যি ক্ষোভ পুঞ্জীভূত হৈ আছে সেই ক্ষোভ ৰ প্ৰকাশ ঘটিব ভোটৰ মাধ্যমেৰে৷ সাংসদ বৰদলৈয়ে আজি সাংসদ পুঁজিৰ আঠ লাখ টকাৰে এখন এম্বুলেন্স প্ৰদান কৰে হোজাই গোবিন্দ আশ্ৰমত৷ সাংসদ সকলক দিয়া পুঁজিৰ পৰা মোদী চৰকাৰে পুঁজি কৰ্তন কৰি দিয়াক লৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰি সীমিত পুঁজিৰে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত যিমানখিনি পাৰিছে তেওঁ কৰি আছে বুলি মন্তব্য কৰাৰ লগতে এই পুঁজি ব্যয়ত কোনো দুৰ্নীতিক প্ৰশ্ৰয় দিয়া হোৱা নাই আৰু কোনোবাই দুৰ্নীতি কৰাৰ মনমেলি আহিছে তেওঁ লোকক আঁতৰাই দিয়া হৈছে বুলি স্পষ্ট কৰি দিয়ে সাংসদ বৰদলৈয়ে৷ আজিৰ দুয়ো অনুষ্ঠানৰ সভাপতিত্ব কৰে হোজাই জিলা কংগ্ৰেছ সভাপতি বিশ্বজিত ৰায় চৌধুৰীয়ে৷ অনুষ্ঠানত উপস্থিত থাকে হোজাইৰ কংগ্ৰেছ নেতা দেৱব্ৰত সাহা, প্ৰাক্তন পৌৰপতি অমৰ দে, পৌৰ কমিচনাৰ বিশ্বজিত ঘোষ, জিল্লী চৌধুৰী আৰু আন আন কংগ্ৰেছ নেতা৷

অতুল বৰাই বিসৰ্জন দিছে জাতীয় সত্তাকঃ প্ৰদ্যুৎ বৰদলৈ

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদকঃ ৰুলিং পাৰ্টীৰ লগত ক্ষমতাৰ সোৱাদ পাবলৈ গোটেই জাতীয় সত্ত্বাটোকেই বিসৰ্জন দিছে অগপৰ সভাপতি অতুল বৰাই৷ গাত লেবেল লগালেই মানুহ জাতীয়তাবাদী বা আঞ্চলিকতাবাদী হৈ নায়ায়৷ অসমৰ ৰাইজে দেখিছে অতুল বৰা কিমান জাতীয়তাবাদী৷ হোজাইৰ নীলবাগানত আজি সাংবাদিকৰ আগত এই মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে৷ আমাতকৈ আৰু অধিক জাতীয়তাবাদী কোন আছে বুলি সংবাদ মাধ্যমৰ আগত অতুল বৰাই প্ৰকাশ কৰাৰ পাছত অগপ সভাপতি অতুল বৰাৰ এই মন্তব্যক একপ্ৰকাৰ তাচ্ছিল্য কৰিলে নগাঁৱৰ সাংসদজনে৷ অগপ দলৰ নেতৃত্বক তীব্ৰ সমালোচনা কৰি বৰদলৈয়ে কয় - ৰাষ্ট্ৰীয় পাৰ্টীত থাকিও আমি বেছি অসমৰ হিতৰ কথা চিন্তা কৰোঁ৷ ইফালে বিজেপি দলত উমি উমি জ্বলি থকা জুইকুৰা এতিয়া দপদপাই জ্বলি আছে৷ ফটাকানিৰে বিজেপিয়ে এই জুইকুৰা নিৰ্বাপণৰ চেষ্টা চলাইছে বুলি কয় সাংসদজনে৷ বিজেপিৰ মুষ্টিমেয় নেতাই নিজৰ ঘাম চকুপানী আৰু কঠোৰ পৰিশ্ৰম কৰিছিল দলটোৰ বাবে৷ সেইসকল আজি উপেক্ষিত হৈ আছে৷ তেওঁলোকক উপহাস কৰা হৈছে, ইতিকিং কৰা হৈছে৷ প্ৰতিটো কথাতে অপমানিত কৰা হৈছে পুৰণি বিজেপি নেতাসকলক৷ আমি ৰাজনৈতিক মতাদৰ্শৰ বাহিৰত গৈ আমাৰ প্ৰতিপক্ষ হিচাপে সন্মান কৰোঁ৷ কিন্তু নতুন বিজেপিত সেইখিনিও নাই৷ ৰাজনৈতিক বা দলীয় পৰিসীমাৰ ভিতৰত শ্ৰদ্ধাৰ পৰিসীমা সীমাবদ্ধ নহয় বুলি প্ৰকাশ কৰে সাংসদ বৰদলৈয়ে৷ পুৰণি বিজেপিৰ নেতাসকলক ৰাজনীতিৰ উৰ্ধত গৈ সন্মান কৰা বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ বৰদলৈয়ে প্ৰকাশ কৰে৷

আজমলৰ প্ৰতি হঠাৎ নৰম স্থিতি কংগ্ৰেছৰ

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদকঃ বদৰুদ্দিন আজমলৰ এআইইউডিএফক লৈ সুৰ নৰম হ’ল নেকি কংগ্ৰেছৰ৷ প্ৰদু্যত বৰদলৈৰ মন্তব্যত তেনে এক স্পষ্ট ইংগিত পোৱা গৈছে৷ ভাৰতবৰ্ষৰ মংগলৰ বাবে আৰু ২৪ত কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সে যাতে কেন্দ্ৰত ক্ষমতা দখল কৰিব পাৰে তাৰ কাৰণে কাম কৰিলে আজমলৰ দলক লৈ আপত্তি নাই বুলি ক’লে প্ৰদ্যুৎ বৰদলৈয়ে৷ অসম কংগ্ৰেছে আজমলক আদৰিলে বুলি সাংবাদিকে প্ৰশ্ন কৰাত সেয়া পাছৰ কথা বুলি কৈ আঁতৰি গ’ল সাংসদ বৰদলৈ৷ উল্লেখ্য, আজমলে বিনাচৰ্তে কংগ্ৰেছক সমৰ্থন দিয়া প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৰদলৈয়ে আৰু কয়-ভাৰতৰ স্বাৰ্থত কামে-কাজে আজমলৰ মনোভাৱ প্ৰকাশ হোৱাটো দৰ্কাৰ৷ যদি ভাৰতৰ স্বাৰ্থত আজমলে কাম কৰে তেন্তে আপত্তি নাই বুলি স্পষ্টকৈ প্ৰকাশ কৰে সাংসদজনে৷ বদৰুদ্দিন আজমলৰ গৃহভূমি হোজাইৰ নীলবাগানত আজমলক লৈ এজন কংগ্ৰেছ নেতাৰ এনে মন্তব্যৰ পাছত যথেষ্ট ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷