Logo
image

দেশীয় প্ৰযুক্তিৰে অসম্ভৱক সম্ভৱ কৰিছে ভাৰতৰ মহাকাশ বিজ্ঞানীয়ে

ভাৰতৰ চন্দ্ৰযানে চন্দ্ৰত অৱতৰণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ বিষয়৷ কিয়নো চন্দ্ৰ অভিযানৰ বাবে যি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, সেই প্ৰযুক্তি ভাৰতত দেশীয়ভাৱে তৈয়াৰ কৰা হৈছে৷ ভাৰতৰ মহাকাশ বিজ্ঞানীয়ে দেশীয় প্ৰযুক্তিৰে অসম্ভৱকো সম্ভৱ কৰি তুলিছে৷ এইবাৰ আমি সফল অৱতৰণৰ জৰিয়তে নিজৰ সামৰ্থ প্ৰমাণ কৰিবলৈ আগবাঢ়িছো৷ সেয়ে আমি চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণৰ আশা কৰি আছো৷ এয়া আমাৰ বাবে হ’ব ঐতিহাসিক সাফল্য৷ চন্দ্ৰত অৱতৰণ কৰাটো এটা অতি কঠিন প্ৰক্ৰিয়া৷ সেই কঠিনতম কামটো আমি সম্পাদন কৰিব পৰাটো অতি গুৰুত্বপূৰ্ণ এইবাবেই যে, এই অভিযানৰ বাবে প্ৰয়োজনীয় বিজ্ঞান আৰু প্ৰযুক্তি সকলো আমি নিজেই তৈয়াৰ কৰি লৈছো৷ বিজ্ঞানৰ আৱিষ্কাৰৰ বিষয়ে পৃথিৱীৰ ইমুৰৰ পৰা সিমুৰলৈ সকলো বিজ্ঞানীৰে অৱগত হয়৷ কিয়নো সকলো বিজ্ঞানৰ আৱিষ্কাৰৰ তথ্য প্ৰকাশিত হয়৷ আনহাতে প্ৰযুক্তি সকলোৰে নিজা হয়৷ অন্ততঃ মহাকাশ প্ৰযুক্তি কোনেও কাকো ধাৰলৈ নিদিয়ে বা বিক্ৰী নকৰে৷ অৰ্থাৎ আমাৰ চন্দ্ৰ অভিযানৰ বাবে যি প্ৰযুক্তিৰ প্ৰয়োজন হৈছে সেয়া আমি নিজেই উদ্ভাৱন কৰিবলগীয়া হৈছে৷ তাত আমাৰ প্ৰযুক্তিবিদ মহাকাশ বিজ্ঞানীৰ সৃজনীশীলতা প্ৰকাশ পাইছে৷ সেই বিষয়টো সকলোৱে জনা আৰু বুজা প্ৰয়োজন৷ সেয়ে অৱতৰণৰ কৃতকাৰ্যতাই আমাক আৰু আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব৷ তদুপৰি সফল অৱতৰণ সম্ভৱ হ’লে আমাৰ স্বীকৃতি সমগ্ৰ বিশ্বতে আৰু অধিক বিয়পি পৰিব৷ ইছৰ’ৰ ভৱিষ্যতৰ মহাকাশ কাৰ্যসূচীৰ পথ পূৰ্বেই নিৰ্ধাৰণ কৰি থোৱা আছে৷ চন্দ্ৰৰ বিষয়ে বহু কথা জানিবলৈ বাকী আছে৷ তেনে অজানা ৰহস্য ইছৰ’ৱে লাহে লাহে ভৱিষ্যতৰ অভিযানৰ জৰিয়তে উদঘাটন কৰিব৷ সেয়ে ভাৰতৰ চন্দ্ৰ অভিযান অব্যাহত থকাটো বাঞ্চনীয়৷