Logo
image

ন-পুৰণি বিজেপিৰ ‘গেইম’ কংগ্ৰেছৰ সৃষ্টি!দিল্লীত মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২৩ আগষ্টঃ ন-পুৰণি বিজেপিকলৈ অসমত চলি থকা সংঘাতৰ মাজত নতুন দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ মুখ্যমন্ত্ৰীজনৰ মতে, ন-পুৰণি বিজেপিৰ এজেণ্ডা কংগ্ৰেছেহে চলাই আছে, এই ‘গেইম’ কংগ্ৰেছৰহে সৃষ্টি৷ কংগ্ৰেছৰ পৃষ্ঠপোষকাতত অসমত এই খেলটো চলি আছে৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ বক্তব্য– কংগ্ৰেছে ভাবিছে বিজেপিৰ মাজত ন-পুৰণিৰ শ্ৰেণী বিভাজন ঘটাব পাৰিলে কংগ্ৰেছৰ পৰা আন কোনো নেতাই বিজেপিলৈ নাযাব৷ কিন্তু কংগ্ৰেছে নাজানে যে বিজেপিৰ  অন্তৰ কিমান উদাৰ৷ নহ’লে অসমত এতিয়ালৈকে হোৱা বিজেপিৰ দুগৰাকী মুখ্যমন্ত্ৰীয়েই হৈছে ভিন্ন দলৰ পৰা অহা নেতা৷ ‘ন-পুৰণি বিজেপিৰ ধাৰণা মুঠেই প্ৰাসংগিক নহয়৷ বিজেপিৰ অন্তৰ ইমানে উদাৰ যে অসমত দলটোৰ যি দুগৰাকী মুখ্যমন্ত্ৰী হৈছে– সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা, দুয়ো দেখোন নতুন বিজেপি’– সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীজনে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ ড॰ শৰ্মাৰ প্ৰশ্ন– কেবল অসম বুলি নহয়, বিজেপিয়ে যদি নতুন বিজেপিক আন্তৰিকতাৰে আদৰি নল’লেহেঁতেন তেনেহ’লে অৰুণাচল প্ৰদেশত পেমা খাণ্ডু, মণিপুৰত বীৰেন সিং, কৰ্ণাটকত এছ আৰ বোম্মাই কেতিয়াবা মুখ্যমন্ত্ৰী হ’ব পাৰিলেহেঁতেন নেকি? পশ্চিমবংগত সুভেন্দু অধিকাৰীয়ে বিৰোধী দলপতি হ’ব পাৰিলেহেঁতেন নেকি? মন কৰিবলগীয়া যে খাণ্ডু, বীৰেন সিং আৰু বোম্মাই য’ত কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা নেতা, অধিকাৰী হৈছে তৃণমূল কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা নেতা৷ মুখ্যমন্ত্ৰীৰ বক্তব্য– বিজেপিয়ে বিচাৰে ভাৰতখন কংগ্ৰেছমুক্ত হওক৷ তাৰ বাবে বিজেপিলৈ নতুন নতুন নেতা আনিবই লাগিব৷ কংগ্ৰেছৰ পৰাও অনা হ’ব৷ বেলেগ বেলেগ দলৰ নেতাই বিজেপিলৈ আহিলেহে সনাতন ধৰ্ম শক্তিশালী হ’ব৷ সভ্যতা শক্তিশালী হব৷ ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আবিৰ্ভাব হোৱাৰ পাছতেই বিজেপি দলটোত নতুন-পুৰণি বুলি একো নাই বুলি মুখ্যমন্ত্ৰীজনে সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে৷ তেওঁ কয় যে নৰেন্দ্ৰ মোদী প্ৰদানমন্ত্ৰী হোৱাৰ পিছতেই বিজেপি দলৰ তৰফত আহ্বান জনোৱা হৈছিল যে এটা সুনিৰ্দিষ্ট নম্বৰত মিছড্‌ কল কৰক আৰু বিজেপিৰ সদস্য হওক৷ ভাৰতক কংগ্ৰেছ মুক্ত কৰাৰ বাবেই বিজেপিৰ তৰফৰ পৰা এই আহ্বান জনোৱা হৈছিল৷ সেই নিৰিখত কংগ্ৰেছকে ধৰি আন বহু দলৰ নেতা-কৰ্মীয়ে পৰবৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল তথা স্বাৰ্থহীনভাৱে কাম কৰি গৈ আছে৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্ধৃতিৰে কয় যে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত হোৱা নেডাৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কৈছিল যে বেলেগ বেলেগ দলৰ পৰা অহা নতুন বিজেপি নেতা-কৰ্মীসকলে হৈছে চাহত চেনিৰ মিশ্ৰণৰ দৰে৷ তেওঁলোক চাহত মিলি গৈছে৷ আনহাতে ন-পুৰণি বিজেপিৰ বিষয়টোত সংবাদমাধ্যমেও ইন্ধন যোগাই থকা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ লগতে স্বীকাৰ কৰে যে বিজেপিৰো একাংশ নেতা-কৰ্মীয়ে আবেগিক হৈ ন-পুৰণি বিজেপিৰ বিষয়টো টানি আনে৷ সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি তেওঁৰ সৈতে ৰাজেন গোহাইৰ হোৱা মতবিৰোধ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীজনে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে বিচৰা বাবেই মই খোদ তেওঁক ফোন কৰি শ্বাহৰ সৈতে কথা পাতিবলৈ অনুৰোধ জনাইছো৷ লক্ষণীয়ভাবে কংগ্ৰেছৰ ৱাৰ্কিং কমিটিত [চি ডব্লিউ চি] সাংসদ গৌৰব গগৈৰ অন্তৰ্ভুক্তি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীজনে গৌৰব গগৈক আজি শিশু বুলি অভিহিত কৰে৷ মুখ্যমন্ত্ৰীৰ ভাষাত গৌৰব গগৈ হৈছে এটা ‘বাচ্ছা’৷ অসমত বিজেপি দলটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টী বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড॰ শৰ্মাই পোনেপোনে ‘বাচ্ছা’ই কৰা মন্তব্যৰ কোনো প্ৰত্যুত্তৰ নিদিয়ে বুলি জনাই দিয়ে৷ লগতে মুখ্যমন্ত্ৰীজনে কংগ্ৰেছ ৱাৰ্কিং কমিটীক এটা ক্লাবৰ লগত তুলনা কৰি কয় যে চি ডব্লিউ চিৰ আৰু ক্লাবৰ মাজত কোনো পাৰ্থক্য নাই৷ কংগ্ৰেছত ২২ বছৰ থকাৰ পাছতো কংগ্ৰেছৰ বৰ্তমান চি ডব্লিউ চিত অন্তৰ্ভুক্ত হোৱা বহুতো সদস্যক তেওঁ চিনিয়েই নাপায় বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে৷ চি ডব্লিউ চিৰ সদস্য হিচাপে গৌৰব গগৈৰ কি মূল্য আছে বুলি প্ৰশ্ন উত্থাপন কৰি ড॰ শৰ্মাই কয় যে শাসকীয় দলৰ সাধাৰণ সম্পাদক হোৱাৰ পিছতো দিলীপ শইকীয়াই কাহানিও গৌৰব গগৈৰ দৰে দম্ভালি দেখুওৱা নাছিল৷ গগৈ দৰাচলতে এটা ক্লাবৰ সদস্যহে বুলি মুখ্যমন্ত্ৰীজনে পুনৰ কটাক্ষ কৰে৷ ইপিনে, ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ বিষয়টো যথেষ্ট দুখজনক বিষয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীজনৰ তাতপৰ্যপূৰ্ণ বক্তব্য— এই দুখজনক ঘটনাৰ মাজতো এটা ইতিবাচক বিষয় আছে৷ সেয়া হৈছে অসমত এতিয়া কোনেও ঘোচ দি চাকৰি কিনিব নোৱাৰে৷ ড॰ শৰ্মাই কয় যে আত্মহত্যাৰ যিকোনো ঘটনা অতিশয় দুখৰ৷ আত্মহত্যাৰ বাবে ইন্দ্ৰাণী তহবিলদাৰক কোনোবাই উচটনি দিছিল নেকি সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে৷ কিন্তু ইমান দুখৰ মাজতো এটা কথা নিশ্চিত যে মোৰ শাসনকালত কোনেও যে পইচা দি চাকৰি কিনিব নোৱাৰে সেয়া প্ৰমাণিত হ’ল৷ বাস্তৱত চাকৰী দিয়াৰ নামত টকা লৈ চাকৰী দিব নোৱাৰাৰ বাবে তথা টকা ঘূৰাই নিদিয়াৰ বাবেই ইন্দ্ৰাণী তহবিলদাৰ কাণ্ড সংঘটিত হ’ল বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰি কয় যে চাকৰীৰ নামত বিজেপিৰ কোনো উচ্ছ পদস্থ বিষয়াই পইছা লোৱাৰ পাছতো যদি চাকৰী দিব নোৱাৰে সেয়া প্ৰমাণ কৰে যে মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিছো৷ যে ৰাজ্যৰ দুখীয়া ল’ৰা-ছোৱালীয়ে ঘোচ নিদিয়াকৈ চাকৰী পাব পাৰে৷ চাকৰীৰ নামত কোনে কোনে ৫০ হাজাৰ, ২০ হাজাৰ টকাকৈ লৈছে তথা ইন্দ্ৰাণী তহবিলদাৰৰ ফটো কোনে কোনে শ্বেয়াৰ কৰিছিল সেয়া আৰক্ষীয়ে তদন্ত কৰি থকা বুলি মুখ্যমন্ত্ৰীজনে সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে আজি নতুন দিল্লীৰ আছাম হাউছৰ পৰা মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়ে এখন বৈঠকত মিলিত হৈছিল৷ লক্ষণীয়ভাৱে ২৫ আগষ্টত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১০০ সংখ্যক কেবিটেন বৈঠক অনুষ্ঠিত হ’ব৷ দিছপুৰৰ উপৰি অসমৰ বিভিন্ন স্থানত হোৱা কেবিনেট বৈঠকত ১৩০০টাৰো বেছি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ পিছে উক্ত সিদ্ধান্ত সমূহৰ কিমান সংখ্যক সিদ্ধান্তই চৰকাৰে ৰূপায়ণ কৰিলে তাৰ এটা হিচাপ দিয়াৰ প্ৰয়োজন আছে৷ সেয়েহে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উক্ত দিনাত ৰাইজৰ উদ্দেশ্যে এখন ৰিপৰ্ট কাৰ্ড দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে ৰাইজৰ আগত উক্ত ৰিপৰ্ট কাৰ্ড দাঙি ধৰিব পাৰি সেই সন্দৰ্ভত কালি নতুন দিল্লীৰ আছাম হাউছত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ কনফাৰেন্সযোগে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আলোচনাত মিলিত হয়৷ পাছত সাংবাদিকৰ আগত ড॰ শৰ্মাই কয় যে কেবিনেট বৈঠক পাতি বাস্তৱত আমি কিমান সিদ্ধান্ত লৈছিলো আৰু কিমান আমি ৰূপায়ণ কৰিলো সেয়া ৰাইজে জানিব লাগে৷ সেয়েহে পুৱা কেবিনেট বৈঠক পাতি বিয়লি সংবাদমেল যোগে ৰিপৰ্টকাৰ্ড প্ৰকাশ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয় সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ আনহাতে ১৭ ছেপ্টেম্বৰত ৰাজ্যজুৰি পালন কৰিবলগীয়া অমৃত বৃক্ষ আন্দোলনৰ বাবে প্ৰস্তুত কৰা ‘এপ’যোগে ইতিমধ্যে ৰাজ্যৰ ৪৬ লাখ লোকে বৃক্ষৰোপণৰ বাবে আবেদন জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ এজন লোকে দুজোপা গছপুলি লগালে নিৰ্ধাৰিত ৰ কোটি বৃক্ষৰোপণৰ লক্ষ্যত উপনীত হোৱা সম্ভৱ যদিও মুখ্যমন্ত্ৰীজনে কয় যে যিমান বেছি সংখ্যক মানুহে বৃক্ষৰোপণ কাৰ্যসূচীত অংশ ল’ব সিমানেই আমাৰ সফলতা৷ সেয়েহে জিলা আযুক্তসকলৰ সৈতে কথা পাতি উক্ত আন্দোলনৰ সৈতে যিমান বেছি সংখ্যক মানুহক জড়িত কৰিব পাৰি তাৰ বাবে ব্যৱস্থা ল’বলৈ আজি আহ্বান জনোৱা হৈছে৷ আনহাতে আজি সন্ধিয়া চন্দ্ৰত চন্দ্ৰযানৰ অবতাৰণৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলক উপস্থিত থকাৰ বিষয়টোকলৈ মুখ্যমন্ত্ৰীজনে কালি জিলা উপায়ুক্তসকলৰ সৈতে আলোচনা কৰিছে৷ এইক্ষেত্ৰত ৰাজ্যৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে৷ লগতে চৰকাৰী কাৰ্যালয়সমূহতো চন্দ্ৰযানৰ চন্দ্ৰপৃষ্ঠত অবতাৰণৰ মুহূৰ্তটো লাইভযোগে প্ৰদৰ্শন কৰোৱা হ’ব৷ এইক্ষেত্ৰত ইউটিউব, ফেচবুকৰ জৰিয়তে কি কি ব্যৱস্থা ল’ব পাৰি তাকলৈ তেওঁ জিলা আয়ুক্তসকলৰ সৈতে আলোচনা কৰে৷ আনহাতে ভাৰতৰ চন্দ্ৰ অভিযান সফলতা লাভ কৰিব পাৰিলে অসমত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে৷ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত ৰাজ্যখনত উপ-জিলা গঠনৰ প্ৰক্ৰিয়াৰ কামো আগবঢ়াই থকা হৈছে বুলি জনাই মুখ্যমন্ত্ৰীয়ে কয় যে সেই সন্দৰ্ভতো কালি জিলা আযুক্তসকলৰ সৈতে থুলমূলকৈ আলোচনা কৰা হৈছে৷  আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি সম্পাদিত হলে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা [স্বাধীন]ৰ সৈতেও শান্তি আলোচনাৰ বাট মুকলি হ’ব৷ কাৰণ আলফা [স্বাধীন]ৰ সেনাধ্যক্ষজনে খোদ আলোচনাপন্থী আলফাৰ সৈতে হ’বলগীয়া চুক্তিৰ ৰূপৰেখা চাইহে পৰবৰ্তী সিদ্ধান্ত ল’ব৷ কালি নতুন দিল্লীত সাংবাদিকৰ আগত অতি গুৰুত্বপূৰ্ণ এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীজনে লগতে এয়াও জনাই দিয়ে যে পৰেশ বৰুৱাৰ গোটটোয়ে আলোচনাপন্থী আলফৰ সৈতে একেলগে শান্তি আলোচনাত অংশ ল’ব বিচৰা নাই৷ আনহাতে আলোচনাপন্থী আলফাৰ দাবী চনদৰ অন্যতম স্বৰূপ অসমীয়াৰ ৰাজনৈতিক আৰু সাংবিধানিক সুৰক্ষাৰ বিষয়টো ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে সমাধা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকৰ আগত দাবী কৰি কয় যে আলফাৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া বহুদূৰ আগবাঢ়ি গৈছে তথা ইতিবাচক দিশেই আগবাঢ়িছে৷ বিষয়টো কেন্দ্ৰীয় চৰকাৰে যথেষ্ট গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে তথা আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ যত্ন কৰিছে৷ পিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই প্ৰকাশ কৰা মতে খুব কম দিনৰ ভিতৰত শান্তি চুক্তি সম্পাদিত হোৱাৰ বিষয়টোত শংকা ব্যক্ত কৰি মুখ্যমন্ত্ৰীজনে কয় যে শান্তু চুক্তিৰ সৈতে আনুষাংগিক বহুতো বিষয় সোমাই আছে৷ আলফাৰ অন্যতম দাবী হিচাপে অসমীয়াৰ ৰাজৈনিতক তথা সাংবিধানিক অধিকাৰৰ বিষয়টো আছে৷ পিছে অসমীয়াৰ সংজ্ঞাটো এতিয়ালৈকে নিৰ্ধাৰিত হোৱা নাই৷ সেয়েহে বিষয়টোৰ সৈতে বহুতো কাগজপাতিৰ কথা আহি যায় বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে৷ অসমত বহুতো সমস্যা থকাৰ কথা দোহাৰি তেওঁ কয় যে সকলো সমস্যাৰ সমাধান হ’ব৷ কিন্তু লাহে লাহে হ’ব৷ যেনেদৰে বড়ো, কাৰ্বিসকলৰ সমস্যা সমাধান কৰা হৈছে ঠিক তেনেদৰেই আলফা সমস্যাৰো সমাধান হ’ব৷