Logo
image

গলব্লাডাৰ ষ্টন হ’লে এইখিনি কৰক

খাদ্যভাসৰ পৰিৱৰ্তন, শাৰীৰিক পৰিশ্ৰমৰ অভাৱৰ বাবে গলব্লাডাৰ ষ্টনৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ বিশেষকৈ বয়সীয়াল লোকৰ ক্ষেত্ৰত এই সমস্যাই বেছিকৈ দেখা দিয়ে৷ ভেজাল খাদ্য জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে কম বয়সীয়া লোকো এই সমস্যাৰ সন্মুখীন হৈছে৷ পুৰুষৰ তুলনাত মহিলাৰ এই সমস্যা বেছিকৈ হোৱা দেখা যায়৷ ইয়াৰ কাৰণ হ’ল মহিলাৰ দেহত হোৱা হৰমনৰ তাৰতম্য৷

সাধাৰণতে পিত্তত সঞ্চিত হৈ থকা পিত্ত ৰসৰ ৰাসায়নিক ভাৰসাম্যহীনতাৰ বাবে এই ৰসত থকা কলেষ্ট্ৰেৰল পিত্তাশয়ত জমা হ’বলৈ ধৰে৷ দীৰ্ঘদীন ধৰি এই দৰে জমা হোৱাৰ ফলত গল ব্লাডাৰ ষ্টনৰ সৃষ্টি হয়৷ 

[১] গলব্লাডাৰ ষ্টন হ’লে প্ৰথমেই ৰোগ নিৰ্ণয়ৰ বাবে যাৱতীয় পৰীক্ষা সম্পূৰ্ণ কৰিব লাগে৷ বিশেষকৈ আলট্ৰাছ’ন’গ্ৰাফী এইক্ষেত্ৰত বেছি উপযোগী৷

[২] গলব্লাডাৰ ষ্টন হ’লে শল্য চিকিৎসাৰ বিকল্প নাই৷

[৩] গল ব্লাডাৰ ষ্টনৰ পৰা হাত সাৰিবলৈ বিশেষভাৱে খাদ্যগ্ৰহণত সাৱধান হোৱা উচিত৷ 

[৪] সময়মতে খোৱা-শোৱা আদি নকৰিলে এই সমস্যা বৃদ্ধি পায়৷ সেয়েহে দৈনিক ৰুটিন মানি চলিব লাগে৷ 

[৫] প্ৰচুৰ পৰিমাণে সতেজ শাক-পাচলি, ফলমূল আদি খাব লাগে৷

[৬] গলব্লাডাৰ ষ্টনত আক্ৰান্ত হ’লে প্ৰচুৰ পৰিমাণে পানী খাব লাগে৷ 

[৭] তৈলজাত খাদ্য এৰাই চলিব লাগে৷ বিশেষ চৰ্বিযুক্ত খাদ্য এৰাই চলিব লাগে৷ 

[৮] শৰীৰ চৰ্চা নিয়মীয়াকৈ কৰিলে গলব্লাডাৰ ষ্টনৰ পৰা হাত সাৰিব পাৰি৷

[৯] বজাৰত সহজলভ্য খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে৷ 

[১০] আঁহজাতীয় খাদ্য নিয়মীয়াকৈ খাব লাগে৷ 

[১১] গলব্লাডাৰ ষ্টনত আক্ৰান্ত হ’লে প্ৰচুৰ পৰিমাণে কল খাব লাগে৷ কলত থকা মেগনেচিয়ামে শৰীৰ কলেষ্টেৰল নিয়ন্ত্ৰণ ৰাখি পাথৰ হোৱাত বাধা দিয়ে৷ 

[১২] গলষ্টন হ’লে তেতেলি খোৱাৰ পৰা বিৰত থাকিব লাগে৷