Logo
image

দুৰ্ঘটনাতেই মৃত্যু জোনমণিৰ! প্ৰায় নিশ্চিত হৈ তদন্ত সামৰিছে চিবিআয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ আগষ্টঃ দুৰ্ঘটনাতেই মৃত্যু হৈছিল এছআই জোনমণি ৰাভাৰ!দীঘলীয়া তদন্তৰ অন্তত প্ৰায় নিশ্চিত হৈছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআই৷ নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বিগত ১৬ মে’ৰ পুৱতি নিশা জখলাবন্ধাত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুক কেন্দ্ৰ কৰি ৰুজু কৰা মুঠ চাৰিটা গোচৰৰ তদন্তৰ অন্তিম পৰ্যায়ত উপনীত হৈছে চিবিআই৷ এছ আই জোনমণিৰ মৃত্যুৰ পূৰ্বে উত্তৰ লখিমপুৰ থানাত ৰুজু হোৱা ১৮৩/২০২৩ নম্বৰৰ গোচৰটোৰ মঙলবাৰে অভিযোগনামা দাখিল কৰে তদন্তকাৰী সংস্থাটোৱে৷ জোনমণি ৰাভাই ৬ মে’ৰ নিশা লখিমপুৰৰ নাওবৈচাৰ আজগৰ আলীক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগত মাতৃ আমিনা খাতুনে এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰত উল্লেখ  কৰা মতে জোনমণি ৰাভাই আজগৰক অপহৰণ কৰি মুক্তিৰ বাবদ ৬ লাখ টকা আদায় কৰিছিল৷ ইয়াৰে ৮০ হাজাৰ টকা এছ আই জোনমণিৰ লগত অহা ৰিয়াজুল ইছলাম নামৰ লোকজনৰ নামত থকা ইউপিআই একাউণ্টত হস্তান্তৰ কৰা বুলিও অভিযোগ কৰিছিল৷ আমিনা খাতুনৰ এই অভিযোগৰ ভিত্তিতে উত্তৰ লখিমপুৰ থানাই ১৫ মে’ত ভাৰতীয় দণ্ডবিধিৰ ১২০[বি]/৩৯৫/৩৯৭/৩৪২/৩৮৭ ধাৰাত ১৮৩/২৩ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছিল৷ এই গোচৰটোত লখিমপুৰ আৰক্ষীয়ে অভিযুক্ত কৰিছিল ৮জন লোকক৷ তেওঁলোক আছিল ক্ৰমে– এছআই জোনমণি ৰাভা, নুৰ মহম্মদ ওৰফে কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আতাবুৰ ৰহমান, নজৰুল ইছলাম আৰু ৰিয়াজুল ইছলামক৷ লক্ষণীয়ভাৱে এই গোচৰটো পঞ্জীয়ন হোৱাৰ কিছু সময়ৰ পাছতেই ১৬ মে’ৰ পুৱতি নিশা জখলাবন্ধাত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল অভিযুক্ত এছআই জোনমণি ৰাভাৰ৷ উত্তৰ লখিমপুৰ থানাৰ গোচৰটোত অভিযোগ উঠিছিল যে নগাঁৱৰ মৰিকলং থানাৰ অ’চি জোনমণি ৰাভাই জালনোটৰ গোচৰৰ তদন্তৰ বাবে লখিমপুৰত আজগৰ আলীৰ ঘৰত অভিযান চলাইছিল৷ কিন্তু জোনমণিয়ে নকল সোণ-জালনোট বেপাৰীক লগত লৈ চলোৱা অভিযানৰ নামত আজগৰ আলী নামৰ অভিযুক্তটোকে অপহৰণ কৰি পৰিয়ালৰ লোকৰ পৰা ধন দাবী কৰিছিল৷ লক্ষণীয়ভাৱে উত্তৰ লখিমপুৰ থানাৰ উক্ত ১৮৩/২০২৩ নম্বৰৰ গোচৰটোক চিবিআয়ে ৯৬/২০২৩ নম্বৰত নতুনকৈ পঞ্জীয়ন কৰিছিল৷ মঙলবাৰে এই গোচৰটোৰ আদালতত অভিযোগনামা দাখিল কৰে চিবিআয়ে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে এজাহাৰত এছআই জোনমণি ৰাভাসহ মুঠ ৮জনক অভিযুক্ত কৰা হৈছিল যদিও চিবিআয়ে মুঠ ৪জনকহে অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰিছে৷ চিবিআইৰ তদন্তকাৰী বিষয়া বিপিন গেহলটে দাখিল কৰা প্ৰায় ৪০০ পৃষ্ঠাৰ অভিযোগনামাখনত অভিযুক্ত কৰিছে নুৰ মহম্মদ ওৰফে কালিয়া, ৰিয়াজুল ইছলাম, আজিমুদ্দিন ওৰফে আজিজুৰ আৰু মজিবুৰ ৰহমানক৷ অৱশ্যে, অভিযোগনামা দাখিল কৰা অভিযুক্ত মজিবুৰ ৰহমানৰ নাম মূল এজাহাৰত উল্লেখ কৰা নাছিল৷ তদুপৰি চিবিআয়ে অভিযোগনামাত দিলদাৰ হুছেইন, মুক্তাৰ হুছেইন, মুস্তাক আহমেদ আৰু নজৰুল ইছলামৰ নাম উল্লেখ কৰিছে যদিও তেওঁলোকক অভিযুক্ত কৰা নাই৷ বৰ্তমান আটাইকেইটা অভিযুক্ত ন্যায়িক জিম্মাত কাৰাবন্দী হৈ আছে৷ অৱশ্যে এই গোচৰটোৰ উপৰি জালনোটৰ সন্দৰ্ভত প্ৰথমটো গোচৰ ৰুজু কৰিছিল মৰিকলং টাউন আৰক্ষী চকীয়ে৷ জোনমণি ৰাভাৰ অভিযোগৰ ভিত্তিতে জালনোটৰ বেপাৰত জড়িত থকাৰ অভিযোগত ৰছিদুল হুছেইন, ফাইজুল ইছলাম, হামেদ আলী, হাফিজুৰ আলী, সাহা আলী, অন্নৰ হুছেইন, আইনুল আলী, জহিৰুল ইছলাম আৰু অকজৰ আলীৰ বিৰুদ্ধে ৪৪৩/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ এই গোচৰটো সংক্ৰান্ততে শীৰ্ষ বিষয়াক অৱগত নকৰাকৈ এছআই জোনমণি ৰাভাই উত্তৰ লখিমপুৰত অভিযান চলোৱাৰ অভিযোগ উঠিছিল৷ চিবিআইৰ এই গোচৰটোৰ তদন্তকাৰী বিষয়া হৈছে পৰিদৰ্শক দেৱজিৎ সিং৷ লক্ষণীয়ভাৱে ১৬ মে’ৰ পুৱতি নিশা জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত জখলাবন্ধা থানাত ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৪২৭/৩০৪ [এ] ধাৰাত ৮৪/২০২৩ নম্বৰত এটা গোচৰ ৰুজু হোৱাৰ বিপৰীতে জোনমণিৰ মাতৃৰ এজাহাৰৰ ভিত্তিত জখলাবন্ধা থানাত আইপিচি ১২০[বি]/৩০২/৩৪ ধাৰাত ৮৭/২০২৩ নম্বৰত আন এটা গোচৰো ৰুজু কৰা হৈছিল৷ আটাইকেইটা গোচৰৰ তদন্ত তথা দুৰ্ঘটনাস্থলী পৰিদৰ্শনকাৰী ফৰেনছিক এক্সপাৰ্টৰ প্ৰতিবেদনৰ ভিত্তিত জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাজনিত বুলিও প্ৰায় নিশ্চিত হৈছে চিবিআই৷ শীঘ্ৰে জোনমণিৰ মৃত্যুৰ সন্দৰ্ভতþ জখলাবন্ধা থানাত ৰুজু হোৱা ৮৪/২০২৩ নম্বৰৰ গোচৰটোৰ অভিযোগনামা দাখিল কৰিব বুলি চিবিআইৰ তদন্তকাৰী বিষয়া ডিএছপি মহিন্দৰ ৰামে জানিবলৈ দিছে৷