Logo
image

চন্দ্ৰযান নামিল, এতিয়া অমিত শ্বাহে সাক্ষাৎ দিব! আশা ৰাজেন গোহাঁইৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্টঃ কেবিনেট মৰ্যাদা ত্যাগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰচণ্ড বাক্যবাণেৰে এক প্ৰকাৰে বিদ্ৰোহ ঘোষণা কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে৷ এই বিদ্ৰোহৰ অগনি দিল্লীৰ বিজেপিৰ হাইকমাণ্ড পৰ্যন্ত গৈ পাইছিল৷ ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আমন্ত্ৰণ মৰ্মে তেওঁৰ সাক্ষাতৰ বাবে দেওবাৰে বিয়লিৰ পৰা নাটকীয়ভাৱে  নতুন দিল্লীৰ অসম ভৱনত বোন্দাপৰ দি আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে৷ কালি চন্দ্ৰযান সুকলমে চন্দ্ৰ ভূমিত নমাতহে যেন বিদ্ৰোহী ৰাজেন গোহাঁইয়েও সকাহ পাইছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দলীয় হাইকামাণ্ডৰ ৰোষত পৰা বিজেপিৰ প্ৰাক্তন সভাপতিজনক দেওবাৰেই অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰা ফোন কৰি দিল্লীলৈ তলব কৰিছিল৷ দিল্লী যাত্ৰাৰ পূৰ্বে ৰাজেন গোহাঁয়ে নিজেই সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰিছিল৷ সোমবাৰে অমিত শ্বাহৰ কাৰ্যালয়ত তেওঁ হাজিৰ হ’ব লাগিব বুলিও কৈ গৈছিল৷ কিন্তু যোৱা দেওবাৰৰ পৰা চাৰিদিন অসম ভৱনত বাহৰ পাতি অমিত শ্বাহৰ সাক্ষাতৰ বাবে বোন্দাপৰ দিয়াৰ পাছতো ৰাজেন গোহাঁইক সাক্ষাতৰ বাবে মাতি নপঠালে অমিত শ্বাহে৷ অথচ আন চৰকাৰী কাৰ্যসূচীত ব্যস্ত থাকিল অমিত শ্বাহ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও চাৰিদিন দিল্লীত কটায় কালি আহি গুৱাহাটী পালেহি৷ কাৰ্যতঃ দিল্লীলৈ শেনটোৰ গৈ ফেঁচাটোৰ দৰে অৱস্থা হোৱা ৰাজেন গোহাঁইৰ এতিয়া শেষ আশা চন্দ্ৰযানৰ সফল লেণ্ডিঙত৷ চন্দ্ৰযানৰ সফলতাৰ পাছত অমিত শ্বাহে তেওঁক সাক্ষাতৰ সময় দিব পাৰিব বুলি আশা ব্যক্ত কৰি সাংবাদিকৰ আগত ৰাজেন গোহাঁয়ে ক’লে–‘চন্দ্ৰযান নামিল, এতিয়াহে অমিত শ্বাহে সাক্ষাৎ দিব৷’