Logo
image

‘ফটো ভাইৰেলৰ বাবে নহয়, মই আত্মহত্যা কৰিব লাগিব টকাৰ বাবে’

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ আগষ্টঃ হঠাৎ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহণনৰ ঘটনাই লৈছে নতুন পাক৷ ফটো ভাইৰেলৰ বাবে নহয়, চাকৰি বজাৰৰ ধনৰ লেনদেনৰ বাবেহে আত্মহত্যাৰ পথ বাছি লৈছিল ইন্দ্ৰাণী তহবিলদাৰে৷ বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত এইবাৰ নতুন ভাষ্য প্ৰদান কৰিছে অভিযুক্ত বিজেপি নেতা অনুৰাগ চলিহাই৷ ইন্দ্ৰাণীৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বিজেপি নেতা তথা দালাল অনুৰাগ চলিহাক এইবাৰ চাকৰিৰ বজাৰ চলোৱাৰ গোচৰত নতুনকৈ গ্ৰেপ্তাৰ কৰি পুনৰ ৭ দিনৰ জিম্মাত লৈছে চানমাৰি আৰক্ষীয়ে৷ ধৃত অনুৰাগ চলিহাৰ সৈতে শোৱনী কোঠাৰ অন্তৰংগ মুহূৰ্তৰ এখন গোপন ফটো ভাইৰেল হোৱাৰ  বাবেই কিষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যাৰ পথ বাছি লোৱা বুলি অভিযোগ উঠিছিল৷ ইন্দ্ৰাণীৰ স্বামী ৰিতেশ তহবিলদাৰে দিয়া এজাহাৰৰ ভিত্তিত চানমাৰি আৰক্ষীয়ে ৰুজু কৰা ৩১৮/২৩ নম্বৰৰ গোচৰটোত শিৱসাগৰৰ ডিমৌত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল অনুৰাগক৷ এই গোচৰটোত ইতিমধ্যে অনুৰাগ চলিহাৰ উপৰি বিজেপি নেতা দ্বিপন ডেকা, ৰেখান্ত দাস, আৰএছএছ কৰ্মী তথা অধ্যাপক অসীম চক্ৰৱৰ্তীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বুধবাৰে এই গোচৰটোত জিম্মাৰ ম্যাদ অন্ত পৰাত চাকৰি কেলেংকাৰিৰ সন্দৰ্ভত চানমাৰি থানাত ৰুজু হোৱা ৩২৫/২৩ নম্বৰৰ দ্বিতীয়টো গোচৰটোত অনুৰাগ চলিহাক নতুনকৈ গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাই পুনৰ জ্জ দিনৰ জিম্মাত লৈছে তদন্তকাৰী আৰক্ষীয়ে৷ চানমাৰি থানাত এই গোচৰটো ৰুজু কৰিছে এজন ভুক্তভোগী প্ৰাৰ্থীয়ে৷ প্ৰাৰ্থীজনে এজাহাৰত উল্লেখ কৰা মতে চাকৰিৰ নামত অনুৰাগ চলিহা আৰু ইন্দ্ৰাণী তহবিলদাৰে তেওঁৰ পৰা লৈছিল ৪ লাখ টকা৷ গোচৰটোৰ সন্দৰ্ভত আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি ধৃত অভিযুক্ত অনুৰাগ চলিহাই জেৰাত বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে৷ অনুৰাগে দাবী কৰিছে আত্মহত্যাৰ এঘণ্টাৰ পূৰ্বে ইন্দ্ৰাণীৰ সৈতে কথা হৈছিল অনুৰাগৰ৷ অনুৰাগলৈ ইন্দ্ৰাণীয়ে নিজেই সেই ফোন কৰিছিল৷ অনুৰাগক ইন্দ্ৰাণীয়ে কৈছিল– ‘মই ফটোখন ভাইৰেল হোৱাৰ বাবে আত্মহত্যা নকৰোঁ, মই আত্মহত্যা কৰিম চাকৰিৰ ধনৰ লেনদেনৰ বাবেহে৷’ আৰক্ষীৰ দাবী চাকৰিৰ নামত কোটিৰ ঘৰত ধন সংগ্ৰহ কৰিছিল ইন্দ্ৰাণী তহবিলদাৰ আৰু অনুৰাগ চলিহাই৷ যিসকল প্ৰাৰ্থীয়ে চাকৰিৰ বাবে ধন দিছিল, সেইসকলে চাকৰি লাভ নকৰাত হেঁচা দিছিল দুয়োকে৷ জেৰাত অনুৰাগে স্বীকাৰ কৰিছে যে প্ৰতিজন প্ৰাৰ্থীৰ পৰা চাকৰিৰ নামত ৩ লাখ টকাকৈ দুয়োৱে সংগ্ৰহ কৰিছিল৷ ইয়াৰে আঢ়ৈ লাখ টকা হেনো ওপৰৰ মহলত দিব লাগে বুলি কৈছিল ইন্দ্ৰাণীয়ে৷ বাকী ৫০ হাজাৰ ভাগ হৈছিল ইন্দ্ৰাণী আৰু অনুৰাগ মাজত৷ চাকৰি বজাৰৰ ক’লা টকাৰে দুয়োৱে ক্ৰয় কৰিছিল বিলাসী বাহন৷ ইন্দ্ৰণীয়ে ক্ৰয় কৰিছিল গ্ৰেণ্ড ভিটাৰা আৰু অনুৰাগে ক্ৰয় কৰিছিল স্ক’ৰপিঅ’ বাহন৷ ইফালে, আৰক্ষীৰ জিম্মাত থকা জে’ল ফেৰৎ দ্বিবন ডেকাৰ দাবী– ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে৷ বাৰে বাৰে সমগ্ৰ ঘটনাৰ পৰা সাৰি যায় ৰৌ-বৰালি৷ অৱশ্যে, বিবাহ বিচ্ছেদ অবিহনে দ্বিতীয় বিবাহ কৰোৱাৰ সন্দৰ্ভত প্ৰথমা পত্নীয়ে দিয়া গোচৰটোত দ্বিবন ডেকাৰ ভাষ্য সংগ্ৰহ কৰে পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে৷ ইফালে, অনুৰাগ চলিহাৰ পৰা মোবাইল কাঢ়ি অনা ঘটনাৰ মূল অভিযুক্ত ভেৰণীয়া গুণ্ডা অভিমন্যু দাস আৰু কুলদীপ দাস বৰ্তমানেও পলাতক৷ অভিমন্যু দাসক গ্ৰেপ্তাৰত ব্যৰ্থ হোৱাত এতিয়া মহানগৰ আৰক্ষীয়ে স্বভাৱগতভাৱে অভিমন্যুৰ পিতৃ-মাতৃৰ ওপৰত হেঁচা আৰম্ভ কৰিছে৷ বুধবাৰে পুৱতি নিশা চানমাৰি আৰক্ষীৰ এটা দলে নাৰেংগীৰ বোন্দাৰ চপাইদাঙত থকা অভিমন্যু দাসৰ বাসগৃহত অভিযান চলায়৷ আৰক্ষীৰ দলটোৱে অভিমন্যুৰ পিতৃ-মাতৃক পুত্ৰক আৰক্ষীৰ ওচৰত ধৰা দিবলৈ বাধ্য কৰোৱাৰ বাবে ভয়-ভাবুকি দিয়াৰো অভিযোগ উঠিছে৷ লক্ষণীয়ভাৱে সোমবাৰে নিশাৰে পৰা মহানগৰ আৰক্ষীয়ে নলবাৰী আৰু গুৱাহাটীত অভিযান চলাই অসীম চক্ৰৱৰ্তীৰ ঘৰৰ পৰা ৪২খন এডমিট কাৰ্ড আৰু অনুৰাগ চলিহাৰ ভাৰাঘৰৰ পৰা ৫০খন এডমিট কাৰ্ড জব্দ কৰে৷ শীঘ্ৰে আৰক্ষীয়ে এডমিট কাৰ্ডত নাম থকা প্ৰাৰ্থীসকলক জেৰা কৰিব বুলিও জানিবলৈ দিছে৷ ইফালে, অনুৰাগ চলিহাই চাকৰিৰ নামত ৪০ লাখ টকা লোৱা বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাই চানমাৰি থানাত এজাহাৰ দিছিল যদিও সেই এজাহাৰৰ বৰ্তমানেও পঞ্জীয়ন কৰা নাই আৰক্ষীয়ে৷ চাকৰি কেলেংকাৰিত জড়িত বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাকো গ্ৰেপ্তাৰৰ ইংগিত দিছে তদন্তকাৰী আৰক্ষীয়ে৷ আনহাতে, ফটো ভাইৰেলত নাম সাঙোৰ খাই পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ভৱেশ কলিতাক বিজেপিৰ শীৰ্ষ নেতা হোৱাৰ বাবেই আৰক্ষীয়ে ৰেহাই দিলে বুলিও অভিযোগ উঠিছে৷ ইফালে, ফটো ভাইৰেল-কাণ্ডত গ্ৰেপ্তাৰ হোৱা নলবাৰী সংস্কৃত কলেজৰ অধ্যাপক অসীম চক্ৰৱৰ্তীক বুধবাৰে চাকৰিৰ পৰা নিলম্বন কৰে শিক্ষা বিভাগে৷