Logo
image

৭ ছেপ্টেম্বৰত ভাৰতলৈ জ’ বাইডেন

‘আমাৰ অসম’ বিশেষ সেৱা, নতুন দিল্লী, ২৪ আগষ্টঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৭ ছেপ্টেম্বৰত ভাৰত ভ্ৰমণ কৰিব৷ তেওঁ ৮-১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ৰ শিখৰ সন্মিলনত ভাগ ল’ব৷ হোৱাইট হাউছৰ দ্বাৰা মঙলবাৰে এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হয়৷ জি-২০ৰ শিখৰ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে স্বচ্ছ শক্তি পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তন, ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ আৰু বিশ্ববেংকৰ লগতে বহুপাক্ষিক বিকাশ বেংকৰ ক্ষমতা বৃদ্ধিৰ বৈশ্বিক বিষয়বোৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত ভাগ ল’ব৷ ৰাষ্ট্ৰপতি বাইডেন আৰু জি-২০ দেশৰ নেতাসকলে বৈশ্বিক বিষয়সমূহৰ সমাধানৰ বাবে প্ৰয়োজনীয় উমৈহতীয়া প্ৰচেষ্টাৰ সন্দৰ্ভতো আলোচনা কৰিব৷ জি-২০ৰ সভাপতিত্ব কৰা বাবে হোৱাইট হাউছে ভাৰতক প্ৰশংসা কৰে৷ ৰাষ্ট্ৰপতি বাইডেনে দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শিখৰ সন্মিলনতে প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ সভাপতিত্বক প্ৰশংসা কৰিব বুলিও হোৱাইট হাউছে বিবৃতিত প্ৰকাশ কৰে৷ জি-২০ৰ শিখৰ সন্মিলনতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ সন্দৰ্ভত নিজা মত ৰাখিব৷ উল্লেখ্য, ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে জি-২০ৰ সভাপতিত্বৰ দায়িত্ব লাভ কৰিছিল৷ তাৰ পাছতে দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানত জি-২০ৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷