Logo
image

টোপনি নাহে? এইবিধ চাহৰ সহায় লওক

টোপনি নোহোৱা সমস্যাটো অতি অস্বস্তিকাৰক৷ এই সমস্যাত যিসকলে ভোগে তাৰ যন্ত্ৰণা তেওঁলোকেহে বুজে৷ মন অস্থিৰ হৈ থাকিলে টোপনি নোহোৱা সমস্যা হয়৷ মন অস্থিৰ হোৱাৰ অন্যতম কাৰণ হৈছে মানসিক চাপ৷ মানসিক চাপত থাকিলে টোপনি নোহোৱাটো স্বাভাৱিক৷ পিছে সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ’লে ঠিকমতে টোপনি হ’বই লাগিব৷ টোপনিৰ অভাৱ হোৱাৰ লগে লগে বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷

উদ্বেগ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মিনাৰেলৰ অভাৱ আদিয়ে টোপনি নোহোৱা সমস্যাৰ সৃষ্টি কৰে৷ এনেকুৱা হ’লে বহুতে টোপনিৰ ঔষধ খাবলৈ আৰম্ভ কৰে৷ পিছে সঘনাই টোপনিৰ ঔষধ খালে পাছলৈ হিতে বিপৰীত হোৱাৰ আশংকা থাকে৷

স্বাস্থ্য বিশেষজ্ঞসকলে টোপনিৰ ঔষধ নোখোৱাকৈ কেনেকৈ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায় তাৰ এক উপায় উল্লেখ কৰিছে৷ তেওঁলোকে টোপনি হ’বলৈ এবিধ বিশেষ চাহ খোৱাৰ পৰামৰ্শ আগবঢ়াইছে৷ এইবিধ চাহ কলৰ পৰা প্ৰস্তুত কৰা হয়৷ উল্লেখ কৰা হ’ল কেনেদৰে কলৰ চাহ প্ৰস্তুত কৰিব–

কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম আৰু মেগনেছিয়াম থাকে৷ এই দুবিধ উপাদানে টোপনি অহাত সহায় কৰে৷ কলে পেশী আৰু ৰক্তনলীৰ পৰা কৰতিচল হৰম’নৰ বেয়া প্ৰভাৱ নাইকিয়া কৰে৷

ডালচেনিত প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ উপাদান থাকে৷ কল চাহ প্ৰস্তুত কৰোঁতে ডালচেনিৰ ব্যৱহাৰ অপৰিহাৰ্য৷ ডালচেনিয়ে হজম শক্তি বৃদ্ধি কৰে৷ লগতে পেশীসমূহক শিথিল কৰাত সহায় কৰে৷

ডালচেনি আৰু কলৰ সৈতে পানী মিহলালে শৰীৰৰ ৰেচন প্ৰক্ৰিয়া ভালে থকাত সহায়ক হয়৷

এটা পাত্ৰত পানী লৈ তাত কল টুকুৰা-টুকুৰকৈ কাটি লওক৷ দহমিনিট সময়ৰ বাবে উতলাওক৷ ইয়াৰ পাছত কল উতলোৱা পানীখিনি এটা কাপত লৈ তাত সামান্য পৰিমাণৰ ডালচেনি মিহলাওক৷ বিছনালৈ যোৱাৰ এঘণ্টা পূৰ্বে এই চাহ পান কৰক৷ দেখিব লাহে লাহে টোপনিৰ সমস্যা নোহোৱা হ’বলৈ আৰম্ভ কৰিছে৷