Logo
image

ধেমাজিৰ শিশুবধৰ বাবে কোনো দায়ী নহয়

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ আগষ্টঃ ২০০৪ চনৰ ১৫ আগষ্ট৷ ধেমাজি মহাবিদ্যালয়ত পুৱা দেশৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত অংশ লোৱাৰ সময়তে পেৰেডস্থলীত সংঘটিত বোমা বিস্ফোৰণত নিমিষতে প্ৰাণ হেৰুৱাইছিল ১০টি ফুলকুমলীয়া শিশুকে ধৰি মুঠ ১৩জন লোকে৷ অসমৰ ইতিহাসত আলফাই সংঘটিত কৰা এই বোমা বিস্ফোৰণে দেশ কঁপাই তুলিছিল৷ সেই সময়ত আলফাৰ লেঃ কামাণ্ডেণ্ট মৃণাল হাজৰিকাৰ নিৰ্দেশত আলফা      কেডাৰ ৰাশি ভৰালীয়ে ধেমাজিত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা বুলি অভিযোগ উঠিছিল৷ অৱশ্যে পলমকৈ হ’লেও আলফাৰ সেয়া ভুল সিদ্ধান্ত আছিল বুলি দায়িত্ব স্বীকাৰ কৰিছিল সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ অসমবাসীয়ে আশা কৰিছিল এই নৰহত্যাত জড়িত প্ৰতিজনেই কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব৷ দীৰ্ঘদিনীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ২০১৯ চনত ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে বোমা বিস্ফোৰণ-কাণ্ডৰ ৪ অভিযুক্ত ক্ৰমে যতীন দুৱৰী, মুহি সন্দিকৈ, লীলা গগৈ আৰু দীপাঞ্জলি বৰগোহাঁইক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে আন দুই অভিযুক্ত হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল৷ নিম্ন আদালতৰ এই শাস্তিৰ ৰায়ত নিহত শিশুকেইটাৰ দুৰ্ভগীয়া পিতৃ-মাতৃ তথা আত্মীয়ই সামান্য হ’লেও সন্তুষ্টি লাভ কৰিছিল যদিও অসম আৰক্ষীৰ বেপৰুৱা কৰ্মৰ বাবেই সেই সন্তুষ্টি চিৰস্থায়ী নহ’ল৷ কিয়নো ধেমাজি বিস্ফোৰণ-কাণ্ডৰ তদন্তত স্মাৰ্ট অসম আৰক্ষীয়ে উপযুক্ত তথ্য-প্ৰমাণ দাখিল কৰিব নোৱৰাৰ বাবেই অৱশেষত গুৱাহাটী উচ্ছ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায় খাৰিজ কৰি আবেদনকাৰী পাঁচজন অভিযুক্তকে দোষমুক্ত ঘোষণা কৰিবলৈ বাধ্য হ’ল৷ অসম আৰক্ষীৰ তদন্তই আজি যেন কাৰ্যতঃ আদালতত প্ৰমাণ কৰিলে ধেমাজিৰ শিশু বধৰ বাবে কোনো দায়ী নহয়! বৃহস্পতিবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে হাইপ্ৰাফাইল গোচৰটোৰ ৰায় প্ৰদান কৰি আক্ষেপেৰে কয়– পৰিস্থিতিগত প্ৰমাণৰ বাবে কোনো সম্পৰ্কহীন সংযোগ, সন্দেহ-অনুমানৰ ভিত্তিত অভিযুক্তক দোষী সাব্যস্ত কৰিব নোৱাৰি৷ আশ্চৰ্যজনক বিষয়টো হৈছে ধেমাজি-কাণ্ডৰ তদন্তৰ নামত আৰক্ষীয়ে সাধাৰণ লোকক থানাৰ ভিতৰত মাৰপিট কৰি বলপূৰ্বকভাৱে বিস্ফোৰণ-কাণ্ডৰ সাক্ষী হিচাপে আদালতত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ ভয়ংকৰ তথ্যও উন্মোচন হৈছে৷ বোমা বিস্ফোৰণৰ ঘটনাটোৰ ৫৮জন সাক্ষী আছিল যদিও ৫৮জনেই অভিযুক্তকেইজনক দোষীসাব্যস্ত কৰিব পৰাকৈ কোনা তথ্য-প্ৰমাণ দিব নোৱাৰিলে৷ টেলিভিশ্বনৰ বাতৰিত বোমা বিস্ফোৰণৰ খবৰ লাভ কৰা ব্যক্তিকো আৰক্ষীয়ে বিস্ফোৰণস্থলীৰ সাক্ষী হিচাপে দেখুওৱাৰ চেষ্টা চলাইছিল৷ সন্দেহহীনভাৱে কোনো বিশ্বাসযোগ্য তথ্য-প্ৰমাণ আৰক্ষীৰ ফালৰ পৰা দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবে ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰা আৱেদনকাৰী পাঁচ  অভিযুক্তকে তাৎক্ষণিকভাৱে মুক্তি কৰি দিবলৈও নিৰ্দেশ দিয়ে উচ্ছ ন্যায়ালয়ে৷ উল্লেখ্য, নিম্ন আদালতে ধেমাজি বিস্ফোৰণ-কাণ্ডত দোষী সাব্যস্ত কৰা ৰায়ক প্ৰত্যাহ্বান জনাই দীপাঞ্জলি বৰগোহাঁই, লীলা গগৈ, যতীন দুৱৰী, মুহি সন্দিকৈ আৰু হেমেন গগৈয়ে ২০১৯ চনতে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ এম জোথাংখুমা আৰু ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ বিচাৰপীঠত চলা দীঘলীয়া শুনানিত স্পষ্ট হয় যে অভিযুক্তকেইজনক দোষী সাব্যস্ত কৰাৰ বাবে কোনো পতিয়নযোগ্য তথ্য-প্ৰমাণ দাখিলত আৰক্ষী তথা চৰকাৰী পক্ষ চৰম ব্যৰ্থ হয়৷ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা যতীন দুৱৰীয়ে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত বোমা সংস্থাপন কৰা বুলি অভিযুক্ত কৰা হৈছিল যদিও যতীন দুৱৰীয়ে খেলপথাৰখনত বোমা সংস্থাপনৰ বিষয়টো জ্ঞাত হোৱাৰ কোনো পতিয়নযোগ্য প্ৰমাণেই দাখিল কৰিব নোৱাৰিলে৷ আনকি যতীন দুৱৰীয়ে অপৰাধজনিত ঘটনাটোত জড়িত থকাৰ সন্দৰ্ভত দুজন সাক্ষীৰ পৰা ভিডিঅ’ ষ্টেটমেণ্ট লোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল যদিও আদালতত কোনো ৰেকৰ্ডেড কেচেট প্ৰদৰ্শন কৰিব পৰা নাছিল৷ তদুপৰি যতীন দুৱৰীয়ে আদালতত জৱানবন্দী সলনি কৰিছিল৷ আনহাতে, আলফাৰ ৪-৫ জনীয়া দলটোক আন এজন অভিযুক্ত হেমেন গগৈয়ে আশ্ৰয় দিয়া বুলি দাবী কৰি হেমেনৰ ঘৰৰ পৰা গামোচা, এখন নোটবুক আৰু এটা কলগেট জব্দ কৰা বুলি প্ৰকাশ কৰিলেও সেয়া আলফাই ব্যৱহাৰ কৰা সামগ্ৰী তথা সামগ্ৰীসমূহ বোমা বিস্ফোৰণৰে সম্পৰ্ক থকাৰ কোনো নিশ্চিত প্ৰমাণ দাখিলতো আৰক্ষী ব্যৰ্থ হয়৷ আনকি আলফা সদস্যকেইজনক হেমেন গগৈয়ে স্ব-ইচ্ছাই আশ্ৰয় আৰু খাদ্য যোগানৰো প্ৰমাণ দাখিলতো ব্যৰ্থ হ’ল আৰক্ষী৷ আনহাতে, নিম্ন আদালতে দোষী সাব্যস্ত কৰা মুহি সন্দিকৈ আৰু দীপাঞ্জলি বৰগোহাঁইৰ পৰা আলফাৰে যোগাযোগ কৰা মোবাইল ফোন জব্দ কৰা  বুলি দাবী কৰিছিল আৰক্ষীয়ে৷ কিন্তু মোবাইল ফোনত মুহি সন্দিকৈ আৰু দীপাঞ্জলি বৰগোহাঁইৰ মাজত বোমা বিস্ফোৰণৰ সন্দৰ্ভত কথা পতাৰ কোনো বাস্তৱ তথ্য-প্ৰমাণ দাখিল কৰিব পৰা নাছিল চৰকাৰী পক্ষই৷ উচ্ছ ন্যায়ালয়ে অভিযুক্তদ্বয়ক প্ৰমাণ অবিহনে এভিডেন্স এক্টৰ-৬বি ধাৰাত দোষী সাব্যস্ত কৰিব নোৱাৰি বুলিও স্পষ্ট কৰি দিয়ে৷ লক্ষণীয়ভাৱে আৰক্ষীয়ে নিজকে ‘ভৰালী’ বুলি পৰিচয় দিয়া এজন যুৱকে মোবাইল ফোনৰ চিম-কাৰ্ডৰ বাবে দুখন আবেদন-পত্ৰ অভিযুক্ত মুহি সন্দিকৈৰ হাতত দিবলৈ কোৱা বুলি এজন দোকানীক সাক্ষী সজাইছিল যদিও আদালতত সাক্ষীজনে তেনে কোনো সাক্ষ্য দিয়াৰ কথা অস্বীকাৰ কৰাৰ লগতে টিভিত বাতৰি দেখিহে বোমা বিস্ফোৰণৰ বিষয়ে অৱগত হোৱা বুলি সদৰী কৰিছিল৷ আনহাতে, ৩৬ নম্বৰ সাক্ষীজনে উল্লেখ কৰে যে আৰক্ষীয়ে তেওঁক থানাত মাৰপিট কৰি অভিযুক্তকেইজন চিনি পাওঁ বুলি জবানবন্দী লোৱা বুলিও ভয়ংকৰ অভিযোগ কৰিছিল৷ সাক্ষীজনে বোমা বিস্ফোৰণৰ সম্পৰ্কত কোনো কথাই অৱগত নহয় বুলিও শুনানিৰ সময়ত প্ৰতিপক্ষৰ অধিবক্তাৰ জেৰাত স্বীকাৰ কৰিছিল৷ আনহাতে, বোমা বিস্ফোৰণ-কাণ্ডত মুহি সন্দিকৈ এএছ-০৭-২৩৯৯ নম্বৰৰ এখন মাৰুতী গাড়ী ব্যৱহাৰ হোৱা দেখুৱাইছিল যদিও ঘটনাৰ সময়ত সেই গাড়ীখন প্ৰত্যক্ষ কৰা কোনো এজন সাক্ষীকে উপস্থাপন কৰিব নোৱাৰিলে আৰক্ষীয়ে৷ মুঠৰ ওপৰত আৰক্ষীৰ তদন্তৰ গাফিলতি ৰৈ যোৱাত আদালতত বিশ্বাসযোগ্য তথ্য-প্ৰমাণ দাখিলত ব্যৰ্থ হোৱাত ১০টিকৈ শিশুৰ প্ৰাণ কাঢ়ি নিয়া ধেমাজি বিস্ফোৰণ-কাণ্ডত দোষী সাব্যস্ত হোৱা আটাইকেইজনকে দোষমুক্ত ঘোষণা কৰে উচ্ছ ন্যায়ালয়ে৷

খং-ক্ষোভেৰে নিহতৰ আত্মীয়ই মানি ল’লে উচ্ছ ন্যায়ালয়ৰ ৰায়

‘আমাৰ অসম’ৰ ধেমাজিৰ প্ৰতিনিধিঃ সমগ্ৰ দেশকঁপোৱা ২০০৪ চনৰ ১৫ আগষ্টত [স্বাধীনতা দিৱস] ধেমাজি মহাবিদ্যালয়ৰ পেৰেডস্থলীত ভয়ংকৰ বোমা বিষ্ফোৰণৰে নিৰীহ লোকৰ তেজৰ ফাকু খেলা সেই ক’লা অধ্যায়ৰ আইনী প্ৰক্ৰিয়া প্ৰায় সমাপ্তি ঘটিছে৷ দেশৰ ইতিহাসত নোহোৱা-নোপোজা ঘটনা ঘটাই দহটি কণ কণ শিশু আৰু তিনিগৰাকী মহিলাসহ তেৰ নিৰীহৰ প্ৰাণ কাঢ়ি নিয়া সেই মচিব নোৱৰা অভাৱনীয় ঘটনাৰ ৰায়দান প্ৰক্ৰিয়া ১৫ বছৰৰ পাছত সম্পন্ন হয় যদিও সেই ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অভিযুক্তৰ আত্মীয়৷ আৰু গুৱাহাটী মহামান্য উচ্ছ ন্যায়ালয়ে আজি উক্ত ঘৃণনীয় বোমা-বিস্ফোৰণ কাণ্ডৰ লগত তথা অভিযুক্ত কেউজনকে দোষমুক্ত ঘোষণা কৰে৷ ইয়াৰ লগে লগে সেই ক’লা অধ্যায়ৰ আইনী প্ৰক্ৰিয়া প্ৰায় শেষ হোৱা বুলিব পাৰি৷ উল্লেখ্য, নিষিদ্ধঘোষিত সংগঠন আলফাৰ সহযোগত নিৰ্মম আৰু ভয়ংকৰ বোমা বিষ্ফোৰণ কাণ্ড সংঘটিত কৰা ১৪ অভিযুক্তৰ সাতজনক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে এজন পলাতক, ৪জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আৰু দুজনক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে৷ সেইসকলৰ ভিতৰত মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছিল৷ এক দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ২০১৯চনত ধেমাজি জিলা সত্ৰ ও ন্যায়াধীশৰ আদালতে প্ৰদান কৰা ৰায়দানত অসন্তুষ্ট হৈ অভিযুক্তৰ পৰিয়ালে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ যোৱা ২৪ জুলাইত গুৱাহাটী উচ্ছ ন্যায়ালয়ত গোচৰীয়া পক্ষৰ শুনানী সম্পন্ন হৈছিল যদিও ৰায়দান স্থগিত আছিল৷ কিন্তু সম্পূৰ্ণ এমাহৰ মূৰত আজি সেই শুনানীৰ চূড়ান্ত ৰায়দান কৰি অভিযুক্তসকলক দোষমুক্ত কৰে৷ উল্লেখ্য, ২০০৪চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পূৰ্বে সংঘটিত বোমা বিষ্ফোৰণত ১০টি ফুলকুমলীয়া শিশু ক্ৰমে সিদ্ধাৰ্থ টাইড, প্ৰদীপ্ত গগৈ, মনজিত গগৈ, গিৰিণ শইকীয়া, বিজিত সোণোৱাল, অৰুণা শইকীয়া, ৰূপা শইকীয়া,  দীনেশ পাদুন,  মানসী বৰগোহাঁই আৰু যুগান্ত পাদুন৷ একেদৰে তিনিগৰাকী নিহত মহিলা ক্ৰমে নমিতা গগৈ, ধনদা গগৈ [ দেউৰী ] আৰু চিত্ৰাৱতী দলে৷ লক্ষ্যণীয় বিষয় যে ধেমাজি জিলা সত্ৰও ন্যায়াধীশৰ আদালতৰ ৰায়ত সন্তুষ্টি প্ৰকাশ কৰা বোমা বিস্ফোৰণত নিহতৰ পৰিয়ালবৰ্গ তথা আত্মীয়ই আজি উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ত অসন্তুষ্ট হৈছে৷ এইক্ষেত্ৰত দায়িত্বপ্ৰাপ্ত আৰক্ষী বিষয়াই ন্যায়ালয়ত পতিয়নযোগ্য তথ্যপাতি যোগান ধৰিব নোৱাৰিলে বুলিয়েই ক্ষোভ আৰু হতাশাত ভাগি পৰিছে৷ উচ্ছ ন্যায়ালয়ৰ ৰায়ৰ পাছতে খঙে- ক্ষোভে মিয়ম্ৰাণ হৈ ধেমাজি বোমা বিস্ফোৰণ কি হোৱাই নাছিল নেকি বুলি প্ৰশ্ন কৰে নিহতৰ আত্মীয়ই৷ আনহাতে, পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি নিহতৰ পৰিয়ালবৰ্গই ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰি এয়া এক ৰাজনৈতিক চক্ৰান্ত বুলি অভিহিত কৰিছে নিহতৰ আত্মীয়ই৷ আনহাতে, ২০০৪চনৰ বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত ৰীমা পাংগিঙে উচ্ছ ন্যায়ালয়ৰ ৰায়দানৰ পাছত হতাশ হৈ ধেমাজিৰ সেই প্ৰাণঘাতী বোমা বিস্ফোৰণ প্ৰকৃততে কোনে কৰিছিল তাৰ উত্তৰ দিবলৈ চৰকাৰক আহ্বান জনায়৷

হতাশাত ভাঙি পৰিছে তেৰজনকৈ নিৰীহৰ পৰিয়াল-পৰিজন

‘আমাৰ অসম’ৰ ধেমাজিৰ বিশেষ প্ৰতিনিধিঃ সমগ্ৰ দেশ জোকাৰি যোৱা ২০০৪ চনৰ ১৫আগষ্টৰ ধেমাজিৰ বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান আজি ঘোষণা কৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ নিম্ন আদালতত দোষী সাব্যস্ত হোৱা সাতজন অভিযুক্তৰ ভিতৰত ছজনক দোষমুক্ত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ৷ এতিয়াও পলাতক আলফা নেতা ৰছিদ ভৰালী৷ প্ৰচণ্ড ক্ষোভ আৰু দোষেৰে আদালতৰ ৰায়দান মানি লৈও হতাশাত যেন ভাগি পৰিছে বোমা বিস্ফোৰণত নিজৰ আপোনজনক হেৰুওৱাই শোকাগ্ৰস্ত নিহতৰ পৰিয়ালবৰ্গ৷ ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে ২০১৯চনৰ ৪জুলাইত প্ৰদান কৰা ৰায়দানত একপ্ৰকাৰে সন্তুষ্টিলভা নিহতৰ পৰিয়ালবৰ্গই আজি উচ্ছ ন্যায়ালয়ৰ চূড়ান্ত ৰায়ৰ পাছত খঙে-ক্ষোভে মিয়ম্ৰাণ হৈ ধেমাজি বোমা বিস্ফোৰণ প্ৰকৃততে হোৱাই নাছিল নেকি বুলি প্ৰশ্ন কৰে? পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰে নৃশংস নাৰকীয় ঘটনাটোক লৈ কণমানো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি নিহতৰ পৰিয়ালবৰ্গই ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰে আৰু এয়া এক ৰাজনৈতিক চক্ৰান্ত বুলি অভিহিত কৰে নিহতৰ পৰিয়ালবৰ্গই৷ আনহাতে, বোমা বিস্ফোৰণটোত গুৰুতৰভাৱে আহত হৈ আজীৱন বিস্ফোৰণৰ দাগ কঢ়িয়াই লৈ ফুৰা ৰীমা পাংগিঙে উচ্ছ ন্যায়ালয়ৰ ৰায়দানৰ পাছত ধেমাজি বোমা বিস্ফোৰণ প্ৰকৃততে কোনে কৰিছিল তাৰ উত্তৰ দিবলৈ চৰকাৰক আহ্বান জনায়৷ হতাশ হৈ পৰা ৰীমা পাংগিঙৰ মতে, ৰাইজৰ বিশ্বাস-আস্থা জীয়াই থকাৰ বাবেই ২০০৪চনৰ ১৫আগষ্টৰ বোমা বিস্ফোৰণ কোনে কৰিছিল তাৰ উত্তৰ নিঃসন্দেহে ৰাইজে পোৱা উচিত বুলি মন্তব্য কৰে৷ ইপিনে ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক শৰ্মাই তদন্তকাৰী সংস্থাৰ চৰম গাফিলতিৰ বাবে ঘটনাৰ দোষী সাব্যস্ত নোহোৱাৰ অভিযোগ কৰে আৰু এই ৰায়দানে নাৰকীয় ঘটনাটোত নিহত হোৱা পৰিয়ালবৰ্গক আকৌ এবাৰ হত্যা কৰিলে বুলি কয়৷ জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা উজ্জ্বল চুতীয়াই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ ভূমিকা দুৰ্বল হোৱাৰ বাবেই দোষীয়ে শাস্তি লাভৰ পৰা ৰেহাই পালে বুলি ক্ষোভ উজাৰে৷ ঘটনাৰ ৰায়দানক লৈ স্বাভাৱিকতে ধেমাজিত দল-সংগঠন ৰাইজৰ মাজত অসন্তুষ্টি সৃষ্টি হৈছে৷ উল্লেখ্য, ২০০৪ চনৰ ১৫আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গাউণ্ডত সংঘটিত আলফাৰ নাৰকীয় বোমা বিস্ফোৰণৰ ঘটনাই ১৯বছৰ অতিক্ৰম কৰিলে আৰু সুদীৰ্ঘ দিনৰ মূৰত আজি ঘোষিত চূড়ান্ত ৰায়দানত আটাইকেইজন অভিযুক্তকে আদালতে দোষমুক্ত ঘোষণা কৰাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সমগ্ৰ বিশ্ব ইতিহাস চিৰদিনৰ বাবে কলংকিত কৰি ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গাউণ্ডত ২০০৪ চনৰ ১৫ আগষ্টত দেশৰ গৌৰৱোজ্জল ৫৮সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আলফাই সংঘটিত কৰিছিল এই ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা৷ সেইদিনা ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাবলৈ আহি নিদাৰুণ বোমা বিস্ফোৰণৰ ঘটনাত নিহত হৈছিল ধেমাজিৰ দহটি ফুলৰ দৰে নিষ্পাপ ১০টি শিশুসহ তিনিগৰাকী মহিলা৷ নিহত হৈছিল ১০টি দেৱতুল্য শিশু ক্ৰমে- প্ৰদীপ্ত গগৈ[মণ্টু], সিদ্ধাৰ্থ টাইড, দিনেশ পাদুন, গিৰীণ শইকীয়া, মনজিৎ গগৈ, যুগান্ত পাদুন, বিজিত সোণোৱাল, ৰূপা শইকীয়া, অৰুণা শইকীয়া[দুয়ো একেখন ঘৰৰ বাই-ভনী], মানসী বৰগোহাঁই আৰু তিনিগৰাকী মহিলা-বোৱাৰী ক্ৰমে- নমিতা গগৈ, চিত্ৰাৱতী দলে আৰু ধনদা গগৈ দেউৰী৷ লগতে বিস্ফোৰণটোত গুৰুতৰভাৱে আহত হৈছিল ৰীমা পাংগিং, লুনীমাধৱ দলেকে ধৰি ধেমাজিৰ বহুজন৷ যিসকলে আজিও শৰীৰত কঢ়িয়াই লৈ ফুৰিছে আঘাতৰ চিহ্ন৷ আজিও ধেমাজিবাসীৰ মনত ভাহি আহে সেই নৃশংস, অমানুষিক শোকাৱহ ঘটনাৰ কৰুণ দৃশ্যৰাজী৷ দেশৰ গৌৰৱোজ্বল ৫৮সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ বাবে সেইদিনা সাজু হৈছিল সকলো৷ ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে উপস্থিত হৈছিলহি ধেমাজিৰ তদানীন্তন উপায়ুক্ত মুকেশ চাহু৷ কিনকিনীয়া বৰষুণৰ মাজতে সমগ্ৰ পেৰেড গাউণ্ড লোকে লোকাৰণ্য হৈ পৰিছিল৷ পুৱা ৯বাজিবলৈ তেতিয়া মাত্ৰ কেইমিনিটমান বাকী আছিল, তেতিয়াই প্ৰচণ্ড শব্দ কৰি বিস্ফোৰিত হৈছিল অভিশপ্ত বোমাটো৷ ইতিমধ্যে বিস্ফোৰণৰ সুৰ্দীঘ ১৫বছৰৰ পাছত ২০১৯ চনৰ ৪ জুলাইত আলফাই সংঘটিত কৰা এই বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়াৰ ৰায়দান ঘোষণা কৰিছিল ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে৷ ইতিমধ্যে ঘটনাৰ লগত জড়িত ৫জনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড আৰু দুজনক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছিল আদালতে৷ অভাৱনীয় ঘটনাটোৰ ৰায়দান প্ৰক্ৰিয়া ১৫বছৰৰ পাছত সম্পন্ন হয় যদিও সেই ৰায়ক প্ৰত্যাহ্বান জনায় অভিযুক্তৰ আত্মীয়ই৷ আলফাই সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণ কাণ্ডৰে জড়িত মুঠ ১৪জন অভিযুক্তৰ ভিতৰত ধেমাজি আদালতে সাতজনক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে এজন পলাতক, ৪জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আৰু দুজনক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে৷ ৰায়দানত সেইসকলৰ ভিতৰত এজন পলাতক [ৰছিদ ভৰালী], মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছিল৷ ইপিনে সমগ্ৰ দেশ কঁপোৱা ২০০৪ চনৰ স্বাধীনতা দিৱসৰ ধেমাজিৰ পেৰেডস্থলীত ভয়ংকৰ বোমা বিষ্ফোৰণৰে নিৰীহ লোকৰ তেজৰ ফাকু খেলা ক’লা অধ্যায়ৰ কাহিনী আজি যেন ওৰ পৰিছে৷ দহটি কণ কণ শিশু আৰু তিনিগৰাকী মহিলাসহ তেৰ নিৰীহৰ প্ৰাণ কাঢ়ি নিয়া সেই মচিব নোৱৰা অভাৱনীয় ঘটনাৰ চূডান্ত ৰায়দানত আজি গুৱাহাটী উচ্ছ ন্যায়ালয়ে আটাইকেইজনকে দোষমুক্ত ঘোষণা কৰে৷ ধেমাজি জিলা সত্ৰ ও ন্যায়াধীশৰ আদালতে প্ৰদান কৰা ৰায়দানত অসন্তুষ্ট হৈ অভিযুক্তৰ পৰিয়ালে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দুৱাৰত টোকৰ মাৰে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত আজি গোচৰীয়া পক্ষৰ শুনানী সম্পন্ন হৈ যায় আৰু আজি ৰায়দান দিয়ে৷ আজিৰ উচ্ছ ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানত আটাইকেইজনকে খালাচ দিয়া হৈছে৷

তদন্তকাৰী বিষয়াৰ ব্যৰ্থতাৰ বাবে ভুক্তভোগীয়ে ন্যায় নাপালেঃ ধেমাজি আছু

‘আমাৰ অসম’ৰ ধেমাজিৰ প্ৰতিনিধি আৰু বিশেষ প্ৰতিনিধিঃ ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ পেৰেড গ্ৰাউণ্ডৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত সংঘটিত বোমা বিস্ফোৰণ কাণ্ডৰ অভিযুক্তসকলক গুৱাহাটী উচ্ছ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই৷ কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁয়ে কয় যে মহামান্য গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত আমাৰ ক’বলগীয়া নাই, কিন্তু তদন্তকাৰী বিষয়াৰ চূড়ান্ত ব্যৰ্থতা আৰু অকমৰ্ণ্যতাৰ বাবে ভুক্তভোগীয়ে ন্যায় নাপালে৷ অসম চৰকাৰৰ গৃহ বিভাগ আৰু আৰক্ষী বিভাগৰ গাফিলতিৰ বাবে আজি দোষী সাৰি যাবলৈ সক্ষম হ’ল৷ আনহাতে, আছুৰ কেন্দ্ৰীয় তথ্য সম্পাদক মণ্টুৰাজ বৰুৱা আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক শৰ্মাই কয় যে, ২০০৪চনৰ ধেমাজি বোমা বিস্ফোৰণৰ লগত জড়িত কোনো ব্যক্তিয়ে যাতে আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে সমগ্ৰ বিষয়টো চি.বি.আইৰ দ্বাৰা তদন্ত হ’ব লাগে বুলি ছাত্ৰ সন্থাই সেইসময়তে দাবী জনাইছিল৷ দুটা দশক ন্যায়ৰ বাবে যুঁজ দিয়া তেৰজন শ্বহীদৰ পৰিয়ালে আজি হাৰ মানিবলগা হ’ল কেৱল তদন্তকাৰী বিষয়াৰ গাফিলতিৰ বাবে৷ এনেধৰণৰ ব্যৰ্থতা আৰু অকৰ্মণ্যতাৰ বাবে আৰক্ষী বিভাগ তথা গৃহ বিভাগৰ ওপৰত সৰ্বসাধাৰণৰ ৰাইজে আস্থা হেৰুৱাব বুলি ব্যক্ত কৰে৷ তেওঁলোকে কয় যে সঁচাকৈ যদি কোনো অপৰাধী এই ঘটনাৰ লগত জড়িত নাছিল তেন্তে কিদৰে ঘটনাটো সংঘটিত হৈছিল? আচলতে কাৰ ভুলৰ বাবে এনেধৰণৰ ঘটনা সম্ভৱ হৈ উঠিছিল? সেয়ে পুনৰ এই ঘটনাটো বিবেচনা কৰি উচিত তদন্তৰ বাবে অসম চৰকাৰক দাবী জনাইছে ধেমাজি জিলা ছাত্ৰ সন্থাই৷