Logo
image

‘ৰকেট্ৰি’লৈ স্বৰ্ণকমল অভিনয়ত শ্ৰেষ্ঠ কৃতী, আলিয়া, আল্লু অৰ্জুন

নতুন দিল্লী, ২৫ আগষ্টঃ বৃহস্পতিবাৰে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা ঘোষণা কৰা হয়৷ সেই অনুসৰি ‘ৰকেট্ৰিঃ দ্য নাম্বি এফেক্ট’ নামৰ ছবিখনে শ্ৰেষ্ঠ ছবি হিচাপে স্বৰ্ণকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে ‘গদাবৰী’ৰ ছবিখনৰ বাবে নিখিল মহাজনে৷ অভিনেত্ৰী আলিয়া ভাটে ‘গাংগুবাঈ কাথিয়াৱাৰি’ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ একেদৰে কৃতী ছেননেও ‘মিমি’ নামৰ ছবিখনৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়৷ ‘পুষ্পাঃ দ্য ৰাইছ’ নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় আল্লু অৰ্জুনে৷ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বাবে পল্লবী যোশীয়ে৷ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰে ‘মিমি’ ছবিৰ বাবে পংকজ ত্ৰিপাঠীয়ে৷ ‘আৰ আৰ আৰ’ নামৰ ছবিখনে শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ শ্ৰেষ্ঠ শিশু অভিনেতা ‘ছেল্ল শ্ব’ ছবিখনৰ বাবে ভাবিন ৰাবাৰি৷ শ্ৰেষ্ঠ শিশু ছবিৰ বঁটা লাভ কৰে ‘গান্ধী এণ্ড কো’ ছবিখনে৷ ৰাষ্ট্ৰীয় সংহতিৰ ছবি হিচাপে ‘কাশ্মীৰ ফাইলছে’  লাভ কৰে নাৰ্গিছ দত্ত বঁটা৷ চৰ্দাৰ উধমে লাভ কৰে শ্ৰেষ্ঠ হিন্দী ছবিৰ বঁটা৷ শ্ৰেষ্ঠ গুজৰাটী ছবি ‘ছেল্ল শ্ব’, শ্ৰেষ্ঠ অসমীয়া ছবি ‘অনুৰ’, শ্ৰেষ্ঠ বাংলা ছবি ‘কালকোখ’, শ্ৰেষ্ঠ তেলুগু ছবি ‘উপেন্না’, শ্ৰেষ্ঠ তামিল ছবি ‘কাডাইছি ভিভাছাই’, শ্ৰেষ্ঠ মালয়ালম ছবি ‘হোম’, শ্ৰেষ্ঠ কানাড়া ছবি  ‘৭৭৭ চাৰ্লি’, শ্ৰেষ্ঠ মৈথিলি ছবি ‘সামানান্তৰ’, শ্ৰেষ্ঠ মিচিং ছবি ‘বুম্বা ৰাইড’, শ্ৰেষ্ঠ মাৰাথি ছবি ‘একডা কায় জালা’, আৰু ‘প্ৰতীক্ষা’ নামৰ ছবিখনে শ্ৰেষ্ঠ ওড়িয়া ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ গংগুবাঈ কাথিয়াৱাৰি ছবিখনে শ্ৰেষ্ঠ সংলাপৰ বঁটাও লাভ কৰে৷ পুষ্পা ছবিখনে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে কালা ভৈৰভা [পুৰুষ] আৰু শ্ৰেয়া ঘোষাল [মহিলা]এ৷ গীতৰ কথাৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে চন্দ্ৰ বসুয়ে৷ শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বঁটা লাভ কৰে আৰ আৰ আৰ নামৰ ছবিখনে৷ শ্ৰেষ্ঠ দৃশ্যগ্ৰহণৰ বঁটা লাভ কৰে চৰ্দাৰ উধম নামৰ ছবিখনে৷ একেদৰে শ্ৰেষ্ঠ সাজ-সজ্জাৰ বঁটাও লাভ কৰে চৰ্দাৰ উধমে৷ সম্পাদনাৰ বাবে শ্ৰেষ্ঠ বঁটা লাভ কৰে গাংগুবাঈ কাথিয়াৱাৰি নামৰ ছবিখনে৷