Logo
image

কেনেকৈ নিহত হ’ল পুটিনৰ শত্ৰু প্ৰিগ’জিন

মস্কো, ২৫ আগষ্টঃ ৰাছিয়াৰ ৱাগনাৰ বাহিনীৰ  মুৰব্বী য়েভগেনি প্ৰিগ’জিনৰ মৃত্যু হৈছে৷ এক বিমান দুৰ্ঘটনাত প্ৰিগ’জিনৰ মৃত্যু হোৱা বুলি  প্ৰকাশ কৰিছে ৰাছিয়াৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠানসমূহে৷ ৰাছিয়াৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে বুধবাৰে মস্কোৰ পৰা ছেণ্টপিটাৰ্ছবাৰ্গ অভিমুখী এখন বিমান আকাশমাৰ্গৰ পৰা ভাগি পৰে৷ উক্ত বিমানখনৰ যাত্ৰীৰ তালিকাত আছে য়েভগেনি প্ৰিগ’জিনৰ নাম৷ উল্লেখ্য যে ৰাছিয়াৰ  কুখ্যাত সশস্ত্ৰ বাহিনী ৱাগনাৰ গ্ৰুপৰ মুৰব্বী আছিল প্ৰিগ’জিন৷ এই বাহিনীটোৱে পুটিনৰ হৈ দীৰ্ঘদিন ধৰি কাম কৰি আছিল৷ আনকি ইউক্ৰেইন যুদ্ধৰ প্ৰথমশাৰীত ৰাষ্ট্ৰপতি  পুটিনে ব্যৱহাৰ কৰিছিল ৱাগনাৰ বাহিনীক৷ কিন্তু কেইমাহমানৰ পূৰ্বে ৱাগনাৰ বাহিনীৰ সদস্যসকলে ৰুছ সেনাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে৷ ইয়াৰ পাছতে ৰাষ্ট্ৰপতি পুটিনৰ ৰোষত পৰে ‘বন্ধু’ প্ৰিগ’জিন৷ দুৰ্ঘটনাগ্ৰস্ত বিমানখন প্ৰিগ’জিনৰ ব্যক্তিগত বিমান আছিল বুলি জানিব পৰা গৈছে৷ ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰা মতে তিনিজন পাইলটৰ উপৰি বিমানখনত আন সাতজন যাত্ৰী আছিল৷ তেওঁলোক আটাইৰে মৃত্যু ঘটিছে৷ মস্কোৰ পৰা এশ কিলোমিটাৰ নিলগত ভাগি পৰে বিমানখন৷ ইপিনে প্ৰিগ’জিনৰ মৃত্যু প্ৰত্যাশিত আছিল বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে৷ তেওঁ প্ৰিগ’জিনৰ মৃত্যুৰ বাতৰি পোহৰলৈ অহাৰ পাছতে কয় যে তেওঁৰ মৃত্যুত মই মুঠেই বিস্মিত হোৱা নাই৷ ৱাগনাৰ বাহিনীৰ মুৰব্বীজনক পুটিনে ষড়যন্ত্ৰ কৰি হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে বাইডেনে৷