Logo
image

হিমন্তবিশ্বৰ মন্ত্ৰীসকলে খুব ভাল কাম কৰি আছেঃ সৰ্বানন্দ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্টঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা তথা তেওঁৰ মন্ত্ৰীসকলৰ কাম-কাজক হঠাৎ উচ্ছ প্ৰশংসা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ কালি গুৱাহাটীত সাংবাদিকৰ আগত সৰ্বানন্দ সোণোৱালে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত মন্ত্ৰীসকলে খুব ভাল কাম কৰি আছে৷ অসমক দেশৰ    পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি সপোন দেখিছে, সেই সপোনক সাকাৰ কৰিবলৈ সকলোৱে হাতে-কামে কাম কৰিছে৷ আমিও মুখ্যমন্ত্ৰীৰ সপোনত হাত উজান দিব লাগিব৷ উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বৰবাৰীৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বশিষ্ঠ বুজৰবৰুৱা, শংকৰ দাসকে ধৰি আৰ এছ এছৰ শীৰ্ষনেতাসকলৰ সৈতে দীঘলীয়া বৈঠকত বহে৷ বৈঠকৰ পিছত সোণোৱালে সাংবাদিকৰ আগত কয় যে বিভিন্ন কাৰণত তেওঁ আৰ এছ এছৰ অফিচলৈ আহিব পৰা নাছিল৷ আজি সকলো থকাৰ বাবে তেওঁ ইয়ালৈ আহিলে৷ বিজেপিত কোনো বিভাজন নাই বুলিও তেওঁ মন্তব্য কৰে৷ সোণোৱালে সাংবাদিকক কয়– ‘আমি সকলো ভালেই আছো, আপোনালোকো কুশলে থাকক৷’