আখৰোটৰ পৰা পাব অনেক উপকাৰ
নিয়ামীয়াকৈ আখৰোট খালেও অনেক উপকাৰ পোৱা যায়৷ আখৰোটত আছে প্ৰচুৰ পৰিমাণে পুষ্টি গুণ৷ যি বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে৷
কৰ্কট ৰোগ প্ৰতিৰোধঃ আখৰোটে কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট থাকে যিয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়ে৷ বিশেষকৈ প্ৰষ্টেট, স্তন আৰু অগ্নাশয়ৰ কৰ্কট ৰোগৰ বাবে আখৰোট অতি উপকাৰী৷
উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰেঃ আখৰোটত আলফা-লিনোলেনিক এচিড আৰু লিনোলেনিক এচিডৰ দৰে অন্য এক ফেটি এচিড থাকে৷ যি সুস্থ লিপিড যোগানক উৎসাহিত কৰে৷ ইয়াৰ ফলত বেয়া কলেষ্টেৰল কমি যায় আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে৷ সেইবাবে আখৰোট নিয়মীয়াকৈ খালে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷
ওজন হ্ৰাস কৰেঃ আখৰোটত আঁহ বেছি থকাৰ ওপৰি প্ৰটিনৰ পৰিমাণ বেছি থাকে৷ ই ওজন হ্ৰাস কৰাত সহায় কৰে৷
ডায়েবেটিছ নিয়ন্ত্ৰণঃ আখৰোট খালে টাইপ-২ ডায়েবেটিছ হোৱাৰ আশংকা হ্ৰাস পায়৷ ইয়াত থকা প্ৰটিন, স্বাস্থ্যকৰ চৰ্বি আৰু আঁহ শাৰীৰ বাবে অতি উপকাৰী৷
বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাঃ আখৰোটে বিপাকীয় ক্ৰিয়াত সহায় কৰিব পাৰে৷ অত্যাৱশ্যকীয় ফেটি এচিডেৰে ভৰপূৰ আৰু পাচন, বৃদ্ধি বিকাশ আৰু অন্যান্য বিপাকীয় প্ৰক্ৰিয়াত সহায় কৰে৷
হাড়ৰ বাবে উত্তমঃ আখৰোটে শৰীৰত কেলচিয়াম শোষণ বৃদ্ধি কৰাত সহায় কৰে৷ কেলচিয়ামৰ নিৰ্গমন হ্ৰাস কৰে৷
এণ্টি-ইনফ্লেমেটৰী উপাদানঃ আখৰোটে প্ৰদাহ প্ৰতিৰোধ কৰে৷ যাৰবাবে ডায়েবেটিছ, বাতবিষ আদি প্ৰদাহৰ বাবে হোৱা ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷
হজম শক্তি বৃদ্ধি কৰেঃ আখৰোট আঁহযুক্ত৷ ইয়াৰ বাবেই ই আন্ত্ৰিক অংশ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু শৰীৰক বিষমুক্ত কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ বিৰুদ্ধে যুঁজ দিয়ে৷
মগজুৰ কাৰ্য ক্ষমতা বৃদ্ধি কৰেঃ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধিত ই সহায় কৰে৷ তদুপৰি ই স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে৷
সেয়েহে নিয়মীয়াকৈ আখৰোট খালে শৰীৰে অনেক পুষ্টিগুণ লাভ কৰে৷