Logo
image

২৪ মহকুমা বিলুপ্ত, ৪ জিলা পুনৰ্গঠন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ আগষ্টঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শততম কেবিনেট বৈঠকে ৪ জিলা পুনৰ গঠন, ২৪ মহকুমা বিলুপ্তিৰ লগতে ৰাজ্যৰ প্ৰশাসনিক সংস্কাৰৰ দিশত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা বিয়লি প্ৰায় ৪.১০-১৫ বজালৈকে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সম্ভৱতঃ আটাইতকৈ দীঘলীয়া বৈঠকৰ সিদ্ধান্ত সমূহৰ বিষয়ে এক সংবাদমেলত নিজেই বাখ্যা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–‘আজিৰ কেবিনেটে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে বিলুপ্ত কৰা ৪ জিলা পুনৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ নিৰ্ধাৰিত শুদ্ধ সময়ত এই চাৰি জিলা গঠন কৰিম বুলি আমি সংশ্লিষ্ট জিলাবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছিলো৷ সেই প্ৰতিশ্ৰুতি পূৰণ কৰি বিন্নাকান্দী, লামডিং, হোজাইক সামৰি হোজাই জিলা পুনৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই জিলাৰ হেড কোৱাৰ্টাৰ হ’ব ৰামকৃষ্ণ নগৰ৷ বিশ্বনাথ, গহপুৰ, বিহালী সমষ্টিক সামৰি আমি বিশ্বনাথ জিলা পুনৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷ একেদৰে তামুলপুৰ আৰু গোৰেশ্বৰক সামৰি তামুলপুৰ জিলা৷ বজালী, ভৱানীপুৰ, সৰভোগক সামৰি বজালী জিলা গঠন কৰা হয়৷ অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিটতত এই চাৰিওখন জিলাৰ ভৌগোলিক পৰিৱেশ সলনি হ’ব৷ ইয়াৰ লগতে আজিৰ কেবিনেটে বৰ্তমানৰ ২৪ টা মহকুমা বিলুপ্ত কৰি ইয়াৰ স্থানত ৮১ খন উপ-জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি ধুবুৰী জিলাত গোলকগঞ্জ, গৌৰীপুৰ, বীৰছিংজেউৰা, বিলাসীপাৰা উপ-জিলা গঠন হ’ব৷ গোৱালপাৰা জিলাত জলেশ্বৰ, গোৱালপাৰা পশ্চিম, দুধনৈ উপ-জিলা গঠন কৰা হ’ব৷ বঙাইগাঁৱত অভয়াপুৰী, সৃজনগ্ৰাম উপ-জিলা গঠন হ’ব৷ বৰপেটাত ভৱানীপুৰ, সৰভোগ, মন্দিয়া, চেঙা, পাকাবেতবাৰী উপ-জিলা গঠন হ’ব৷ কামৰূপত চমৰীয়া, বকো-ছয়গাঁও, পলাশবাৰী, ৰঙিয়া, কমলপুৰ উপ-জিলা গঠন হ’ব৷ কামৰূপ মহানগৰ জিলাত দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী উপ-জিলা গঠন কৰা হ’ব৷ নলবাৰীত বৰক্ষেত্ৰী, টিহু উপ-জিলা গঠন কৰা হ’ব৷ দৰঙত ছিপাঝাৰ, দলগাঁও উপ-জিলা গঠন কৰা হ’ব৷ মৰিগাঁৱত জাগীৰোড, লাহৰীঘাট উপ-জিলা গঠন কৰা হ’ব৷ নগাঁৱত ধিং, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, ৰহা উপ-জিলা গঠন কৰা হ’ব৷ হোজাইত বিন্নাকান্দি, লামডিং উপ-জিলা গঠন কৰা হ’ব৷ শোণিতপুৰত বিশ্বনাথ, ঢেকীয়াজুলি, বৰচলা, ৰঙাপৰা, নদুৱাৰ, বিহালী, গহপুৰ উপ-জিলা গঠন কৰা হ’ব৷ লখিমপুৰত বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, ঢকুৱাখানা উপ-জিলা গঠন কৰা হ’ব৷ ধেমাজিত চিচিবৰগাঁও, জোনাই জিলা গঠন কৰা হ’ব৷ তিনিচুকীয়াত শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম উপ-জিলা গঠন কৰা হ’ব৷ ডিব্ৰুগড়ত চাবুৱা-লাহোৱাল, খোৱাং, দুলীয়াজান, টিংখাং, নাহৰকটীয়া উপ-জিলা গঠন কৰা হ’ব৷ চৰাইদেউও মাহমৰা উপ-জিলা গঠন কৰা হ’ব৷ শিৱসাগৰত ডিমৌ, নাজিৰা উপ-জিলা গঠন কৰা  হ’ব৷ যোৰহাটত টিয়ক, মৰিয়নী, তিতাবৰ উপ-জিলা গঠন কৰা হ’ব৷ গোলাঘাটত দেৰগাঁও, বোকাখাট, খুমটাই আৰু সৰুপথাৰ উপ-জিলা গঠন কৰা হ’ব৷ কাছাৰত লক্ষীপুৰ, ওদাৰবণ্ড, কাটিগড়া, বৰখলা, সোনাই, ধলাই উপ-জিলা গঠন কৰা হ’ব৷ হাইলাকান্দিত আলগাপুৰ, কাটলিছেৰা উপ-জিলা গঠন কৰা হ’ব৷ কৰিমগঞ্জত কৰিমগঞ্জ চাউথ, পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ উপ-জিলা গঠন কৰা হ’ব৷ এই উপ-জিলা সমূহৰ উপৰিও ২৫ খন সদৰ উপ-জিলা গঠন কৰা হৈছে৷ ষষ্ঠ অনুসূচিৰ জিলাসমূহত সংশ্লিষ্ট স্বায়ত্তশাসিত পৰিষদৰ সৈতে আলোচনা কৰি আৰু অধিক সদৰ উপ-জিলা গঠন কৰা হ’ব৷ জিলা উপায়ুক্তৰ প্ৰত্যক্ষ তত্বাৱধানত এই সদৰ উপ-জিলাসমূহ থাকিব৷ আজিৰ কেবিনেটে গঠন কৰা সদৰ উপ-জিলা সমূহ হ’ল ক্ৰমে–ধুবুৰী, দক্ষিণ শালমাৰা, পূব গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, হাজো-শুৱালকুছি, বজালী, গুৱাহাটী চেণ্টেল, নলবাৰী, মঙলদৈ, মৰিগাঁও, নগাঁও-বটদ্ৰৱা, তেজপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, সোণাৰি, শিৱসাগৰ, যোৰহাট, গোলাঘাট, শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ নৰ্থ৷ উপ-জিলাসমূহত ডিচিৰি পদ মৰ্যদাৰে একোজনকৈ অতিৰিক্ত উপায়ুক্তক নিযুক্তি দিয়া হ’ব৷ ৰাজ্য চৰকাৰৰ সকলো জনস্বাৰ্থৰ জড়িত বিভাগৰ কাৰ্যালয় উপ-জিলাত স্থাপন হ’ব৷ অহা কাইলৈ বা পৰহিলৈ জিলা, উপ-জিলা, সদৰ উপ-জিলা গঠনৰ অধিসূচন প্ৰকাশ পাব যদিও অহা পহিলা জানুৱাৰীৰ পৰাহে এই সংস্কাৰ কাৰ্যকৰী হ’ব৷ বৰ্তমানৰ জিলা উপায়ুক্তসকলে নিজৰ সদৰ উপ-জিলাৰ কাম-কাজ চোৱাৰ লগতে গড়কাপ্তানি, ৰদ বদল, কৰ সংগ্ৰহ আদি কাম কৰিব লাগিব৷ ৰাজহ বা ভূমি সংক্ৰান্তীয় তথা মেজিষ্টেৰিয়েল কাম-কাজ উপ-জিলা সমূহৰ অতিৰিক্ত উপায়ুক্তৰ ওপৰতে ন্যস্ত হ’ব৷ উল্লেখ্য যে আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে তেওঁৰ দুবছৰীয়া চাৰি মাহৰ কাৰ্যকালত আজিৰ শততম কেবিনেটৰ বাহিৰে মুঠ ১২৩৮ টা সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰে ১২১৭ টা সিদ্ধান্তই কাৰ্যকৰী কৰিছে৷ ৯৮ শতাংশ সিদ্ধান্তই ৰূপায়ন হৈছে৷ ২০০২ চনৰ পৰা ২০২১ চনলৈ ৰাজ্যিক কেবিনেটৰ ২৬৪ খন বৈঠক অনুষ্ঠিত হৈছিল বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ কেবিনেটৰ সিদ্ধান্তসমূহৰ সন্দৰ্ভত এখন পুস্তিকাও সাংবাদিকৰ হাতত তুলি দিয়ে৷ এই পুস্তিকাখনক উৎকৃষ্ট কামৰ পাৰদৰ্শিতাৰ খতিয়ান বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে৷

জিলাৰ মৰ্যাদা, বজালীত আনন্দৰ বন্যা

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ পূৰ্বৰ সীমা বিস্তাৰিত কৰি আজিৰে পৰা পুনৰ কাৰ্যকৰী হ’ল বজালী জিলা৷ ইয়াকে লৈ উৎফুল্ল হৈ পৰিছে সমগ্ৰ বজালীবাসী৷ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিগত ৰ জানুৱাৰীৰ পৰা বিলুপ্ত ঘটোৱা বজালীৰ লগতে কেইবাখনো জিলাৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ কেবিনেট সিদ্ধান্ত লোৱাৰ পাছতে একপ্ৰকাৰ আনন্দত আত্মহাৰা হৈ পৰিছে বজালীবাসী৷ উল্লেখ্য, বজালীবাসী ৰাইজ, দল-সংগঠনৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰে বজালী মহকুমাক প্ৰদান কৰিছিল জিলাৰ মৰ্যাদা৷ জিলা হোৱাৰ কিছুদিন পাছতে নিৰ্বাচনী সমষ্টিৰ পুনৰ ৰ্নিধাৰণৰ বাবে জিলাৰ মৰ্যাদা কৰ্তন কৰা হৈছিল৷ ইয়াৰ পাছতে একপ্ৰকাৰ আশাত চেঁচাপানী পৰিছিল বজালীবাসী ৰাইজৰ৷ ইয়াৰ মাজতে চৰকাৰৰ বিৰুদ্ধে কিছুপৰিমাণে ক্ষোভ আৰু প্ৰতিবাদো সাব্যস্ত কৰিছিল জিলাৰ মৰ্যাদা ঘূৰাই দিয়াৰ স্বাৰ্থত৷ চৰকাৰেও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল জিলালৈ পৰ্যৱসিত কৰা মহকুমাসমূহক শীঘ্ৰেই জিলাৰ মৰ্যাদা প্ৰদান কৰিব৷ এই আশাতেই বন্দী হৈ থকাৰ পাছত আজি ৰাজ্যৰ কেবিনেটে লোৱা সিদ্ধান্তই সমগ্ৰ বজালীলৈ আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ আনন্দৰ বন্যা প্ৰকাশ কৰি ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে তেওঁৰ হাঠিনাপুৰস্থিত বাসগৃহত ফটকা ফুটাই, নাচি-বাগি আনন্দ প্ৰকাশ কৰাৰ লগতে সুহুৰি বজাই আনন্দত আত্মহাৰা হৈ পৰে৷ বিধায়কজনে তেওঁৰ সপোন বাস্তৱত পৰিণত হোৱা বুলি উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত দিনত বজালী ৰাজ্যৰ ভিতৰতে এক উল্লেখযোগ্য জিলা হিচাপে পৰিগণিত হ’ব বুলি আশাপ্ৰকাশ কৰে৷ বিধায়কজনৰ সৈতে বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰীকে ধৰি দলীয় কৰ্মীসকলে আনন্দ উল্লাস প্ৰকাশ কৰে৷ ইপিনে বজালীয়ে জিলাৰ মৰ্যাদা ঘূৰাই পোৱাৰ পাছত পাঠশালা নগৰত ফটকা ফুটাই, নামতিসকলে নাম প্ৰসংগৰে হৰিমন্দিৰ প্ৰাংগণত আনন্দ উল্লাস কৰে৷ পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, সম্পাদক জিতেন তালুকদাৰ, বিজোপি নেতা দিগন্ত তালুকদাৰ, অসীম চৌধুৰী, সমুদ্ৰ পাটগিৰীকে, ধৰি বিজেপিৰ দলীয় নেতা-কৰ্মীসকলে আনন্দত উৎফুল্ল হৈ পৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আৰু কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷