Logo
image

২০ মিনিটৰ বাবে জে’লত ট্ৰাম্প

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ আগষ্টঃ ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংঘটিত কৰা জালিয়াতিৰ অভিযোগত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয়৷ আদালতৰ নিৰ্দেশত ড’নাল্ড ট্ৰাম্পে আটলান্টাৰ ফুলটন কাউণ্টিৰ এখন কাৰাগাৰত আত্মসমৰ্পণ কৰে৷ তেওঁক কাৰাগাৰ কতৃৰ্পক্ষই হাতত চিনাক্তকৰণৰ ফলি লৈ এখন ফটো তোলাৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আমেৰিকাৰ অপৰাধীক এনেদৰে ফটো তুলি চিনাক্ত কৰি ৰখাৰ প্ৰক্ৰিয়াক ‘মাগ-শ্বট’ বুলি কোৱা হয়৷ আমেৰিকাৰ ইতিহাসত এনেদৰে কোনো প্ৰাক্তন ৰাষ্ট্ৰপতিক কাৰাগাৰ কতৃৰ্পক্ষই ‘মাগ-শ্বট’ লোৱাৰ উদাহৰণ নাছিল৷ ড’নাল্ড ট্ৰাম্পক আটলান্টাৰ ফুলটন কাউণ্টিৰ কাৰাগাৰে এনেদৰে ‘মাগ-শ্বট’ লৈ চিনাক্তকৰণ ফটো ৰখাৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই ঘটনাৰ বিৰুদ্ধে ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অৱশ্যে ২ ডলাৰৰ বণ্ডৰ বিনিময়ত প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পক কাৰাগাৰ কতৃৰ্পক্ষই ২০ মিনিটৰ বন্দিত্বৰ পাছত মুক্ত কৰি দিয়ে৷ এই বহুচৰ্চিত ‘মাগ-শ্বট’ লোৱাৰ সময়তে চকু-মুখ কোচাই ড’নাল্ড ট্ৰাম্পে বিৰক্তি প্ৰকাশ কৰিছিল৷ স্বাভাৱিকতে সেই কাৰ্য আছিল আমেৰিকাৰ দৰে শক্তিশালী দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ প্ৰতি অতি অসন্মানজনক পদক্ষেপ৷ পিছে সম্প্ৰতি অপৰাধীৰ এনেধৰণৰ চিনাক্তকৰণ ৰখাটো আমেৰিকাত প্ৰথাত পৰিণত হৈছে৷ যিহেতু অপৰাধীৰ ক্ষেত্ৰত ডাঙৰ-সৰু, ক্ষমতাশালী বা ক্ষমতাহীনৰ পাৰ্থক্য নাথাকে, সেয়ে আমেৰিকাৰ আদালতে ড’নাল্ড ট্ৰাম্পৰো তেনে এখন ‘মাগ-শ্বট’ ফটো তুলি ৰাখে, য’ৰ কাষত লিখা আছিল তেওঁৰ নাম, উচ্ছতা, সোণালী ৰঙৰ চুলিকে ধৰি কান্ধৰ পৰা মূৰলৈকে ‘অপৰাধী’ ড’নাল্ড ট্ৰাম্পৰ বৰ্ণনা৷ 

২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আমেৰিকাৰ জৰ্জিয়া প্ৰদেশত তেতিয়াৰ ৰাষ্ট˜পতি ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেট প্ৰাৰ্থী জো বাইডেনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল৷ ফলাফল প্ৰকাশৰ পাছত দেখা গ’ল, ১২,০০০ ভোটত জৰ্জিয়া প্ৰদেশত জো বাইডেন বিজয়ী হৈছে৷ লগে লগে ট্ৰাম্পে জৰ্জিয়াত নিৰ্বাচনৰ ক্ষেত্ৰত বাইডেন পক্ষই জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰে৷ তাৰ কিছুদিন পাছত বাইডেনৰ পক্ষৰ পৰা আৰু জৰ্জিয়া প্ৰদেশৰ নিৰ্বাচনী কতৃৰ্পক্ষৰ তৰফৰ পৰা ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতি কৰাৰ ১৩টা নিৰ্দিষ্ট অভিযোগ উত্থাপন কৰা হয়৷ আঢ়ৈ বছৰৰ বিচাৰৰ অন্তত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য প্ৰমাণিত হয়৷ ফলত আদালতে তেওঁক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সেই নিৰ্দেশ পালন কৰিয়েই ট্ৰাম্পে বৃহস্পতিবাৰে কাৰাগাৰত আত্মসমৰ্পণ কৰি বন্দিত্ব স্বীকাৰ কৰে৷