Logo
image

শিক্ষক নিযুক্তিৰ নতুন নীতি ঘোষণা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ আগষ্টঃ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ নতুন নীতি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ শুকুৰবাৰে খাৰঘূলিৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত শততম কেবিনেট বৈঠকৰ অন্তত এক সংবাদ মেলত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়– ‘আজিৰ কেবিনেটে  সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এতিয়াৰে পৰা টে’টৰ মাৰ্কশ্বিটৰ ৮৫ শতাংশ নম্বৰহে গুৰুত্বপূৰ্ণ হ’ব৷ শিক্ষাগত অৰ্হতাৰ পৰা পাঁচ শতাংশ আৰু বিএডৰ দহ শতাংশ নম্বৰ সংযোজন হ’ব৷ পূৰ্বৰ দৰে প্ৰাথমিক শিক্ষকৰ নিযুক্তিত ডিএড, টে’ট আৰু শিক্ষাগত অৰ্হতাক সমান গুৰুত্ব দিয়া নহয়৷ বহুতে অপেন স্কুলৰ পৰা বেটাৰমেন দি শিক্ষাগত অৰ্হতাৰ নম্বৰ বৃদ্ধি কৰা তথা বহিঃৰাজ্যৰ পৰা সহজ সাধ্য বিএড কৰি অহাৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷’ ইফালে কেবিনেটৰ আন গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়– গুৱাহাটীত অত্যাধুনিক এ আই প্ৰযুক্তি সম্বলিত চিচিটিভি কেমেৰা স্থাপনৰ বাবে ২৩০ কোটি টকাৰ অনুমোদন দিয়া হৈছে৷ এশ কোটি টকীয়া পুৰস্কাৰ সম্বলিত মোদী স্বচ্ছতা পুৰস্কাৰ জিলাসমূহৰ বাবে ঘোষণা কৰা হৈছে৷ ৰাজ্যৰ জিলাসমূহৰ ১০৮টা দিশ চালিজাৰি চাই এই মোদী স্বচ্ছতা পুৰস্কাৰ প্ৰদান কৰা হ’ব৷ কেবিনেটে খেল মহাৰণৰ দৰে ৰাজ্যত সংগীত মহাৰপো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটে বৃটিছৰ দিনৰ ৰুলছ অব এক্সিকিউটিভ বিজনেছ সলনিৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী, মন্ত্ৰী মুখ্য সচিব আদিৰ ক্ষমতা নিৰ্ধাৰণ কৰা হ’ব৷ বিধৱা পেঞ্চনৰ ধন ৯৫০টকা বৃদ্ধি কৰি অৰুণোদয়ৰ সমান কৰা হৈছে৷ পূৰ্বতে তেওঁলোকে ৩০০ টকাৰ পেঞ্চন লাভ কৰিছিল৷ কেবিনেটে নতুন ছেমিকনডাক্টৰ পলিচীত অনুমোদন জনাইছে৷’ সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত ২৬০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব৷ অতিশীঘ্ৰে ২২ হাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷