Logo
image

বিতৰ্কিত ৰায়ৰ পিছত ন্যায়াধীশৰ চাকৰি স্থায়ী নকৰিলে শীৰ্ষ ন্যায়ালয়ে

আমাৰ অসম, ৩১ জানুৱাৰীঃ এটাৰ পাছত আনটো গোচৰত বিতৰ্কিত ৰায় প্ৰদান কৰি উচ্ছতম ন্যায়ালয়ৰ ৰোসত পৰিছে  বোম্বে উচ্ছ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ পুষ্পা গনেৰিওৱালা৷ কেইবাটাও গোচৰত বিতৰ্কিত ৰায় আৰু পৰ্যবেক্ষণ দিয়াৰ ‘অভিযোগ’ত ন্যায়াধীশৰ চাকৰি স্থায়ী হোৱা নাই বোম্বে উচ্ছ ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ পুষ্পা গনেৰিওৱালাৰ৷ গনেৰিওৱালাৰ স্থায়ী ন্যায়াধীশ হিচাপে নিয়োগৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ চুপাৰিশ নাকচ কৰিছে উচ্ছতম ন্যায়ালয়ৰ কলেজিয়ামে৷ উচ্ছতম ন্যায়ালয়ৰ সূত্ৰ মতে মুখ্য ন্যায়াধীশ এছ এ বোব্‌ডে নেতৃত্বাধীন কলেজিয়ামৰ আন দুই সদস্য ন্যায়াধীশ এন ভি ৰামান্না আৰু ন্যায়াধীশ আৰ এফ নৰিমনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বৰ্তমানে গনেৰিওৱালা বোম্বে উচ্ছ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে কৰ্মৰত হৈ আছে৷ গনেৰিওৱালাক লৈ দুই ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰ আৰু এ এম খানউইলকৰে অভিযোগ উত্থাপন কৰিছিল৷ বিগত কেইটামান সপ্তাহত কেইবাটাও বিতৰ্কিত গোচৰ সন্দৰ্ভত বিতৰ্কিত ৰায় তথা পৰ্যবেক্ষণ দিছিল গনেৰিওৱালাই৷ ইয়াৰ পৰিপ্ৰেক্ষিততে গনেৰিওৱালাক স্থায়ী ন্যায়াধীশ নিযুক্তিত বাধা প্ৰদান কৰাৰ সিদ্ধান্ত ত্বৰান্বিত হয়৷ ১৯ জানুৱাৰীত গনেৰিওৱালাই এটা গোচৰৰ বিপৰীতে ৰায় প্ৰদান কৰি কৈছিল যে ১২ বছৰৰ কোনো শিশুৰ কাপোৰ খুলি বা কাপোৰৰ ভিতৰত হাত সুমুৱাই বুকু বা গোপন অংগ চুই নিদিলে অভিযুক্ত শিশুটিৰ যৌন নিৰ্যাতন প্ৰতিৰোধ [পকচ’] আইনৰ আওতাত নপৰে৷ আইনৰ বিভিন্ন ব্যাখ্যা আগবঢ়াই গনেৰিওৱালাই কয়–‘ত্বকৰ সৈতে ত্বকৰ ওচৰে পাজৰে স্পৰ্শ নকৰিলে পকচ’ আইনৰ অধীনত অভিযোগ আনিব পৰা নাযায়৷ উক্ত ব্যাখ্যাৰ ওপৰত ভিত্তি কৰিয়েই গনেৰিওৱাই এজন অভিযুক্তৰ সশ্ৰম কাৰাদণ্ড এবছৰ কমাই দিছে৷