Logo
image

কলেষ্টেৰ’লৰ সমস্যা দূৰ কৰিবলৈ এইবিধ ফল দৈনিক খাওক

কলেষ্টেৰ’লৰ সমস্যা থকা সকলৰ বাবে আপেল খোৱাটো অতি উপকাৰী৷ আপেলত থকা এণ্টি অক্সিডেণ্টে দেহত জমা হোৱা বেয়া কলেষ্টেৰ’ল আঁতৰোৱাত সহায় কৰে৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে নিয়মীয়াকৈ আপেল খালে কলেষ্টেৰ’লৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ 

সাম্প্ৰতিক সময়ত উচ্ছ কলেষ্টেৰ’লৰ সমস্যা মহামাৰীৰ দৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিভিন্নজনে এই সমস্যাৰ চিকাৰ হ’বলগীয়াত পৰিছে৷ বিশেষকৈ, যিসকলে শাৰীৰিক পৰিশ্ৰম নকৰে বা যিসকলৰ অস্বাস্থ্যকৰ খাদ্যাভাস আছে, তেওঁলোকৰ মাজত উচ্ছ কলেষ্টেৰলৰ সমস্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে৷ কলেষ্টেৰ’লৰ মাত্ৰা বাঢ়িলে ধমনীত জমা হয় আৰু তেজৰ সৰবৰাহ বাধাগ্ৰস্ত হয়৷ এনেকুৱা হ’লে হাৰ্টএটেক হোৱাৰ আশংকা থাকে৷ 

উচ্ছ কলেষ্টেৰ’লৰ মাত্ৰা কমাবলৈ আপেল খুবেই কাৰ্যকৰী৷ আপেলে দেহত জমা হোৱা বেয়া কলেষ্টেৰ’লসমূহ গলাই উলিয়াই পঠোৱাত সহায় কৰে৷ পিছে, দৈনিক কিমান পৰিমাণৰ আপেল খোৱা উচিত সেই বিষয়ে জানি থোৱা ভাল৷ ‘ডেইলী মেইল’ৰ এক প্ৰতিবেদনত উল্লেখ কৰা মতে নিতৌ আপেল খালে এল ডি এল অৰ্থাৎ বেয়া কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস পায়৷ আপেলত বায়’এক্টিভ পলিফেনল আৰু ফাইবাৰ থাকে৷ এই দুবিধ উপাদানে তেজৰ পৰা বেয়া কলেষ্টেৰ’লৰ মাত্ৰা নাইকিয়া কৰে৷ আপেলে শৰীৰৰ লিপিড বিপাক আৰু কাৰ্ডিঅ’ভাছকুলাৰ শক্তিশালী কৰি ৰখাত সহায় কৰে৷ 

আমেৰিকাত কৰা এক গৱেষণাত দেখা গৈছে যে চাৰিসপ্তাহ ধৰি যদি দৈনিক এটা বা দুটাকৈ আপেল খাব পাৰি তেন্তে বেয়া কলেষ্টেৰ’লৰ মাত্ৰা প্ৰায় নাইকিয়া হয়৷ এই গৱেষণাত মজলীয়া বয়সৰ কিছুসংখ্যক লোকক সামৰি লোৱা হৈছিল৷ দেখা গৈছে যে ইয়াৰে যিসকলে দৈনিক নিয়ম মানি এটা বা দুটা আপেল খাইছে তেওঁলোকৰ কলেষ্টেৰ’লৰ মাত্ৰা প্ৰায় ৪০ শতাংশ কমি আহিছে৷ সেয়েহে গৱেষকসকলে কলেষ্টেৰ’লৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দিনৰ ভাগত বিশেষকৈ পুৱাহে আপেল খোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে৷