Logo
image

উক্তি-বক্ৰোক্তি

ভাৰত চন্দ্ৰত গৈ উপস্থিত হৈছে৷ ইছৰ’ৱে আমাৰ দেশক গৰ্বিত কৰিছে৷ আমি চন্দ্ৰৰ যি স্থানত অৱতৰণ কৰিছোঁ, তালৈ আগতে কোনো যাব পৰা নাই৷ সেই স্থানৰ নাম এতিয়াৰে পৰা শিৱশক্তি হ’ব৷ 
–প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জয়ন্ত মল্লক অমিত শ্বাহে চিনি নাপায় বুলি ক’লে৷ মই তেওঁৰ সৈতে দলৰ উন্নতিৰ কথাহে পাতিলোঁ৷ নিৰ্বাচন খেলাৰ কথা কোৱা নাই৷ 
– প্ৰাক্তন বিজেপি সাংসদ ৰাজেন গোহাঁই

আপুনি কেতিয়াবা কল্পনা কৰিছিলনে যে দহ নং ডাউনিং ষ্ট্ৰীটত থকা ব্যক্তিজনে জয় শ্ৰীৰাম ধবনি দিব? সেই শব্দ শুনা হ’লে হয়তো লৰ্ড কাৰ্জনৰো উশাহ বন্ধ হৈ গ’লহেঁতেন৷ 
–ব্ৰিটিছ হাই কমিছনাৰ আলেকজেণ্ডাৰ এলিছ

গৌৰৱ গগৈ বাচ্ছা ল’ৰা৷ যি মনত আহে তাকে কয়৷ বাচ্ছা ল’ৰাৰ কথাত ইমান গুৰুত্ব নিদিওঁ৷ আমি কেবিনেটত লোৱা ৯৮ শতাংশ সিদ্ধান্ত ৰূপায়িত কৰিছোঁ৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভাৰতে অচিৰেই মহাকাশলৈ গগনযান অভিযানৰ জৰিয়তে ভ্যৌমিত্ৰা নামৰ মহিলা ৰবট প্ৰেৰণ কৰিব৷ 
– কেন্দ্ৰীয় বিজ্ঞানমন্ত্ৰী জিতেন্দ্ৰ সিং

প্ৰয়াত ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনা আমাৰ কাৰণে দুখজনক৷ এনেধৰণৰ ঘটনা পুনৰ নহ’বৰ বাবে বিশেষভাৱে মহিলাসকলে অধিক সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজন৷
– বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা

গেৰুৱা দলটোৱে এইবাৰ ইছৰ’ৰ অভিযানক ২০২৪ চনৰ নিৰ্বাচন খেলা যন্ত্ৰত পৰিণত কৰিব৷ 
–তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ

গৌৰৱ গগৈ ইংৰাজীৰ এজন ভাল বক্তা৷ ভাল হিন্দী ক’লেই, ভাল ইংৰাজী ক’লেই এজন ভাল ৰাজনীতিক, ভাল সমাজসেৱী বুলি আমি গণ্য নকৰোঁ৷ অসমত ৰাজনীতি কৰিবলৈ হ’লে ইংৰাজী-হিন্দী নহয়, অসমৰ শিপাৰ বিষয়ে জানিব লাগিব৷
–বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

আমাৰ দেশৰ ফুটবল এছ’চিয়েচনৰ সভাপতিয়ে অনুমতি লৈ মোক চুম্বন কৰা নাছিল৷ লুইছ ৰুবিয়ালছে সন্মতি লৈ মোক ওঁঠত চুমা খোৱা বুলি যি কথা কৈছে সেয়া মিছা৷ কৰ্মক্ষেত্ৰ হওক বা খেলাৰ স্থান ক’তো এনে হোৱা অনুচিত৷ মই নিজকে সুৰক্ষিত অনুভৱ কৰা নাই৷ 
– স্পেইনৰ মহিলা ফুটবলাৰ জেনি হাৰমোছ