Logo
image

টেবুলৰ তলেৰে নহয়, জি-পে’ত টকা লয় একাংশ চৰকাৰী কৰ্মচাৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্টঃ ‘একাংশ ঘোচ খোৰ চৰকাৰী কৰ্মচাৰীৰ টকা লোৱাৰ ছিষ্টেম সলনি হৈছে৷ আজিকালি চৰকাৰী কাৰ্যালয়ত টেবুলৰ তলেৰে টকা ল’ব নোৱাৰো সকলে জি পে কৰি টকা লয়৷’–এই মন্তব্য মুখমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশনত ভাষণ দি এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ‘প্ৰতি মাহে ৰাজ্য চৰকাৰৰ উপাৰ্জন হয় ২৮০০ কোটি৷ ইয়াৰে কৰ্মচাৰীক দৰমহা দিওতেই লাগে মাহেকত ২৭০০ কোটি টকা৷ এইবছৰৰ পৰা চৰকাৰে মেডিকেল কণ্ট্ৰিবিউচনো ৫০ শতাংশ দিব লাগিব৷ বাকী ৫০ শতাংশ কৰ্মচাৰীসকলে দিব৷ চৰকাৰী কৰ্মচাৰীৰ ডি এ উত্তৰ-পূৰ্বৰ আন আন ৰাজ্যটো বাদেই, চুবুৰীয়া পশ্চিম বংগয়ো দিব পৰা নাই৷ ক’ভিডৰ সময়ৰ পৰা আজিলৈকে পশ্চিম বংগই ডি এ দিব পৰা নাই৷ কিন্তু অসমে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পাছতেই ডি এ দি আহিছে৷ অসমত চাকৰি কৰি থকা সময়ত কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে পৰিয়ালে যি সম্পূৰ্ণ দৰমহা পায় আছে, সেয়া অসমৰ বাহিৰে আন ক’তো হোৱা নাই৷ আন আন ৰাজ্যই এই আঁচনি দেখি স্তম্ভিত হৈ পৰিছে৷ চৰকাৰী চাকৰিয়ালৰ বাবে আপোন ঘৰ আঁচনি লোৱা হৈছে, এনে আঁচনি কোনো চৰকাৰে দিব পৰা নাছিল৷ কৰ্মচাৰীসকলৰ বাবে লোক সেৱা দিৱস পালন কৰা হৈছে, এনে কাম আন কোনো ৰাজ্যত কৰাৰ নজিৰ নাই৷ মাতৃ- পিতৃৰ লগত সময় কটোৱাৰ বাবে মাতৃ-পিতৃৰ বন্দনা বাবে তিনি দিনীয়া বিশেষ ছুটিৰ ব্যৱস্থা অসমেই প্ৰথম কৰিছে৷ অসমতে কোনো চৰকাৰী কৰ্মচাৰীয়ে আজিৰ দিনত এটকাও নিদিয়াকৈ চাকৰি পাইছে৷ আগতে চাকৰিৰ বাবে মন্ত্ৰী বিধায়কৰ ওচৰলৈ যাব লগা হৈছিল৷  অসমৰ চৰকাৰী কৰ্মচাৰীয়ে পোৱা সুবিধা আৰু আত্মমৰ্য্যদা দেশৰ আন আন ৰাজ্যতকৈ বেছি৷ চৰকাৰী কৰ্মচাৰীয়ে পায় অহা অসুবিধা সৃষ্টি কৰি আহিছে খোদ চৰকাৰী কৰ্মচাৰীয়ে নিজেই৷ অৱসৰ লোৱাৰ পাছত যেতিয়া পুত্ৰই পেঞ্চনৰ কাৰণে আহে তেতিয়া লগতে কাম কৰা কৰ্মচাৰী সকলে চিনি নোপোৱাৰ ভাও ধৰে, এবছৰ দুবছৰ কাম নোহোৱাকৈ পেলাই থৈ দিয়ে ফাইল৷ টকা পইছা নিদিলে একো নকৰে,  যাৰ বাবেই ক্ষোভ বাঢ়ি যায়৷ নতুনকৈ চাকৰি পোৱা সকলেও এনপিএছৰ বাবে পইচা দিব লগা হৈছে৷ মোক মোৰ বিধায়কে গালি পাৰি আছে, কাৰণ চাকৰি দিব পৰা নাই৷  যদি কৰ্মচাৰী পৰিষদৰ সদস্য সকলো কৰ্মচাৰী হয় তেন্তে কাম কৰাৰ নামত তেওঁ লোকৰ বাবে কিয় টকা বিচাৰে৷  সচিবালয়লৈ লৈ বেছিকৈ অহা ফাইল পেঞ্চনৰ বা টিএ,ডিএ অথবা ট্ৰেন্সফাৰৰ৷ কিন্তু একে কৰ্মচাৰী হোৱাৰ পাছতো পৰিয়ালে পৰিয়ালৰ কাম নকৰে৷ এই পৰিৱেশটো সলনি কৰিব লাগে৷ যদি নিজৰ মাজতেই বিশ্বাস নাই ৰাইজে কেনেকৈ বিশ্বাস ৰাখিব৷ মোৰ মুখ্যমন্ত্ৰীৰ টেবুলত এটা ফাইলও পৰি নাথাকে৷ বাৰম্বাৰ কোৱাৰ পাছতো মই ভবাৰ দৰে কাম হোৱা নাই৷’