Logo
image

ঢেঁকীয়াপতীয়াই ভিৰ কৰিছে কাজিৰঙাত

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২৭ আগষ্টঃ চৰকাৰে বাঘ সংৰক্ষণৰ বাবে কোটি কোটি টকা ব্যয় কৰি থকাৰ পাছতো যি সময়ত দেশৰ বিভিন্ন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত দিনকদিনে ঢেঁকীয়া-পতীয়া বাঘৰ সংখ্যা হ্ৰাস পাব ধৰিছে ঠিক তেনে সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভত তাৰ এক বিপৰীত ছবি প্ৰতিফলিত হৈছে৷ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য মতে, কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত ঢেঁকীয়া-পতীয়া বাঘৰ সংখ্যা ১৫টালৈ বৃদ্ধি পাইছে৷  দেশত ঢেঁকীয়া-পতীয়া বাঘৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ সময়ত বাঘৰ লগতে বাঘৰ আবাসস্থান, খাদ্য, নিৰাপত্তা আদিৰ কাৰণে কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ অধীনত থকা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে দেশৰ টাইগাৰ ৰিজাৰ্ভৰ কতৃৰ্পক্ষক কোটি কোটি টকাৰ অনুদান আগবঢ়াই থকাৰ পাছতো বাঘ সংৰক্ষণ কৰাত বিফল হোৱাৰ সময়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰে প্ৰকৃতিপ্ৰেমীক উৎফুল্লিত কৰি তুলিছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলত বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা৷ বিভাগীয় সূত্ৰে জানিব পৰা মতে, কেৱল বুঢ়াপাহাৰ বনাঞ্চলতেই ২৫১ পৰা ৫০টাৰ ভিতৰত ঢেঁকীয়াপতীয়া বাঘ থকাৰ অনুমান কৰা হৈছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ আন বনাঞ্চলৰ তুলনাত বুঢ়াপাহাৰ বনাঞ্চলত বিশেষকৈ বিগত বৰ্ষত ঢেঁকীয়া-পতীয়া বাঘ দৰ্শন কৰাৰ বাবে ভিৰ কৰিছিল বহু দেশী-বিদেশী পৰ্যটকে৷ বাঘৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত আশাৰ সঞ্চাৰ কঢ়িয়াইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ৷ ইফালে বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত বাগছেৰ আৰু চিৰাং পাহাৰত সঘনে বিচৰণ কৰে ঢেঁকীয়া-পতীয়া বাঘে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়া-পতীয়া বাঘৰ সংখ্যা বৃদ্ধি পোৱাত যিধৰণে প্ৰকৃতিপ্ৰেমীৰ মাজত এক উৎসাহজনক খবৰ হৈছে ঠিক সেইধৰণে বাঘৰ সংখ্যা বৃদ্ধি পোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া ৰাইজৰ মাজত এক সন্ত্ৰাস সৃষ্টি হৈছে৷ কলিয়াবৰ মহকুমাৰ অধীনত বিভিন্ন গাঁৱত এতিয়া প্ৰায় বিচৰণ কৰে ঢেঁকীয়াপতীয়া বাঘে৷ জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ষষ্ঠ সংযোজন কলিয়াবৰ উপ-জিলাৰ কামাখ্যা সংৰক্ষিত পাহাৰ বনাঞ্চলত প্ৰায়ে বিচৰণ কৰে বাঘে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলায় আহি চাহ বাগিচাত বিচৰণ কৰি ইতিমধ্যে কেইবাটাও গো-ধন নিধন কৰিছে ঢেঁকীয়া-পতীয়াই৷ শেহতীয়াকৈয়ো সপ্তাহদিন পূৰ্বে ঢেঁকীয়া-পতীয়া বাঘে কলিয়াবৰ চাহ বাগিচাত আক্ৰমণ কৰিছিল এটা ষাঁড় গৰুক৷ গুৰুতৰভাৱে আহত হৈছিল যদিও কথমপি প্ৰাণৰক্ষা পৰিছিল ষাঁড়টোৰ৷ উল্লেখ্য, স্থানীয় ৰাইজৰ গো-ধন সহজতে ভক্ষণ কৰিব পৰাৰ  বাবে বাঘে দিন-দুপৰতে চিকাৰৰ লক্ষ্য কৰি লৈছে পোহনীয়া জন্তুক৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাঘে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত পোহনীয়া জন্তু নিধন কৰি আছে যদিও ৰাইজে উচিত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উঠিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতেই ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজে উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈ আছে বুলি ভুক্তভুগীয়ে অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায়েই জনাঞ্চলত প্ৰৱেশ কৰে গঁড়, হাতী, ম’হ, গাহৰিকে ধৰি বন্যজন্তুৱে৷ এনে পৰিপ্ৰেক্ষিতত বন্যজন্তুৰ সৈতে সহবাস কৰি পাৰিপাশ্বিৰ্কতা বজাই ৰখাটো অত্যন্ত জৰুৰী বুলি মন্তব্য আগবঢ়ায় বুঢ়াপাহাৰ বনাঞ্চলৰ বন বিষয়াই৷ অসমত কাজিৰঙা, মানাহ, ওৰাং আৰু নামেৰিকে ধৰি চাৰিখন টাইগাৰ ৰিজাৰ্ভ আছে৷ অতি গুৰুত্বপূৰ্ণ যে দেশৰ ভিতৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভ অন্যতম৷ দেশত থকা টাইগাৰ ৰিজাৰ্ভত শেহতীয়া অৰ্থাৎ ২০২২চনৰ ঢেঁকীয়া-পতীয়া বাঘ গণনা কৰা তথ্য ২৯ জুলাইত গ্ল’বেল টাইগাৰ দিৱসত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে৷ এই তথ্য মতে, মানাহ টাইগাৰ ৰিজাৰ্ভত ৫৯ টা, ওৰাঙত ২৬ টা, নামেৰিত মাত্ৰ তিনিটা আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত ১৩৬টা ঢেঁকীয়া-পতীয়া বাঘ পোৱা গৈছে৷ উল্লেখ্য, প্ৰতি চাৰি বছৰৰ মূৰত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে দেশৰ টাইগাৰ ৰিজাৰ্ভবোৰৰ থকা বাঘৰ সংখ্যাৰ তালিকা অৰ্থাৎ প্ৰতিবেদন প্ৰকাশ কৰে৷ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত পূৰ্বৰ গণনা মতে, ১২১টা ঢেঁকীয়া-পতীয়া বাঘ পোৱা গৈছিল যদিও এইবাৰৰ গণনাত ১৫টা বাঘ বৃদ্ধি পাইছে বুলি বিভাগীয় তথ্যৰ পৰা জানিব পৰা গৈছে৷