Logo
image

নিৰ্বাচনৰ প্ৰস্তুতি, বাজপেয়ী ভৱনত শাৰী শাৰী নতুন বাইক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্টঃ লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে৷ লোকসভা নিৰ্বাচন যিকোনো প্ৰকাৰে জিকাৰ বাবে সকলোধৰণৰ প্ৰস্তুতি চলাইছে শাসনাধিস্থ দলটোৱে৷ ইয়াৰ অংশৰূপে বিজেপিৰ কৰ্মকৰ্তাক বাইক দিয়াৰ সিদ্ধান্ত লৈছে গেৰুৱা দলটোৱে৷ ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাক প্ৰদান কৰা হ’ব দুচকীয়া বাহন৷ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত শাৰী শাৰীকৈ ৰখা হৈছে দুচকীয়া বাহনসমূহ৷ জিলা বিস্তাৰকসকলক প্ৰদান কৰা হ’ব ‘পেছন প্লাছ’ নামৰ হিৰোৰ দুচকীয়া বাহন৷ বিজেপিৰ প্ৰচাৰ আৰু সাংগঠনিক কামত ব্যৱহাৰ কৰিব লাগিব উক্ত বাহন৷ পেছন প্লাছ বাহনেৰে বিজেপিয়ে লৈছে মিছন ১২ প্লাছৰ লক্ষ্য৷ ইতিমধ্যে কেইবাশ পেছন প্লাছ বাইক কিনি অনা হৈছে৷ পূৰ্বে বিজেপিৰ জিলা সভাপতিসকলক প্ৰদান কৰা হৈছিল বলেৰ’ গাড়ী৷ দলীয় কাম-কাজ ত্বৰান্বিত কৰাৰ বাবে জিলা সভাপতিসকলক প্ৰদান কৰা হৈছিল বলেৰ’ গাড়ীসমূহ৷ আগন্তুক লোকসভা নিৰ্বাচনত ১২+ আসন দখল কৰাৰ লক্ষ্য লৈ বিজেপিৰ কৰ্মকৰ্তাক পেছন প্লাছ বাইক দিয়াৰ সিদ্ধান্ত লৈছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই৷