Logo
image

বিমানবন্দৰত ৰাজেন গোহাঁই জিন্দাবাদ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৭ আগষ্টঃ পাঁচ দিন ধৰি নতুন দিল্লীত বাহৰ পাতি অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ লাভ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে শনিবাৰে সন্ধিয়া অসমলৈ উভতি আহে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ সমান্তৰালভাৱে তেওঁৰ নেতৃত্বৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল ৰাজেন গোহাঁয়ে৷ ইয়াৰ পাছতে তেওঁক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰা ফোন কৰি জৰুৰীভাৱে নতুন দিল্লীলৈ তলব কৰা হয়৷ যোৱা দেওবাৰে তেওঁ দিল্লীত উপস্থিত হয়৷ সোমবাৰে অমিত শ্বাহে তেওঁক সাক্ষাৎ কৰাৰ কথা আছিল৷ কিন্তু এই সাক্ষাতৰ অপেক্ষা যথেষ্ট দীঘলীয়া হয় বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোহাঁইৰ বাবে৷ নগাঁও লোকসভা সমষ্টিটোত বহুকেইটা সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰি সমষ্টিটো এআইইউডিএফক এৰি দিয়া বুলি অভিযোগ কৰিছিল গোহাঁয়ে৷ নগাঁও লোকসভা সমষ্টিৰ চাৰিবাৰৰ সাংসদ গোহাঁয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ পাছতে দুই মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, পীয়ূষ হাজৰিকাকে ধৰি বিজেপিৰ কেইবাজনো নেতাই তেওঁৰ সমালোচনাত মুখৰ হৈ পৰে৷ এই ঘটনাক কেন্দ্ৰ কৰি বিজেপিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ পাঁচদিন নতুন দিল্লীৰ অসম ভৱনত অপেক্ষা কৰাৰ অন্তত ২৫ আগষ্টত দুপৰীয়া বাৰ বজাত প্ৰায় ২০ মিনিট সময়ৰ বাবে অমিত শ্বাহৰ চৰকাৰী বাসভৱনত তেওঁক সাক্ষাৎ কৰে ৰাজেন গোহাঁয়ে৷ ইফালে, শনিবাৰে সন্ধিয়া ৬.৩০ বজাত নতুন দিল্লীৰ পৰা বৰঝাৰৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত পূৰ্বৰে পৰা অপেক্ষা কৰি থকা নগাঁৱৰ পৰা অহা অৰ্ধশতাধিক কৰ্মী-সমৰ্থকে ৰাজেন গোহাঁই জিন্দাবাদ, বিজেপি জিন্দাবাদ ধবনিৰে বৰঝাৰৰ বিমানবন্দৰ উত্তাল কৰি তোলে৷ বিমানবন্দৰত উপস্থিত সাংবাদিকক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে কয়– অমিত শ্বাহ যথেষ্ট ব্যস্ত থকাৰ বাবে মই চাৰিদিন অপেক্ষা কৰি শুকুৰবাৰে তেওঁ দিয়া সময়ত বাসভৱনত সাক্ষাৎ কৰি নিজৰ মনৰ কথা সকলো কৈছোঁ৷ মই অমিত শ্বাহক কি কৈছোঁ তাক ৰাজহুৱা নকৰোঁ৷ দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে দলৰ কাম কৰি যাম৷ দলে যি সিদ্ধান্ত লয় তাক মানি চলিম৷ মোৰ কোনো ব্যক্তিগত ক্ষোভ নাছিল, আছিল সামাজিক ক্ষোভ৷ নগাঁৱৰ দৰে সমষ্টি এটা বিজেপিৰ হাতৰ পৰা হেৰাই গ’ল, সমষ্টিটো আনক গতাই দিয়া হ’ল৷ এই সকলোবোৰ অমিত শ্বাহক কৈছোঁ৷ তেওঁ মোৰ অসন্তুষ্টি, ক্ষোভ সকলোবোৰ গুৰুত্ব সহকাৰে শুনিছে৷ দলৰ এজন জ্যেষ্ঠ নেতা হিচাপে তেওঁ নি(য় গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব৷ আনহাতে, জয়ন্তমল্ল বৰুৱাই তেওঁক কৰা মন্তব্য সন্দৰ্ভত ৰাজেন গোহাঁয়ে কয়– এই বিষয়ত মন্তব্য নিদিওঁ৷ কিয়নো জয়ন্তমল্লই এই বিষয়ত ৰাজহুৱাকৈ কিবা এটা কৈছে৷ গতিকে এই বিষয়ত কোনো মন্তব্য কৰাৰ দৰকাৰ নাই৷ তাৰ পাছত দলৰ কৰ্মী-সমৰ্থকৰ জিন্দাবাদ ধবনিৰ মাজত তেওঁলোকৰ সৈতে ৰাজেন গোহাঁই নগাঁৱলৈ নিজৰ বাসভৱন অভিমুখে ৰাওনা হয়৷