Logo
image

ৰাজ্যত ১৮খন নতুন টোলগেট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ আগষ্টঃ আলু-পিঁয়াজৰ পৰা আৰম্ভ কৰি চাউল-দাইলৰলৈকে নিত্য বাৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কোঙা কৰাৰ সময়ত এইবাৰ টোলগেটে কেঁকোৰা চেপা দিব অসমৰ জনতাক৷ সম্প্ৰতি ৯খন টোলগেটেৰে ধন উঠোৱা চৰকাৰে পুনৰ নতুনকৈ ৫খন টোলগেট মুকলি কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছে৷ সকলো ঠিকে থাকে থাকিলে সমাগত দুৰ্গা পূজাৰ পাছতেই নতুন টোলগেটেৰে কৰ সংগ্ৰহ আৰম্ভ কৰিব চৰকাৰে৷ কেৱল এই পাঁচখন টোলগেটেই নহয়, অসমত নতুনকৈ সৰ্বমুঠ ১৮খন টোল প্লাজা বহোৱাই ৰাইজৰ পৰা কৰ সংগ্ৰহৰ বাবেও চৰকাৰে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষই সদৰী কৰা মতে বৰ্তমান অসমত কাৰ্যক্ষম হৈ আছে মুঠ ৯খন টোলগেট৷ এই ৯খন টোলগেট হৈছে ক্ৰমে– কোক্‌ৰাঝাৰৰ পাটগাঁও টোলগেট, বঙাইগাঁৱৰ দাহালপাৰা টোলগেট, নলবাৰীৰ গলিয়া টোলগেট, কামৰূপৰ মদনপুৰ টোলগেট, নগাঁৱৰ ৰহা টোলগেট, হোজাই মিকিৰআটি গাঁও টোলগেট, ডিমা-হাচাওৰ মান্দাৰদিছা টোলগেট, কাছাৰৰ বালাচেৰা টোলগেট আৰু কামৰূপ মহানগৰ জিলাৰ নাজিৰাখাট টোলগেট৷ উক্ত ৯খন টোলগেটৰ জৰিয়তে চৰকাৰে লেচীৰ জৰিয়তে দিনে নিশাই টোল কৰ সংগ্ৰহ কৰি আহিছে৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ তথ্য মতে এই টোল প্লাজা কেইখনৰ জৰিয়তে অসমৰ ৰাইজৰ পৰা বৰ্তমানলৈ ৪৮৮ কোটি টকা কৰ সংগ্ৰহ কৰিছে৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে কামৰূপৰ মদনপুৰ টোলগেটৰ পৰা বাৰ্ষিক ৪৫ কোটি টকা কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ তদুপৰি ৰহা টোলগেটৰ পৰা বাৰ্ষিক ৩৩.৫৯ কোটি টকা আৰু দাহালপাৰা টোলগেটৰ পৰা বাৰ্ষিক ২৮ কোটি টকা টোলকৰ সংগ্ৰহৰ লক্ষ্য লৈছে৷ আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষই সদৰী কৰা মতে অসমত এতিয়া নিৰ্মাণ সম্পূৰ্ণ হৈছে নতুন ৫খন টোলগেটৰ৷ সেইকেইখনৰ ভিতৰত দেৰগাঁৱৰ ৰঙামাটি, তেজপুৰৰ কলিয়াভোমোৰা, বিশ্বনাথ, লখিমপুৰৰ পথালি পাহাৰ আৰু বগীবিলৰ টোলগেট অন্যতম৷ উক্ত টোলগেট কেইখনৰ নিবিদা প্ৰক্ৰিয়াও আৰম্ভ হৈছে৷ মেৰাপানী, জাঁজী, ডিমৌতো টোলগেট নিৰ্মাণৰ কথা চিন্তা কৰিছে চৰকাৰে৷ তদুপৰি অসমত আন ৯খন টোলগেটৰ নিৰ্মাণো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ কম সময়ৰ ভিতৰতে এই কেওখন টোলগেট কাৰ্যকৰী কৰিব বুলিও এন এইচ এ আই কতৃৰ্পক্ষই জানিবলৈ দিছে৷ কতৃৰ্পক্ষই লগতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ সমান্তৰালভাৱে আন ৪খন টোলগেট নিৰ্মাণ কৰা হ’ব বুলিও সদৰী কৰিছে৷ ইতিমধ্যে প্ৰস্তাৱিত এই ৪খন টোলগেটৰ স্থান চিনাক্তকৰণ সম্পূৰ্ণ হোৱা বুলিও সদৰী কৰিছে৷ অৰ্থাৎ অসমৰ শদিয়াৰ পৰা ধুবুৰী ভ্ৰমণ কৰিলে এখন বাহনে মুঠ ২৭খন টোলগেটত কৰ পৰিশোধ কৰিব লাগিব৷ নতুনকৈ মুকলি কৰিবলগীয়া ৫খন টোলগেটত দুৰ্গা পূজাৰ পাছতেই কৰ সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষই জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে বিগত পহিলা এপ্ৰিলৰ পৰা অসমত প্ৰতিখন টোলগেটতে মাচুল বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে টোলটেক্স ১৫ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছিল৷ নাজিৰাখাট টোলগেটত চাৰিচকীয়া কাৰ-ভেনৰ মাচুল ১২৫ টকাৰ পৰা ১৩৫ টকালৈ বৃদ্ধি কৰা হৈছিল৷ তদুপৰি ট্ৰাক-বাছৰ এবাৰৰ যাত্ৰাৰ মাচুল ৪৪৫ টকাৰ পৰা ৪৫৫ টকালৈ বৃদ্ধি পাইছিল৷ মুঠৰ ওপৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাত যোৰহাট-শিৱসাগৰৰ ৰাইজে জীয়াতু ভুগিলেও বিজেপি চৰকাৰে যে টোলকৰ সংগ্ৰহেৰে ৰাইজক চেপি খুন্দি ডিঙিত যেন কেঁকোৰা চেপা দিবলৈ সাজু হৈছে সেয়া অপ্ৰিয় সত্য৷