Logo
image

জোনবাইৰ বুকুত প্ৰজ্ঞানৰ ১০০ ঘণ্টা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ আগষ্টঃ যোৱা বুধবাৰে প্ৰথম সূৰ্যৰ কিৰণ পৰোতেই চন্দ্ৰত অৱতৰণ কৰা ভাৰতৰ চন্দ্ৰযান-৩য়ে ইছৰোলৈ দেওবাৰে প্ৰথমটো বৈজ্ঞানিক তথ্য প্ৰেৰণ কৰিছে৷ চন্দ্ৰযান-৩ৰ অন্যতম মূল অংগ ৰ’ভাৰ প্ৰজ্ঞানে নিজৰ শৰীৰত থকা ‘পে-লোড’ বা যন্ত্ৰ ‘চেষ্টে’ৰ [চন্দ্ৰজ ছাৰফেচ থাৰ্ম’ফিজিকেল এক্সপেৰিমেণ্ট] সহায়ত চন্দ্ৰপৃষ্ঠৰ মাটিৰ উষ্ণতা জুখি সেই তথ্য ইছৰোক জনাইছে৷ প্ৰজ্ঞানে জনোৱা অনুসৰি দক্ষিণ গোলাৰ্ধৰ যি অংশত লেণ্ডাৰ  বিক্ৰমে অৱতৰণ কৰিছিল, সেই স্থানৰ চন্দ্ৰৰ মাটিৰ উষ্ণতা [বিয়োগ]-১০ ডিগ্ৰী চেলচিয়াছৰ পৰা ৬০ ডিগ্ৰী চেলচিয়াছ৷ প্ৰজ্ঞানে প্ৰেৰণ কৰা তথ্য অনুসৰি চন্দ্ৰৰ দক্ষিণ মেৰুৰ উপৰিভাগৰ মাটিৰ উষ্ণতা প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াছ৷ প্ৰজ্ঞানে চন্দ্ৰৰ উপৰিভাগৰ মাটিৰ লগতে চন্দ্ৰপৃষ্ঠৰ ১০ ছেণ্টিমিটাৰ তললৈকে উষ্ণতাৰ পৰীক্ষা কৰে৷ চন্দ্ৰপৃষ্ঠত ভাৰতৰ চন্দ্ৰযানে অৱতৰণ কৰাৰ ১০০ ঘণ্টাৰ ভিতৰত এয়াই হৈছে প্ৰজ্ঞানে প্ৰেৰণ কৰা প্ৰথম বৈজ্ঞানিক তথ্য৷

ইপিনে, চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰা স্থানৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱশক্তি ৰখা তথা চন্দ্ৰযান-ৰক চন্দ্ৰৰ বুকুত পেলোৱা স্থানৰ নাম ‘জৱাহৰ পইণ্ট’ৰ পৰিৱৰ্তে ‘তিৰংগা’লৈ সলোৱাক লৈ দেশজুৰি ৰাজনৈতিক আৰু বিভিন্ন পক্ষৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে৷ কংগ্ৰেছ দলৰ নেতা ৰছিদ আলভিয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ চন্দ্ৰৰ কোনো স্থানৰ নামাকৰণ কৰাৰ কৰ্তৃত্ব আৰু অধিকাৰ নাই৷ তেওঁৰ মতে মোদীৰ এই কাৰ্যত সমগ্ৰ বিশ্বই হাঁহিব৷ তেওঁৰ দাবী, ২০০৮ চনৰ ১৪ নৱেম্বৰত ভাৰতে চন্দ্ৰযান-১ক চন্দ্ৰৰ ‘স্কেলিটন ক্ৰেটাৰ’ৰ সমীপত ইচ্ছাকৃতভাৱে পৰিবলৈ দিছিল৷ সেইদিনা দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন হোৱাৰ বাবে চৰকাৰে সেই স্থানৰ নাম ‘জৱাহৰলাল পইণ্ট’ ৰাখিছিল৷ কিয়নো চন্দ্ৰযান প্ৰেৰণ কৰা আৰু মহাকাশ অভিযান পৰিচালনা কৰা ইছৰো জৱাহৰলাল নেহৰুৰ উদ্যোগতে গঠন কৰা হৈছিল৷ জৱাহৰলাল নেহৰুৰ সৈতে এতিয়াৰ কোনো ৰাষ্ট্ৰনায়কে প্ৰতিযোগিতা কৰিবলৈ সমৰ্থ নহ’ব বুলিও তেওঁ দাবী কৰে৷ 

আনহাতে হিন্দু মহাসভাৰ খণ্ডিত অংশৰ মুৰব্বী তথা ৰাজনৈতিক নেতা স্বামী চক্ৰপানিয়ে চন্দ্ৰক হিন্দুৰাষ্ট্ৰ ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰি দেশজোৰা কৌতুকৰ সৃষ্টি কৰিছে৷ পলাতক মাফিয়া ডন ডাউদে ইব্ৰাহিমৰ নিলামত যোৱা সম্পত্তি ক্ৰয় কৰি বিতৰ্কৰ সৃষ্টি কৰা হিন্দু স্বামীজনৰ এই দাবীক লৈ দেশত বিতৰ্কৰ সৃষ্টি হৈছে৷ তেওঁ দাবী কৰে, সংসদত এই সিদ্ধান্ত গ্ৰহণ কৰা হওক আৰু চন্দ্ৰক হিন্দুৰাষ্ট্ৰ ঘোষণা কৰাৰ লগতে বিক্ৰমে অৱতৰণ কৰা শিৱশক্তি হওক সেই হিন্দুৰাষ্ট্ৰৰ ৰাজধানী৷

চন্দ্ৰ অভিযানত আৰু এজন অসম সন্তান

‘আমাৰ অসম’ৰ ধেমাজিৰ বিশেষ প্ৰতিনিধিঃ পৃথিৱীৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত জোনবাইৰ বুকুত এক যুগান্তকাৰী সফল অভিযান চলোৱা চন্দ্ৰযান-৩ৰ সফল অভিযানৰ সৈতে সংযুক্ত হ’ল আন এক অসম সন্তানৰ নাম৷ চন্দ্ৰযান-৩ৰ কেমেৰা নিৰ্মাণৰ দ্বায়িত্বত আছিল ধেমাজিৰ অনুজ নন্দী৷ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰেৰণ কৰা যিসমূহ আলোকচিত্ৰ আজি সমগ্ৰ পৃথিৱীবাসীয়ে প্ৰত্যক্ষ কৰিছে সেই আলোকচিত্ৰসমূহ গ্ৰহণ কৰা High resolution LHV কেমেৰা নিৰ্মাণ কৰিছিল ধেমাজিৰ সন্তান অনুজ নন্দীয়ে৷ এক কথাত ক’বলৈ গ’লে ধেমাজিৰ সন্তান অনুজ নন্দীৰ দৃষ্টিৰেই সমগ্ৰ বিশ্ববাসীয়ে এতিয়া প্ৰত্যক্ষ কৰিব পাৰিছে চন্দ্ৰপৃষ্ঠৰ ছবিসমূহ৷ ইছৰোৰ বিজ্ঞানী অনুজ নন্দীৰ জন্ম আৰু প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ধেমাজিৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি এছ এফ এছ স্কুলত৷ পিতৃ প্ৰয়াত শান্তি নন্দীৰ ধেমাজিত আছিল এখন ফাৰ্মাচী৷ এসময়ৰ ধেমাজি নগৰৰ সকলোৱে পৰিচিত নন্দী ফাৰ্মাচীৰ স্বত্বাধিকাৰ শান্তি নন্দীৰ পুত্ৰ অনুজ নন্দীয়েই এতিয়া ইছৰোৰ বিজ্ঞানী হিচাপে কৰ্মৰত আৰু অনুজ নন্দীয়েই চন্দ্ৰযান-৩ৰ বাবে বিশেষ কেমেৰা নিৰ্মাণ কৰি এতিয়া চৰ্চালৈ আহিছে৷ এক বিশেষ ঘটনাচক্ৰত পৰি অনুজ নন্দীৰ দেউতাক পশ্চিমবংগৰ আশ্ৰমপাৰাৰ আমবাগান নামৰ স্থানলৈ গুছি যাব লগা হৈছিল যদিও তেওঁৰ তিনিও গৰাকী ভাতৃ বৰ্তমানেও ধেমাজিৰে বাসিন্দা৷ সম্প্ৰতি বেংগালুৰুৰ বাসিন্দা যদিও ধেমাজিৰ পুৰণি ঘৰখনক পাহৰা নাই ইছৰোৰ জ্যেষ্ঠ বিজ্ঞানীজনে৷ কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ মাজতো পৰিবাৰসহ সঘন যোগাযোগ ৰাখিছে ধেমাজিৰ পুৰণি ঘৰখনৰ সৈতে৷ চন্দ্ৰযান-৩ৰ সফলতাত ভতিজাকৰ অৰিহণাক লৈ গৰ্বিত অনুজ নন্দীৰ খুড়াক বলহৰি নন্দী, খুড়ীয়েক সুচিত্ৰা নন্দীসহ আত্মীয়-স্বজন৷ সুখী ভনীয়েক বীনা নন্দীও৷ ইফালে ইছৰোৰ বিজ্ঞানী, অসম সন্তান ধেমাজিৰ অনুজ নন্দীৰ এই সফলতাক লৈ গৌৰৱবোধ কৰিছে তেওঁ এসময়ৰ সহপাঠী তথা বন্ধু-বান্ধৱসকলে৷