Logo
image

জি-২০লৈ নাহে পুটিন! দিল্লীত যুদ্ধসজ্জা, আঢ়ৈশ বিমান বাতিল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ আগষ্টঃ জি-২০ শীৰ্ষ সন্মিলনৰ বাবে দেশৰ ৰাজধানী নতুন দিল্লীত এতিয়া যুদ্ধসজ্জাসদৃশ পৰিৱেশ৷ চৌদিশে সীমাহীন ব্যস্ততা৷ ৰাজধানী চহৰখন জি-২০ শীৰ্ষ সন্মিলনৰ বাবে নতুনকৈ সজাই পৰাই তোলা হৈছে৷ কিন্তু এই সন্মিলনৰ ফলত সাধাৰণ লোকৰ দুৰ্ভোগৰো সীমা নোহোৱা হৈ পৰিছে৷ অহা ৯-১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ বাবে দিল্লীলৈ অহা-যোৱা কৰা ২৫০খন ঘৰুৱা বিমানৰ যাত্ৰা বাতিল কৰা হৈছে৷ অহা ৭-১১ ছেপ্টেম্বৰলৈ দিল্লীৰ বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া ১০০০ৰো অধিক বিমানৰ প্ৰত্যেকদিনাৰ সময়সূচী সালসলনি কৰা হৈছে৷ দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ শীৰ্ষ সন্মিলনত উপস্থিত থকাৰ বাবে আহিবলগীয়া বিশ্বৰ ৫০জনৰো অধিক ৰাষ্ট্ৰ নেতাৰ অহা-যোৱা আৰু তেওঁলোকৰ বিমান ৰখাৰ সুবিধা হোৱাৰ বাবে লোৱা এই পদক্ষেপে দিল্লী অভিমুখী আৰু দিল্লীৰ পৰা সেই কেইটা দিনত বিভিন্ন স্থানলৈ যাৱলগীয়া  যাত্ৰীক দুৰ্ভোগ ভোগাবলৈ বাধ্য কৰিব৷ তদুপৰি দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত ‘পাৰ্ক’ কৰি ৰখা বিভিন্ন বিমান পৰিবহণ সংস্থাৰ বিমানসমূহো তাৰ পৰা আঁতৰাই নিবলৈ নিৰ্দেশ দিয়া হৈছে বিমানৰ উৰণ বাতিল আৰু হাজাৰোধিক বিমানৰ সময় পুনৰ নিৰ্ধাৰণৰ ফলত দেশৰ বিমান পৰিবহণ সংস্থাসমূহ বিপুল ক্ষতিৰ সন্মুখীন হ’ব৷ আনহাতে দিল্লীৰ সকলো বিলাসী হোটেল ইতিমধ্যে শীৰ্ষ সন্মিলনৰ আটাইকেইটা দিনৰ বাবে সম্পূৰ্ণ ‘বুক’ কৰা হৈছে৷ সেইকেইটা দিনত দিল্লীৰ সমীপৱৰ্তী গুৰুগ্ৰাম, নয়ডা আদিৰ হোটেলৰ কোঠাৰ মূল্য ২০০ শতাংশলৈ বৃদ্ধি পাইছে৷ এই সন্মিলনত ভাগ ল’বলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনক, চীনৰ ৰাষ্ট্ৰপতি চি জিনপিং, জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ স্কলজ আহি আগদিনাই উপস্থিত হ’ব৷ পিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে জি-২০ শীৰ্ষ সন্মিলনত ভাগ নলয়৷ ইতিমধ্যে ক্ৰেমলিনৰ পৰা নতুন দিল্লীক সেই খবৰ জনোৱা হৈছে৷ ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত পশ্চিমীয়া সকলো দেশৰ সৈতে সম্পৰ্ক বিনষ্ট হোৱাৰ বাবে পুটিন জি-২০ শীৰ্ষ সন্মিলনৰ পৰা আঁতৰি থাকিব৷ সদ্যসমাপ্ত ব্ৰিকছ সন্মিলনতো তেওঁ ভাগ লোৱা নাছিল৷