আৰক্ষী থানাৰ চৌহদ
বৰ্তমান চৰকাৰৰ কাৰ্যকালত মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ গৃহমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিৱৰ্তনৰ দিশত এখোজ আগুৱাইছে অসম আৰক্ষী৷ ৬১ হাজাৰৰো অধিক ব্যক্তিৰে গঠিত অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক পৰিৱৰ্তন আৰু স্বচ্চতা অনাৰ কৃতিত্বৰ দাবী কৰিছে চৰকাৰে৷ ৰাজ্যৰ আৰক্ষী অধীক্ষক, থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত মুখামুখিকৈ বহি পৰিৱৰ্তনৰ পৰিকল্পনা ৰচনা কৰিছে খোদ মুখ্যমন্ত্ৰীয়ে৷ আৰক্ষী বিভাগটোক স্মাৰ্ট আৰক্ষী বা স্মাৰ্ট পুলিচ হিচাপে গঢ়িবলৈ ত্বৰান্বিত কৰিছে অনেক পৰিকল্পনাৰ৷ ৰাজ্যৰ প্ৰতিখন থানা নতুনকৈ নিৰ্মাণ কৰা, থানাসমূহলৈ প্ৰয়োজনীয় বাহনৰ যোগান ধৰা, থানাসমূহৰ গোচৰবোৰৰ তথ্য কম্পিউটাৰৰ দ্বাৰা লিপিবদ্ধ কৰা, থানাৰ প্ৰতিটো লিপিবদ্ধ গোচৰৰ তথ্য অনলাইনত উপলব্ধ কৰা, আৰক্ষীৰ মাজত থকা পেটুৱা পুলিচকেইটাক দেহৰ গঠন পৰিৱৰ্তনৰ অন্তিম সুযোগ দিয়া বা স্বেচ্চামূলক অৱসৰৰ সুবিধা দিয়া আদি অনেক সিদ্ধান্তই পৰিৱৰ্তন সাধন কৰিছে আৰক্ষীৰ ভূমিকাত৷
আৰক্ষীৰ অনুসন্ধান প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰে অপৰাধীৰ অনুসন্ধানত সহায়ক হৈছে৷ এনেবোৰ পৰিৱৰ্তনে প্ৰকৃতাৰ্থত আৰক্ষী বিভাগটোক ৰাইজৰ ওচৰ চপাই নিয়াৰ সহায়ক হৈছে বুলি ক’ব পাৰি৷ কিন্তু অসমৰ আৰক্ষী থানাসমূহৰ চৌহদবোৰৰ পৰিৱেশ যদি নিৰীক্ষণ কৰা যায়, তেনেহ’লে জনচক্ষুত আহি পৰে এক ঋণাত্মক প্ৰতিচ্চবি৷ ৰাজ্যত থকা থানাৰ সংখ্যা হৈছে ৩৪৪খন আৰু প্ৰতিখন থানাৰ চৌহদত দেখা যায় দুৰ্ঘটনাত পতিত হোৱা বাহনসমূহ, চুৰি কাৰ্য বা দুৰ্ঘটনাত উদ্ধাৰ হোৱা মটৰচাইকেল, চাৰিচকীয়া বাহন, ট্ৰাক, বাছ আদি সকলো বাহন গুদামস্বৰূপ থানাৰ চৌহদবোৰ মুকলি কৰাৰ নাই কোনো পৰিকল্পনা৷ বছৰৰ পাছত বছৰ ধৰি থানা চৌহদত পৰি থকা বাহনসমূহক কোনো এক নিৰ্দিষ্ট স্থানত ৰখোৱাৰ পৰিকল্পনা কৰাটো জৰুৰী বুলি অনুভৱ কৰোঁ৷ ৰাজ্যৰ প্ৰতিখন থানাৰ ওচৰত থকা চৰকাৰী ভূমিত যদিহে পৰিকল্পিতভাৱে এনেবোৰ বাহনক নিৰাপত্তাৰ মাজত ৰখা হয়, তেনে কাৰ্যই থানাসমূহৰ চৌহদৰ সৌন্দৰ্য বৃদ্ধি কৰিব৷ গোচৰৰ মাজত আবদ্ধ হৈ বছৰৰ পাছত বছৰ থানা চৌহদত পচিব ধৰা এই বাহনসমূহৰ গোচৰবোৰ আদালতৰ মজিয়াত শীঘ্ৰে নিষ্পত্তি কৰা, গৰাকীবিহীন বাহনসমূহক নীতি-নিয়মৰ মাজত নিলাম কৰা, নিষ্পত্তি হোৱা গোচৰৰ বাহনসমূহ গৰাকীক গটাই দিয়া আদি কৰ্ম সম্পাদনত বিভাগটোৱে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰাটো নিতান্তই আৱশ্যক৷
থানাসমূহৰ ভিতৰত থকা এটা কোঠা হৈছে অপৰাধী ৰখা লকআপটো৷ ৰাজ্যৰ থানাসমূহত থকা এই কোঠাটোৰ প্ৰকৃত ৰূপ নৰকসদৃশ বুলি ক’লে ভুল কোৱা নহ’ব৷ এই কোঠাটোত যে সকলো অপৰাধীয়েই সোমাব লাগে তেনে নহয়৷ কোনো কোনো ক্ষেত্ৰত অপৰাধৰ সন্দেহত গ্ৰেপ্তাৰ কৰা ব্যক্তিকো ৰখা হয় লকআপত৷ যিহেতু আইনে এই কোঠাত কোনো আচবাব ৰখাত বাধা আৰোপ কৰে, সেয়েহে মজিয়াখনতেই শুব লাগে অপৰাধীসকলে৷ এই কোঠাটোৰ ভিতৰত থকা শৌচাগাৰটোৰ দৰ্শন যিসকলে পাইছে তেওঁলোকৰ কাৰণে জীৱনটো হৈ পৰে নৰকসদৃশ৷ থানাৰ এই শৌচাগাৰটো পৰিষ্কাৰ কৰিবলৈ নাথাকে কোনো চাফাইকৰ্মী৷ ফলত বছৰৰ পাছত বছৰ ধৰি অপৰিষ্কাৰ-দুৰ্গন্ধময় হৈ থাকে থানাৰ লকআপৰ শৌচাগাৰ৷ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন থানা পৰিষ্কাৰ-পৰিচ্চন্নতাৰ মাজত ৰাখিবলৈ একোজনকৈ চাফাই কৰ্মী নিযুক্তি দিলে সমস্যাটো সমাধানত সহায়ক হ’ব বুলি ক’ব পাৰি৷
সমাজক অপৰাধমুক্ত কৰাৰ প্ৰধান ভূমিকাত থকা ৰাজ্যৰ থানাসমূহৰ চৌহদটো আৰু লকআপৰ শৌচাগাৰটো পৰিষ্কাৰকৈ ৰখাৰ দায়িত্ব কৰ্মৰত আৰক্ষী বিষয়া-কম¹সকলৰ৷ থানাখনৰ চকী-মেজ আৰু আন আচবাব পৰিষ্কাৰকৈ ৰখাৰ সকলো দায়িত্ব পালন কৰিব লাগে কৰ্মৰত গৃহৰক্ষী জোৱানসকলে৷ নিজৰ টেবুল-চকী নিজেই পৰিষ্কাৰ কৰা কাৰ্য সম্পাদন নকৰে বহুতো আৰক্ষী বিষয়াই৷ এনেবোৰ কাৰণতেই আৰক্ষী থানাবোৰ জনতাৰ আস্থাৰ স্থান হোৱাৰ পৰিৱৰ্তে হৈ পৰে অনাস্থাৰ প্ৰতীক৷ থানাৰ কৰ্মৰত বিষয়া-কৰ্মীৰ মুখত সততে শুনা অশ্ৰাব্য বাক্য, গালি, ধমকি আদিয়ে সাধাৰণ নাগৰিকক বিভাগটোৰ প্ৰতি থকা পুৰণিকলীয়া ভাবধাৰাৰ পৰিৱৰ্তন কৰাত বাধা জন্মায়৷ ৰাজ্যৰ গৃহ বিভাগটোৱে থানাসমূহত চিচিটিভি সংস্থাপন কৰিছে যদিও আস্থাত ল’ব পৰা নাই সাধাৰণ নাগৰিকে৷ ঘৰৰ পদূলিত আৰক্ষী দেখা পালে আজিও বুকু কঁপে নিৰপৰাধী নাগৰিকৰ৷ কোনো এটা বিপদত পৰি থানালৈ যোৱা নাগৰিকৰ কাৰণে আহে তিতা অভিজ্ঞতা৷ অপৰাধীক কৰায়ত্ত কৰিবলৈ যাব লগা আৰক্ষীৰ দলটোৰ বাহনখনৰ তেলটুপিৰ যোগান ধৰিব লাগে অভিযোগকাৰীয়ে৷ এনেবোৰ পৰিক্ৰমাৰ মাজত সেৱা আগবঢ়াই অহা আৰক্ষী থানাসমূহৰ প্ৰকৃত উন্নয়নৰ বাবে সজাগ আৰু কৰ্মঠ হ’ব লাগিব প্ৰতিজন বিষয়া-কৰ্মী ৷ যিদৰে আৰক্ষী সঞ্চালকৰ কাৰ্যালয়টো সুন্দৰ, ঠিক তেনেদৰে সুন্দৰ হ’ব লাগিব ৰাজ্যৰ প্ৰতিখন থানা৷ প্ৰতিখন থানাক ‘স্মাৰ্ট থানা’ বনোৱাৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ সমাধানৰ পথ বিচাৰিব লাগিব ৰাজ্যৰ গৃহ বিভাগে৷






