Logo
image

পূজাৰ পাছতেই ‘বিহু’ দেখুৱাব টোলগেটে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ আগষ্টঃ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ নামত ডিঙিলৈকে এতিয়া কৰত ডুব যাব লাগিব সৰ্বসাধাৰণ জনতা৷ কিয়নো দুৰ্গা পূজাৰ পাছতেই ৰাইজক  ‘বিহু’ দেখুৱাব টোলগেটে৷ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ ২৭ খন টোলগেট নিৰ্মাণত অসম চৰকাৰে সেউজ সংকেট দিয়াৰ খবৰক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ টোলগেটৰ নামত ৰাইজক বলিৰ পঠা সজাব বিচৰা কাৰ্যই জনতাক স্বাভাৱিকতেই ক্ষোভিত কৰি তুলিছে৷ অৱশ্যে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন বিচাৰিলে টোল কৰ পৰিশোধ কৰিব লাগিবই বুলি শাসক পক্ষই যুক্তি দিয়াহে দেখা গৈছে৷ ৰাজ্যত প্ৰস্তাৱিত নতুন ১৮ খন টোলগেটৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৫ খন টোলগেট সমাগত দুৰ্গা পূজাৰ পাছতেই মুকলি কৰা হ’ব বুলি ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষ অৰ্থাৎ এন এইচ এ আয়ে জানিবলৈ দিছে৷ অৰ্থাৎ উজনি-নামনি যাতায়ত কৰোতে ৰাজ্যবাসীয়ে পূজাৰ পাছতেই বৰ্তমানৰ ৯ খন টোলগেটৰ উপৰি আন ৫ খন টোলগেটত মাচুল দিহে যাত্ৰা কৰিব পাৰিব৷ ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষই প্ৰকাশ কৰা অনুসৰি শীঘ্ৰে মুকলি হ’বলগীয়া টোলগেট কেইখন হৈছে ক্ৰমে– দেৰগাঁৱৰ ৰঙামাটি, তেজপুৰৰ কলিয়াভোমোৰা, লখিমপুৰৰ পথালি পাহাৰ, বিশ্বনাথ আৰু বগীবিল৷ স্বাভাৱিকতেই ৰাজ্যত এই ৫ খন টোলগেটকে ধৰি ২৭ খন টোলগেট কাৰ্যক্ষম হ’লে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা এবাৰ ভ্ৰমণতে ৰাইজে যে ত্ৰাহি মধুসূদন সোঁৱৰিব লাগিব সেয়া নিশ্চিত৷ ব্যক্তিগত বাহন লৈ গ’লেও পেট্ৰলৰ খৰচতকৈ যে টোলগেটৰ মাচুল কেইবাগুণো অধিক হ’ব তাক নক’লেও অনুমেয়৷ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ দোহাই দি টোলগেট নিৰ্মাণ কৰিলেও ইয়াৰ ফলত যাত্ৰীবাহী বাহনৰ মাচুল বৃদ্ধি পোৱাই নহয়, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাটোও নিশ্চিত হৈ পৰিছে৷ ৰাষ্ট্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ নিৰিখ অনুসৰি বৰ্তমান গুৱাহাটীৰ সমীপৱৰ্তী নাজিৰাখাট টোলগেটত কাৰ, ভেন আৰু লঘু বাহনৰ মাচুল হৈছে ১৩৫ টকা৷ যদিহে এনে এখন সৰু বাহনে ৰাজ্যত ২৭ খন টোলগেট পাৰ হৈ শদিয়াৰ পৰা ধুবুৰী যাতায়ত কৰে, তেনেহ’লে [১৩৫X২৭] ৩৬৪৫ টকা আদায় দিব লাগিব৷ একেখন বাহন গন্তব্য স্থানৰ পৰা পূৰ্বৰ স্থানলৈ ঘূৰি আহিলে টোলগেটতে অহা-যোৱাৰ বাবদ সৰ্বমুঠ মাচুল আদায় দিব লাগিব [৩৬৪৫X২] ৭,২৯০ টকা৷ একেদৰে নাজিৰাখাট টোলগেটত বাছ আৰু ট্ৰাকৰ এবাৰ ভ্ৰমণৰ মাচুল হৈছে ৪৫৫ টকা৷ সেই হিচাপত ৰাজ্যৰ ২৭ খন টোলগেট পাৰ হ’বলৈ এখন ট্ৰাক বা বাছে অতি কমেও ২৪,৫৭০ টকা আদায় দিব লাগিব৷ ইয়াৰ ফলত বহিঃৰাজ্যৰ পৰা খাদ্য সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকে টোলগেটতে প্ৰায় ২৫ হাজাৰ টকা খৰচ কৰিলে, সেই ধন সামগ্ৰীৰ পৰা উঠাবলৈ হ’লে খাদ্য-সামগ্ৰীৰ যে মূল্য বৃদ্ধি হ’ব সেয়া ধ্ৰুৱ সত্য৷ কেৱল খাদ্য সামগ্ৰীয়ে নহয়, টোল কৰৰ পৰিণতিত বাছ যাত্ৰীৰ ভাৰা বৃদ্ধি কৰিবলৈ মালিক পক্ষ বাধ্য হোৱাটো নিশ্চিত৷ কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি প্ৰতি ৬০ কিলোমিটাৰ ব্যৱধানত টোল প্লাজা নিৰ্মাণ কৰিব লাগে যদিও অসমত আইন ভংগ কৰি ৬০ কিলোমিটাৰৰ দূৰত্বৰ ভিতৰতে টোল প্লাজাৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছে৷ অৱশ্যে, টোলগেটক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ ৰাজ্য চৰকাৰৰ অনুমোদ সাপেক্ষে এন এইচ আই ডি চি এলে শিৱসাগৰ-যোৰহাট সংযোগস্থল জাঁজীত নতুনকৈ এখন টোলগেট নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছে৷ উক্ত টোলগেটখনৰ লগতে উপ-পথ নিৰ্মাণৰ বাবদ ৩৩.৮৬ কোটি টকা নিবিদাত ধাৰ্য কৰিছে৷ এন এইচ আই ডি চি এল কতৃৰ্পক্ষই জনোৱা মতে জাঁজী টোল গেট নিৰ্মাণৰ নিবিদা দাখিলৰ অন্তিম দিন ১১ ছেপ্টেম্বৰ৷

চৰকাৰে টোলগেট বন্ধ নকৰিলে নিজাববীয়াকৈ ব্যৱস্থা ল’ব কৃষক মুক্তিয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গোলাঘাটঃ বিজেপি নেতৃত্বাধীন চৰকাৰখনে উৎপাদনশীল কাম-কাজৰ বিপৰীতে জনতোষণমূলক চমক সৃষ্টিকাৰী নিৰ্বাচনমুখী হিতাধিকাৰী আঁচনি গ্ৰহণ কৰিবলৈ হাজাৰ কোটি টকা ধাৰ লোৱাৰ লগতে নিতৌ নতুন কৰ সংগ্ৰহৰ জৰিয়তে জনসাধাৰণক এক জীয়াই থাকিব নোৱৰা পৰিৱেশলৈ ঠেলি দিছে৷ খাদ্য-সামগ্ৰীৰ পৰা ৰোগীৰ সাধাৰণ দৰৱলৈকে অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটোৱা চৰকাৰে পুনৰ অসমীয়া ৰাইজক শোষণ কৰিবৰ কাৰণে ১৮খনকৈ নতুন টোলগেট স্থাপনৰ ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত চলি থকা ৯খনকৈ টোলগেটৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত চলি অহা ধাৰাবাহিক আন্দোলন আৰু ৰাইজৰ সহমতক চূড়ান্ত উপেক্ষা কৰি মূল্যবৃদ্ধিৰ ভৰত কোঙা হৈ থকা জনসাধাৰণক টেঁটুচেপা দিবৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ সহযোগত অসম চৰকাৰে এনে হিটলাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি গোলাঘাটত সংবাদ মেল সংম্বোধন কৰি এনেদৰে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ বিৰুদ্ধে গৰজি উঠে কৃষক মুক্তি সংগ্ৰাম সমিতি৷ সংবাদ মেল সংম্বোধন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে বিগত ২০২২ চনৰ ২২মাৰ্চ তাৰিখে লোকসভাত খোদ কেন্দ্ৰীয় পথ পৰিবহণমন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে NH Fee Rules ২০০৮, ২০০৮ চনৰ ৫ ডিচেম্বৰ গেজেট নটিফিকেচনৰ বিধি উলংঘা কৰি ভাৰতবৰ্ষৰ ১৮৯টোলগেটৰ ভিতৰত অসমতো চাৰিখনকৈ টোলগেটৰ মাজৰ দূৰত্ব ৬০কিলোমিটাৰতকৈ ক’ম, আৰু এই চাৰিখনকৈ অবৈধ টোলগেট তিনিমাহৰ ভিতৰত বন্ধ কৰি দিয়া হ’ব বুলি মন্ত্ৰীজনে সদনত উল্লেখ কৰিছিল৷ সেই টোলগেটকেইখন আছিল নাজিৰাখাটৰ পৰা মদনপুৰ [৫৯], দাহালপাৰ পৰা পাটাগাঁও [৫৪], মিকিৰআটিৰ পৰা ৰহা [৫৩], গালিয়াৰ পৰা দাহালপুৰ [৪৬]৷ অসমত চলি থকা ৯খন টোলগেটৰ চাৰিখনেই অবৈধ হোৱাৰ পাছতো কেৱল লুণ্ঠনৰ কাৰণে আজিপৰ্যন্ত এখনো টোলগেট বন্ধ কৰা নহ’ল, ইয়াৰে ভিতৰত নিয়ম অনুসৰি পৌৰ এলেকাৰ পৰা প্ৰতিখন টোলগেটৰ দূৰত্ব অতিক’মেও দহ কিলোমিটাৰ হ’ব লাগে যদিও ৰহা টোলগেটৰ দূৰত্ব ৰহা পৌৰ এলেকাৰ পৰা দূৰত্ব মাত্ৰ এশ মিটাৰ৷  ইমানৰ পাছতো কেৱল মাত্ৰ শোষণৰ স্বাৰ্থত এই টোলগেটসমূহ অবৈধভাৱে চলাই থকা হৈছে৷ সাধাৰণ সম্পাদকজনে স্পষ্টভাৱে অভিযোগ কৰে যে অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ পৃষ্ঠপোষকতাত তেওঁৰ ভাতৃ জড়িত হৈ থকা এটা নিৰ্দিষ্ট কোম্পানী এম বি কনছ’টিয়ামে ৯খন টোলগেটৰ সৰহসংখ্যকতে অবৈধভাৱে নিবিদা লাভ কৰি আহিছে, আৰু এই নেক্সাছৰ জৰিয়তে টোলগেটসমূহত দিনৰ ভাগত জণসাধাৰণক টেঁটুচেপা দি টোলকৰ সংগ্ৰহৰ সমান্তৰালভাৱে নিশা বিজেপি ভেৰণীয়া বাহিনীৰ দ্বাৰা গুণ্ডাকৰ সংগ্ৰহ কৰা হয়৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে মন্ত্ৰীৰ ভাতৃ অথবা একাংশ ৰাজনৈতিক নেতাৰ সংস্থাপন জীৱন-জীৱিকাৰ বাবে সাধাৰণ ৰাইজক টেঁটুচেপি অসমত ইখনৰ পাছত সিখনকৈ টোলগেট নিৰ্মাণ কৰি থকা হৈছে৷ সংগঠনটোৱে লগতে কয় যে টোলগেটৰ ধাৰণাটো হৈছে ব্যৱসায়িক স্বাৰ্থৰ বাবে৷  ৰাইজৰ দ্বাৰা নিৰ্মাণ কৰা পথত সাধাৰণ ৰাইজৰ বাবে বিকল্প পথৰ নিৰ্মাণ নকৰাকৈ মূল পথটোত টোলগেট নিৰ্মাণ কৰিব নোৱাৰে, কিন্তু অসমৰ কোনো এখন টোলগেট নিৰ্মাণৰ ক্ষেত্ৰত এনে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বিপৰীতে খাটি খোৱা মানুহৰ পৰাও বাধ্যতামূলকভাৱে জোৰ-জুলুমকৈ টোলকৰ সংগ্ৰহ কৰা হৈছে৷ যাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমবাসী ৰাইজৰ সহযোগত ২০১৫ চনৰ পৰা ২০১৭ চনলৈকে ৰহা টোলগেট ২০১৫ চনৰ পৰা ২০২০ চনলৈকে বিজনী টোলগেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল৷ পৰৱৰ্তী সময়ত ক’ভিড আৰু ‘কা’ আন্দোলনত আমাৰ নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰি চোৰৰ দৰে টোলগেটসমূহ খুলি দিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৯খনকৈ টোলগেটৰ লগতে নতুনকৈ স্থাপন কৰিবলৈ লোৱা গোলাঘাটৰ ৰঙামাটি আৰু ৰঙাজান টোলগেটৰ লগতে লখিমপুৰ পথালি পাহাৰ আৰু বগীবিলকে ধৰি চৰকাৰে নিৰ্মাণ কৰি থকা আটাইবোৰ টোলগেট বন্ধ কৰি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ কিন্তু ৰাইজৰ তীব্ৰ প্ৰতিবাদক আওকাণ কৰি টোলগেট সম্পৰ্কীয় সকলো নীতি-নিয়ম জলাঞ্জলি দি কেৱল জনসাধাৰণৰ পৰা ব্যাপক কৰ সংগ্ৰহ কৰি মন্ত্ৰী-বিধায়কৰ ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থত এনেকৈয়ে নতুনকৈ টোলগেট নিৰ্মাণ কৰা হৈছে৷ চৰকাৰৰ পৰিকল্পনা অনুসৰি দুৰ্গা পূজাৰ আগেয়ে মূল্যবৃদ্ধি, কৰ-কাটলে জুৰুলা কৰা ৰাইজক মাধমাৰ দি দেৰগাঁও ৰঙামাটি, তেজপুৰৰ কলিয়াভোমোৰা, বিশ্বনাথ, লখিমপুৰৰ পথালি পাহাৰ আৰু বগীবিল টোলগেট মুকলি কৰিবলৈ চৰকাৰ আগবাঢ়িছে৷ তদুপৰি, মেৰাপানী, জাজী আৰু ডিমৌত নতুনকৈ টোলগেট বহুৱাৰ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছে৷ চৰকাৰী তথ্য অনুসৰি চলিত নখন টোলগেটৰ জৰিয়তে অসমৰ জনসাধাৰণৰ পৰা বৰ্তমানলৈকে ৪৮৮কোটি টকা সংগ্ৰহ কৰিছে চৰকাৰে৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি সৰ্বমুঠ ২৭খন টোলগেট অসমত সম্পূৰ্ণ হৈ উঠিলে জনসাধাৰণৰ কি পৰিস্থিতি হ’ব সেয়া সহজেই অনুমেয়৷ সংবাদ মেলত উপস্থিত কৃষক মুক্তিৰ নেতৃত্বই কয় যে অসমৰ মাটি, শিল আৰু বালিৰে ৰাজপথত ৰাইজৰ চলাচলৰ বাবে নীতিবহিৰ্ভূতভাৱে টোলগেট স্থাপন কৰি ৰাইজৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰা কাৰ্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও গ্ৰহণ নকৰে৷ শদিয়াৰ পৰা ধুবুৰীলৈকে সৰ্বমুঠ ২৭খন টোলগেট নিৰ্মাণ কৰাৰ ফলত এখন সৰু গাড়ী লৈ এজন ব্যক্তি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ’লে প্ৰায় ৮,৫০০ টকা বৰ্তমান হিচাপত ভৰিব লাগিব, সমান্তৰালভাৱে অভাৱনীয়ভাৱে প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিব৷ কৃষক মুক্তি সংগ্ৰাম সমিতৰ স্পষ্ট দাবী অসমৰ ন-পুৰণি সকলো টোলগেট অতিশীঘ্ৰে বন্ধ কৰক অন্যথা আমি ২০১৫ চনৰ দৰে ৰাইজক লগত লৈ নিজাববীয়াকৈ টোলগেটসমূহ বন্ধ কৰি দিবলৈ বাধ্য হ’ম৷ আজিৰ এই সংবাদ মেলত বিদ্যুৎ শইকীয়াৰ লগতে উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ যুটীয়া সাধাৰণ সম্পাদক ৰূপম গগৈ, জিলা কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী আৰু কৃষক মুক্তিৰ গোলাঘাট জিলাৰ সদস্য পলাশ গগৈ৷