Logo
image

আলোকসজ্জা, ফ্লাইঅভাৰে ‘স্মাৰ্ট’ কৰিব পৰা নাই গুৱাহাটীক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ আগষ্টঃ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এখনৰ পাছত এখন ফ্লাই অভাৰ আৰু হেৰিটেজ অট্টালিকাৰ ওপৰত বুলড’জাৰ চলাই আলোকসজ্জাৰে সৌন্দৰ্যবৰ্ধনৰ অভিলাসী প্ৰকল্প হাতত ল’লেও কেন্দ্ৰীয় চৰকাৰৰ ‘নেশ্বনেল স্মাৰ্ট চিটী এৱাৰ্ড’ৰ তালিকাত স্থান নাপালে স্মাৰ্ট চিটী গুৱাহাটীয়ে৷ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পই দেশৰ শ্ৰেষ্ঠ চিটীৰ তালিকাত স্থান লাভ নকৰাৰ বিপৰীতে উত্তৰ-পূবৰ দুখন তুলনামূলকভাৱে সৰু চহৰ  অৰ্থাৎ স্মাৰ্ট চিটী ক্ৰমে নাগালেণ্ডৰ ক’হিমা আৰু চিকিমৰ নামচিয়ে৷ অথচ গুৱাহাটীয়ে ২০১৫ চনতে দেশৰ প্ৰথম ২০খন স্মাৰ্ট চিটী নিৰ্মাণৰ তালিকাত স্থান লাভ কৰিছিল৷ এক কথাত গুৱাহাটীতকৈ বহু পাছত স্মাৰ্ট চিটী প্ৰকল্পৰ অনুমোদন লাভ কৰা ক’হিমা, নামচিৰ দৰে সৰু চহৰে গুৱাহাটী মহানগৰীক পিছ পেলাই উত্তৰ-পূবৰ শ্ৰেষ্ঠ স্মাৰ্ট চিটীৰ সন্মান বুটলিবলৈ সক্ষম হ’ল৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে দেশৰ ১০০ স্মাৰ্ট চিটীৰ মাজত বিভিন্ন শিতানত নেশ্বনেল স্মাৰ্ট চিটী এৱাৰ্ড-২০২২ৰ বাবে সমীক্ষা চলাইছিল৷ অৱশ্যে ৮০খন স্মাৰ্ট চিটীৰ ৮৪৫টা প্ৰকল্পই সমীক্ষাৰ বাবে মনোনয়ন লাভ কৰিছিল৷ এই সমীক্ষাত দেশৰ ৮০খন স্মাৰ্ট চিটীৰ ভিতৰত দেশৰ শ্ৰেষ্ঠ স্মাৰ্ট চিটী হিচাপে স্বীকৃতি লাভ কৰিছে ইন্দোৰে৷ ইন্দোৰৰ পাছতেই নেশ্বনেল স্মাৰ্ট চিটীৰ পুৰস্কাৰ লাভ কৰিছে ক্ৰমে চুৰাট আৰু আগ্ৰাই৷ আনহাতে, মাণ্ডলিক শিতানত উত্তৰ-পূবৰ শ্ৰেষ্ঠ স্মাৰ্ট চিটীৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে দুখন চহৰে৷ সেই দুখন স্মাৰ্ট চিটী হৈছে ক্ৰমে নাগালেণ্ডৰ ক’হিমা আৰু চিকিমৰ নামচি৷ ইফালে, পৰিৱেশ বান্ধৱ স্মাৰ্ট চিটী শিতানত কইম্ব’টৰ, ইন্দোৰ, কলকাতা আৰু কানপুৰে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে৷ একেদৰে সাংস্কৃতিক শিতানত আহমেদাবাদ, ভূপাল স্মাৰ্ট চিটীয়ে পুৰস্কাৰ লাভ কৰিছে৷ অৰ্থনীতিৰ শিতানত জবলপুৰ, ইন্দোৰ আৰু লক্ষ্ণৌৱে স্থান লাভ কৰাৰ বিপৰীতে ৰাজহুৱা অভিযোগ মীমাংসাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্বৰ স্বীকৃতি লাভ কৰিছে চণ্ডীগড়ে৷ আনহাতে, শ্ৰেষ্ঠ অনাময় শিতানত পুৰস্কৃত হৈছে ইন্দোৰ চহৰ৷ দুৰ্ভাগ্যজনক বিষয়টো হৈছে গুৱাহাটী স্মাৰ্ট চিটীৰ নামত কোটি কোটি টকা ব্যয়ৰে প্ৰকল্প ৰূপায়ণৰ কাম কৰা পাছতো কোনো এটা শিতানতেই স্থান লাভ নকৰিলে গুৱাহাটীয়ে৷ অভিযোগ অনুসৰি ২০১৬ চনৰ পৰা গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ কাম চলিলেও আজিলৈকে অধিকাংশ প্ৰকল্পই সম্পূৰ্ণ হোৱা নাই৷ আনকি গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ ধন বিষয়াৰ গুৰুত্বহীনতাৰ বাবে অব্যৱহূত হৈ থকাৰো অভিযোগ আছে৷ ২০২৩ চনৰ মাৰ্চৰ ভিতৰতে  সংহত ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম সম্পূৰ্ণ কৰাৰ সময়-সীমা আছিল যদিও এই প্ৰকল্পও আজিলৈকে সম্পূৰ্ণ নহ’ল৷ পানী, এটিএম, বায়’টয়লেট, গান্ধী মণ্ডপৰ সু-উচ্ছ ৰাষ্ট্ৰীয় পতাকা প্ৰকল্পৰ বাহিৰে গুৱাহাটী স্মাৰ্ট চিটীৰ কোনো প্ৰকল্পই সম্পূৰ্ণ নহ’ল৷ অৱশ্যে পানী, এটিএম আৰু বায়’টয়লেট প্ৰকল্পত গুৱাহাটীয়ে ফ্লপ হ’বলগীয়া হ’ল৷