Logo
image

জংকি শৰ্মালৈ ২০২৩ বৰ্ষৰ 'লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা'

ডিজিটেল সংবাদ, গুৱাহাটীঃ সাহিত্য-সংস্কৃতিমূলক বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান 'স্পন্দন…শব্দৰ পৰা হৃদয়লৈ'ৰ  উদ্যোগত আয়োজিত ৪০ বছৰৰ অনুৰ্ধৰ কবিৰ কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিযোগিতালৈ অহা ২৩খন পাণ্ডুলিপিৰ ভিতৰত নলবাৰীৰ জংকি শৰ্মাই 'অনুপস্থিতি আৰু অন্যান্য কবিতা' শীৰ্ষক পাণ্ডুলিপিৰ বাবে লাভ কৰিছে ২০২৩ বৰ্ষৰ 'লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা'। অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া সভাত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত আছে নগদ ১০ হাজাৰ টকা, ৰূপৰ স্মাৰক, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰৰ লগতে গ্ৰন্থৰ টোপোলা। 

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কাব্যচৰ্চা কৰি অহা কবি জংকি শৰ্মাৰ বিভিন্ন কবিতাই ইতিমধ্যে পাঠক সমাজৰ সমাদৰ লাভ কৰিছে । হাইস্কুলীয়া দিনৰ পৰাই সাহিত্যচৰ্চাৰ লগত জড়িত জংকি শৰ্মাই ২০১৮ বৰ্ষত লাভ কৰিছিল নলবাৰী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মান । শিশু কাকত 'জিজ্ঞাস'ত প্ৰথম আত্মপ্ৰকাশ কৰা জংকি শৰ্মাৰ কবিতা পৰৱৰ্তীকালত দৈনিক অসম, জনমভূমি, গৰীয়সী, সাতসৰী, গণ অধিকাৰ, যাত্ৰা, সেউজী-সেউজী আদিত প্ৰকাশ পায় । ২০২০ বৰ্ষত প্ৰকাশ পায় জংকি শৰ্মাৰ প্ৰথমখন কবিতা সংকলন 'চহৰতো এখন আকাশ আছে'৷ ব্যতিক্ৰমী বক্তব্যৰ আৰু বিশেষকৈ টুকুৰা কবিতা (fragment poetry)ৰ বাবে জনপ্ৰিয় হোৱা কবি জংকি শৰ্মা আমন্ত্ৰিত হৈছিল আকাশবাণী, গুৱাহাটীৰ দ্বাৰা সম্প্ৰচাৰিত 'যুৱবাণী' অনুষ্ঠানলৈ ৷ অতি সচেতনভাৱে নতুন নতুন বিষয় আৱিষ্কাৰেৰে কবিতা লিখি থকা জংকি শৰ্মাৰ কবিতা ইতিমধ্যে বাংলালৈও অনূদিত হৈছে৷ ভূগোল বিজ্ঞান বিষয়ৰ স্নাতকোত্তৰ জংকি শৰ্মাই বৰ্তমান কবিতাত বিভিন্ন উত্তৰ আধুনিককালীন পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰিকল্পনা কৰি আছে যি অসমীয়া কবিতালৈ এক ইতিবাচক সংকেত কঢ়িয়াই আনিছে বুলি ক'ব পৰা যায়৷