Logo
image

নীৰজ চোপ্ৰাৰ বিশ্ব জয়

কেইবছৰমান আগলৈকে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ মনত বাৰুকৈয়ে ক্ৰিয়া কৰা প্ৰশ্নটো আছিল–অলিম্পিকৰ এথলেটিকছত ভাৰতীয় খেলুৱৈয়ে পদক অৰ্জন কৰাটো সম্ভৱ হ’বনে? এই প্ৰশ্নটোৰ উত্তৰ আহিল হাৰিয়ানাৰ পানিপট জিলাৰ জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ পৰা৷ ফাইনেলত ৮৭.৫৮ মিটাৰলৈ জেভেলিন নিক্ষেপ কৰি অলিম্পিকৰ এথলেটিকছত স্বৰ্ণপদক জয় কৰা ভাৰতৰ প্ৰথমজন এথলীটত পৰিণত হৈছিল নীৰজ৷ সেই প্ৰদৰ্শনেৰে অলিম্পিকত ব্যক্তিগত স্বৰ্ণপদক লাভ কৰা ভাৰতৰ দ্বিতীয়জন খেলুৱৈ হিচাপেও স্বীকৃত হৈছিল তেওঁ৷ অলিম্পিকৰ ব্যক্তিগতভাৱে স্বৰ্ণপদক জয় কৰা ভাৰতৰ প্ৰথমজন খেলুৱৈ আছিল শ্বুটাৰ অভিনৱ বিন্দ্ৰা৷ অলিম্পিকৰ স্বৰ্ণপদক অৰ্জন কৰি নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছত ভাৰতক দিছিল এক বিশেষ স্থান৷ সফলতাৰ ধাৰা অব্যাহত ৰাখি এথলীটজনে এইবাৰ ভাৰতক দিলে বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণপদক৷ হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত প্ৰতিযোগিতাত তেওঁ লাভ কৰে এই সফলতা৷ এইদৰে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণপদক লাভ কৰা ভাৰতৰ প্ৰথমজন এথলীটত পৰিণত হয় ২৫ বছৰীয়া নীৰজ৷ বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী এথলীট আছিল লং জাম্পাৰ অঞ্জু ববী জৰ্জ৷ ২০০৩ চনত অঞ্জু ববীয়ে লাভ কৰিছিল ব্ৰঞ্জৰ পদক৷ যোৱা বছৰৰ বিশ্ব চেম্পয়নশ্বিপতো নীৰজ চোপ্ৰাই লাভ কৰিছিল পদক৷ অৱশ্যে, সেয়া আছিল ৰূপৰ পদক৷ উল্লেখ্য, এইবাৰৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ জেভেলিন থ্ৰ’ৰ ফাইনেলত আছিল ভাৰতৰ তিনিজন এথলীট৷ এথলেটিকছত যে ভাৰতৰ খেলুৱৈৰ প্ৰদৰ্শন শেহতীয়াকৈ যথেষ্ট উন্নত হৈছে এয়া তাৰেই প্ৰমাণ৷ অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণপদক জয় কৰাৰ পূৰ্বে নীৰজ চোপ্ৰাই লাভ কৰিছে এছিয়ান চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, কমনৱেল্‌ছ গেমছ  আৰু ডায়মণ্ড লীগৰ স্বৰ্ণপদক৷ এই সফলতাৰ বাবেই নীৰজ চোপ্ৰা এতিয়া বিশ্ব এথলেটিকছত এটা পৰিচিত নাম৷
শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে এসময়ত খেলত মনোনিৱেশ কৰা নীৰজ চোপ্ৰা এতিয়া ভাৰতীয় এথলেটিকছৰ ‘গ’ল্ডেন বয়’৷ স্ব-গৃহৰ সমীপৰ শিৱাজী ষ্টেডিয়ামত নিতৌ পুৱা জ’গিং কৰিবলৈ যাওঁতে নীৰজৰ পৰিচয় হৈছিল প্ৰাক্তন জেভেলিন থ্ৰ’ৱাৰ জয় চৌধুৰীৰ সৈতে৷ তেওঁৰ সৈতে সাক্ষাৎ হোৱাৰ আগলৈকে জেভেলিন কি বস্তু সেই কথাকে জনা নাছিল নীৰজে৷ এদিন এই জয় চৌধুৰীয়েই নীৰজৰ হাতত তুলি দিছিল জেভেলিন৷ প্ৰথম প্ৰচেষ্টাতে তেওঁ নিক্ষেপ কৰিছিল ৪০ মিটাৰলৈ৷ চৌধুৰীয়ে সেই সময়তে বুজিব পাৰিছিল যে শৰীৰৰ ওজন বেছি হ’লেও নীৰজ এদিন এজন ভাল জেভেলিন থ্ৰ’ৱাৰ হ’ব পাৰিব৷ তাৰ পাছতেই লাহে লাহে নীৰজৰ জীৱনৰ এক অংগত পৰিণত হৈ পৰিছিল জেভেলিন৷ অলিম্পিক, কমনৱেল্‌থ গেমছ, বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণপদক জয় কৰাৰ পাছত বহুতেই নীৰজ চোপ্ৰাক ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথলীটৰো আখ্যা দিছে৷ কিন্তু নীৰজে নিজকে দেশৰ শ্ৰেষ্ঠ এথলীট হিচাপে মানি ল’ব নিবিচাৰে৷ এই সন্দৰ্ভত তেওঁৰ মন্তব্য হৈছে–‘এথলীটসকলৰ কেৰিয়াৰৰ কোনো সীমা নাথাকে৷ নাথাকে কোনো ফিনিশ্ব লাইন৷ কিয়নো, প্ৰতিদিনেই নিজৰ প্ৰদৰ্শন উন্নত কৰাৰ সুযোগ থাকে, সুযোগ থাকে আন প্ৰতিদ্বন্দ্বীক চেৰ পেলাই যোৱাৰ৷ শ্ৰেষ্ঠ এথলীটৰ প্ৰসংগলৈ আহিলে নাম ল’ব লাগিব চেক গণৰাজ্যৰ জেলেজনিৰ৷ এইজন এথলীটে কেৰিয়াৰত ৩৩বাৰ ৯০ মিটাৰতকৈ অধিক দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিছে৷ তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৯৮.৪৮ মিটাৰ৷’ নীৰজে লগতে কয় যে দেশৰ হৈ আৰু অধিক পদক জয় কৰিব বিচাৰে তেওঁ৷ সেই লক্ষ্যৰেই নিজকে সাজু কৰাৰ লক্ষ্য৷ বুডাপেষ্টৰ বিশ্ব চেম্পিয়নশ্বিপত ৮৮.১৭ মিটাৰলৈ জেভেলিন থ্ৰ’ কৰি স্বৰ্ণপদক জয় কৰিছে নীৰজে৷ আনহাতে, টকিঅ’ অলিম্পিকত স্বৰ্ণ জয়ৰ বাবে তেওঁক প্ৰয়োজন হৈছিল ৮৭.৫৬ মিটাৰ৷ এতিয়ালৈকে ৯০ মিটাৰ অথবা ততোধিক দূৰত্বলৈ নিক্ষেপ কৰিবলৈ সক্ষম হোৱা নাই, সেয়াই আক্ষেপ ভাৰতীয় এথলীটজনৰ৷ ৯০ মিটাৰলৈ জেভেলিন নিক্ষেপ কৰিব নোৱাৰিলে লক্ষ্যপ্ৰাপ্তি নহ’ব বুলিয়ে স্পষ্টভাৱে জনাইছে নীৰজে৷ তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৮৯.৯৪ মিটাৰ৷ লক্ষ্যপথত অবিচলিত থাকিলে ৯০ মিটাৰলৈ নিক্ষেপ কৰাটো নীৰজৰ বাবে নিশ্চয় অসম্ভৱ নহ’ব৷ তাৰ বাবে তেওঁক দিব লাগিব কিছু সময়৷