Logo
image

জি-২০ৰ প্ৰাক্‌মুহূৰ্তত পুনৰ চীনৰ দৌৰাত্ম্যঃ চীনৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক দাবী ৰাউটৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ আগষ্টঃ অহা মাহৰ দ্বিতীয় সপ্তাহত জি-২০ শীৰ্ষ সন্মিলনত বিশ্বৰ অন্যতম ক্ষমতাশালী নেতা হিচাপে ৰাষ্ট্ৰপতি ছি জিনপিঙক নতুন দিল্লীয়ে বিশেষভাৱে আদৰণি জনাবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে চীনে ২০২৩ টনৰ ‘ষ্টেণ্ডাৰ্ড মেপ’ত ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু আকচাই চিনক অন্তৰ্ভুক্ত কৰি গুৰুতৰ বিতৰ্কৰ সৃষ্টি কৰিছে৷ পূৰ্বেও চীনে ভাৰতৰ এই অংশক নিজৰ বুলি দাবী কৰিছিল৷ সম্প্ৰতি দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিক্‌ছ সন্মিলনৰ মাজত অনানুষ্ঠানিক আলোচনাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিং মুখামুখি হৈছিল৷ সেই আলোচনাত দুয়ো লাডাখ অঞ্চলত বিগত দুবছৰ ধৰি চলি থকা তীব্ৰ উত্তেজনা আৰু বিবাদ প্ৰশমন কৰিবলৈ একমত হোৱা বুলি বৈদেশিক সচিব বিনয় কোৱাত্ৰাই প্ৰকাশ কৰিছিল৷ সেই সাক্ষাতৰ এসপ্তাহ পাৰ নৌহওঁতেই আৰু জি-২০ সন্মিলনৰ বাবে জিনপিং নতুন দিল্লীলৈ আহিবলৈ ১০ দিন বাকী থকা অৱস্থাত চীনে প্ৰদৰ্শন কৰা এই দৌৰাত্ম্যই ভাৰতৰ চকু কপালত তুলিছে৷ চীনে চৰকাৰীভাৱে প্ৰকাশ কৰা মানচিত্ৰত সমগ্ৰ অৰুণাচল প্ৰদেশ আৰু বিবদমান আকচাই চিন সামৰি লোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শিৱসেনাৰ (উদ্ধৱ গোট) নেতা তথা সাংসদ সঞ্জয় ৰাউতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চীনৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক চলাবলৈ পৰামৰ্শ দিছে৷ এই খবৰ প্ৰকাশ হোৱাৰ পাছতে সঞ্জয় ৰাউতে প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি কয়– ‘চীনৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক চলাবলৈ আপোনাৰ সাহসে কুলাবনে? মই ভাবো, আপুনি নিজে এই বিষয়টোত গুৰুত্ব দিয়ক৷ আপুনি ব্ৰিক্‌ছ সন্মিলনত ভাগ লওঁতে চীনৰ মন্ত্ৰী-বিষয়াক আকোৱালি লৈছে৷ জিনপিঙৰ সৈতে লাডাখ বিবাদৰ ক্ষেত্ৰত একমত হোৱা বুলি দেশৰ বৈদেশিক সচিব বিনয় কোৱাত্ৰাই প্ৰকাশ কৰিছে৷ তাৰ পাছতো কেনেকৈ চীনে ইমান সাহস দেখুৱায়? আপুনি চীনৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক কৰি সাহস প্ৰদৰ্শন কৰক৷’ তেওঁ পুনৰ কয়– ‘ৰাহুল গান্ধীয়ে সঠিক কথাই কৈছে৷ চীনে ভাৰতৰ ভূমি দখল কৰিছে৷ চীন ভাৰতত সোমাইছে৷ তেওঁ লাডাখ ভ্ৰমণ কৰি আহি সীমান্তৰ প্ৰকৃত সত্য প্ৰকাশ কৰিছে৷’ ভাৰতৰ প্ৰতিৱেশী অথচ শত্ৰুভাৱাপন্ন দেশখনে শেহতীয়াকৈ প্ৰকাশ কৰা ২০২৩ চনৰ ‘ষ্টেণ্ডাৰ্ড মেপ’ত অৰুণাচল প্ৰদেশ, আকচাই চিনৰ উপৰি টাইৱান আৰু দক্ষিণ চীন সাগৰকো নিজৰ দেশৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰিছে৷ চীনে দীৰ্ঘদিনৰ পৰা অৰুণাচল প্ৰদেশক নিজৰ অংশ বুলি দাবী কৰি আহিছে৷ কিছুদিন পূৰ্বে চীনে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ, কেইবাটাৱো অঞ্চল, নদী, পাহাৰৰ শৃংগৰ নতুনকৈ নামাকৰণ কৰিছিল৷ আনহাতে, লাডাখত ভাৰতৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছিল চীন৷ ইপিনে, লাডাখৰ গাতে লাগি থকা আকচাই চিন ভাৰতৰ অংগ বুলি নতুন দিল্লীয়ে দাবী জনাই আহিলেও সেই অঞ্চলটো ১৯৬২ চনৰ চীনৰ যুদ্ধৰ পৰাই চীনৰ দখলত আছে৷ ঐতিহাসিক সত্য এয়াই যে ভাৰতে আকচাই চিনৰ দখল এৰাৰ বাবেই চীনে ১৯৬২ চনৰ যুদ্ধত ব’মডিলালৈকে দখল কৰাৰ পাছতো একপক্ষীয়ভাৱে সেনা প্ৰত্যাহাৰ কৰিছিল৷ চীনৰ বাবে আকচাই চিন ‘ষ্ট্ৰেটেজিক’ কাৰণত অতি প্ৰয়োজনীয় স্থা আছিল৷ চীনে আকচাই চিনৰ মাজেৰে লাৎসে কাউণ্টিৰ পৰা তিব্বতৰ ছিনজিয়াঙক সংযোগ কৰা ২১৯ নম্বৰ ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰি উলিয়াইছে৷ তিব্বতৰ সৈতে যোগাযোগ ৰখাৰ বাবে আকচাই চিনেই হৈছে মূল ভূখণ্ড৷ ভাৰতে আকচাই চিন লেহ জিলাৰ অন্তৰ্গত বুলি দাবী কৰিলেও ১৯৬২ চনৰ ১৮ নৱেম্বৰত নিশাৰ ভিতৰতে আকচাই চিনৰ পৰা সেনা অপসাৰণ কৰে আৰু তাৰ লগে লগে চীনে আকচাই চিনৰ দখল লৈ ১৯ নৱেম্বৰত ভাৰতৰ বিৰুদ্ধে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে৷