Logo
image

ৰন্ধন গেছৰ মূল্য ব্যাপক হ্ৰাসঃ কমিব পেট্ৰ’ল-ডিজেলৰো দাম!

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ আগষ্টঃ গ্ৰাহকক সকাহ দি অৱশেষত ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত সদৰী কৰি কয় যে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ২০০টকা হ্ৰাসৰ সিদ্ধান্ত লৈছে মোদী চৰকাৰে৷ মঙলবাৰে এইক্ষেত্ৰত সেউজ সংকেট দিয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাই৷ উজ্বলা প্ৰকল্পৰ আওতাত থকা ৰন্ধন গেছৰ মূল্য ৪০০টকা হ্ৰাস পাব৷ উল্লেখ্য, চলিত বৰ্ষৰ শেষত দেশৰ কেইবাখনো ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ হয়তো মোদী চৰকাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত লয়৷ নিৰ্মলা সীতাৰমণে টুইট কৰি কয়– ৰাখী আৰু ওলাম উপলক্ষে ৰন্ধন গেছৰ দাম ২০০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত লয় মোদী চৰকাৰে৷ এই উৎসৱ উপলক্ষে মাতৃ-ভগ্নীসকলক ‘স্নেহ উপহাৰ’ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায় সীতাৰমণে৷ আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে প্ৰকাশ কৰা অনুসৰি নতুনকৈ আৰু ৭৩ লাখ মহিলাক উজ্বলা আঁচনিৰ আওতালৈ অনা হ’ব৷ উল্লেখ্য, বিগত জুলাই মাহত শেষবাৰৰ বাবে গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল৷ ইয়াৰ পূৰ্বে মে’ মাহত দুবাৰকৈ ৰন্ধন গেছৰ দাম বাঢ়িছিল৷ চলিত মাহৰ আৰম্ভণিতে তেল সংস্থাসমূহে বাণিজ্যিক গেছৰ দামৰ পৰ্যালোচনা কৰে৷ বাণিজ্যক গেছৰ ১৯ কেজিৰ চিলিণ্ডাৰৰ দাম ৯৯.৭৫ টকা হ্ৰাস কৰা হৈছিল৷ অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ থাকে৷ মধ্যপ্ৰদেশ, ৰাজস্থান, চত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ নিৰ্বাচন অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ শেষৰপিনে৷ হয়তো ইয়াৰ বাবে মোদী চৰকাৰে হ্ৰাস কৰে চিলিণ্ডাৰৰ মূল্য৷ ২০১৬ চনত আৰম্ভ কৰা উজ্বলা আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ত কোটি মহিলাক ৰন্ধন গেছৰ সংযোগ দিয়া হয়৷ এই আঁচনি অধীনত এতিয়া প্ৰতিটো চিলিণ্ডাৰ ৪০০ টকাত কিনিব লাগিব৷ লক্ষণীয়ভাৱে ৰন্ধন গেছৰ সমান্তৰালভাৱে শীঘ্ৰে দেশত হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰো মূল্য৷