Logo
image

চাকৰিৰ বজাৰৰ মালিক কোন? আক্ৰমণাত্মক ভূপেনঃ শান্তনু পূজাৰীক গ্ৰেপ্তাৰ নকৰাক লৈও প্ৰশ্ন

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৩০ আগষ্টঃ ‘বিজেপিৰ বাজপেয়ী ভৱনত চলে চাকৰিৰ বজাৰ৷ চাকৰিৰ বজাৰ খোলা লেচীজন হৈছে বাজপেয়ী ভৱনৰ কাৰ্যালয়প্ৰমুখ শান্তনু পূজাৰী৷ এই চাকৰিৰ বজাৰৰ মালিক কোন? শান্তনু পূজাৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয়?’ –মঙলবাৰে ডিব্ৰুগড় ৰাজীৱ ভৱনত এক সংবাদ মেল আয়োজন কৰি আক্ৰমণাত্মক ভংগীৰে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তামোল এখন নোখোৱাকৈ চাকৰি দিম কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে বাজপেয়ী ভৱনত চাকৰিৰ বজাৰ চলাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সভাপতি ভূপেন বৰাই কয়, আগফালে দুৱাৰ দাং পিছফালে ধুবা্‌ংবাঙৰ দৰে অৱস্থা বিজেপিৰ বাজপেয়ী ভৱন৷ ইফালে এগৰাকী নাৰীয়ে চাকৰিৰ নামত জীৱনৰ চৰম ত্যাগ দিবলগীয়া হ’ল৷ কংগ্ৰেছৰ সভাপতিজনে এই সন্দৰ্ভত কয়, জুই নজ্বলিলে ধোঁৱা নোলায়৷ জুই জ্বলাৰ কাৰণেহে ধোঁৱা ওলাইছে৷ এই সমগ্ৰ ঘটনাটোত বিজেপিৰ বাজপেয়ী ভৱনৰ কাৰ্যালয়প্ৰমুখ জড়িত থকাৰ পাছতো পুঠি-খলিহনা ধৰাত ব্যস্ত হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষীয়ে৷ বাজপেয়ী ভৱনৰ চাবি-কাঠি থকা শান্তনু পূজাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস গোটাব পৰা নাই বুলি উল্লেখ কৰি চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰসংগত কয়, চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত আজিলৈকে কিমান নিযুক্তি দিলে, সেই তালিকাত কোন কোন আছে, কিমান পদৰ বিপৰীতে কিমান পালে আৰু অপেক্ষাকাৰীৰ তালিকাত কিমান আছে, কোনে কিমান নম্বৰ লাভ কৰি চাকৰি পালে আজিও স্পষ্ট কৰিব পৰা নাই চৰকাৰে৷ আনকি তথ্য জনাৰ আইনত অধীনত আবেদনকাৰীৰ উত্তৰো দিব পৰা নাই চৰকাৰে৷ বিজেপি নেতা দ্বিবন ডেকাৰ প্ৰসংগত কয়, দ্বিবন ডেকাৰ এটা ফোনতে বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে থৰকাছুটি হেৰুৱায়৷ ফোন ৰিচিভ কৰিব নোৱাৰিলে কলবেক কৰে৷ বাজপেয়ী ভৱন প্ৰসংগত কংগ্ৰেছ সভাপতিজনে পুনৰ কয়, ধুনীয়া ভৱনৰ ভিতৰত ধুনীয়া বুলি ভাবে৷ বৰচুৰিয়াৰ ফেৰযভিতৰত ঢকোৱাৰ বেৰ৷ বাজপেয়ী ডাঙৰীয়া সকলোৰে শ্ৰদ্ধাৰ, আদৰ্শগত মিল নাথাকিলেও অটল বিহাৰী বাজপেয়ীক আমিও শ্ৰদ্ধা কৰোঁ৷ কিন্তু তেওঁৰ নামত থকা ভৱনৰ ভিতৰত চাকৰিৰ বজাৰ চলিছে৷ সৰু-সৰুকৈ দোকান খুলিছে চাকৰিৰ৷ বাজপেয়ী ভৱনত থকা লেচীজন কোন? সেই লেচীজন শান্তনু পূজাৰী নেকি? অসমত সাম্প্ৰতিক ব্যৱস্থা সন্দৰ্ভত কয়, বিদু্যৎ মাচুল অত্যধিক বৃদ্ধি পাইছে৷ বিল দিব নোৱাৰি লাইন কাটি দিছে৷ পঘা পুৰি শেষ হ’লে পাক নেৰে৷ বিজেপিৰ এতিয়া অৱস্থা তেনেকুৱা হৈছে৷ এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে যদি সন্ধিয়ালৈকৈ উত্তৰ নিদিয়ে তেন্তে অসম প্ৰদেশ যুৱ কংগ্ৰেছে ৰাজ্যজুৰি আন্দোলন কৰিব৷ চাকৰি নামত পুঠি-খলিহনা নহয়, ৰৌ-বৰালী ধৰিবলৈকো দাবী জনাইছে কংগ্ৰেছ সভাপতিজনে৷ আনহাতে, ৰাজ্যত নতুনকৈ ১৮খন টোলগেট স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰসংগত কয়, কংগ্ৰেছৰ দিনৰ শ্লোগান আছিল ‘ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ৷ কিন্তু এতিয়া বিজেপিৰ দিনত ‘ৰাইজৰ পদূলিত টোলগেট’ হৈছে৷ উজনিৰ পৰা নামনিলৈ গ’লে ২০খন টোলগেটত অসমৰ ৰাইজক টকা দিবলৈ সাজু হৈ থকাৰ বাবে আহ৩ান জনাইছে৷ অসম জাতীয় পৰিষদক ‘ফটুৱা’ দল বুলি জুবিন গাৰ্গে কৰা মন্তব্যৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত ভূপেন বৰাই কয়, এটা সময়ত জুবিন গাৰ্গে বিজেপিক যিমান কটু ভাষাৰে সমালোচনা কৰিছিল, আমাৰ যিসকলৰ স্মৃতিশক্তি আছে কোনোৱেও পাহৰা নাই৷ ‘কা’ আন্দোলনৰ সময়ৰ জুবিন গাৰ্গৰ ভূমিকা পাহৰিব নোৱাৰোঁ৷ তাৰ পাছত ব্ৰহ্মপুত্ৰয়েদি বহু পানী বৈ গ’ল৷ সেয়াও আমি দেখা পালোঁ৷ মই এটা কবিতা লিখিছিলোঁ৷ সেই কবিতাটো গানলৈ ৰূপান্তৰ কৰিবলৈ জুবিন গাৰ্গক ৰাজহুৱাকৈ আহ্বান জনাইছিলোঁ৷ তেখেতেও ৰাজহুৱাকৈ প্ৰত্যুত্তৰ দি কৈছিল ‘পলিটিক্স’ত নোসোমোৱাৰ কথা৷ লগতে ‘পলিটিচিয়ান’ৰ বিষয়ত মাত নমতাৰ কথাও কৈছিল৷ এতিয়া তেওঁ আকৌ পলিটিক্সৰ বিষয়ত মাত মাতিবলৈ আৰম্ভ কৰিছে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ প্ৰসংগত কয়, লুৰীণজ্যোতি গগৈ এটা স্থিতিত আছে৷ তেওঁ স্থিতি সলনি কৰা নাই৷ যদি স্থিতি সলনি নকৰাটো কোনোবাই অপৰাধ বুলি ক’ব খোজে, তেনেহ’লে সেই অপৰাধ বাৰে বাৰে কৰিবলৈ আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷