Logo
image

স্মৃতি শক্তি হ্ৰাস পালে এইখিনি কৰক

কামৰ অধিক বোজা, অত্যাধিক দায়িত্ব, মানসিক অৱসাদ, পাচন তন্ত্ৰৰ বিসংগতি, মাজে মাজে হোৱা জ্বৰ বা দীৰ্ঘদিনীয়া বেমাৰ, মগজুত আঘাত পোৱা আদিৰ বাবেও স্মৃতি শক্তি হ্ৰাস পায়৷ স্মৃতি শক্তি হ্ৰাস পোৱাৰ ফলত যিকোনো কথা সোনকালে পাহৰি যোৱা পৰিলক্ষিত হয়৷

- কেইটামান বাদাম বাকলিৰে সৈতে এৰাতি পানীত তিয়াই ৰাখক৷ পাছত বাকলি এৰুৱাই গৰম গাখীৰৰ সৈতে মিহলাই খালে সুফল পোৱা যায়৷ অথবা বাদাম খিনি এচামুচ ঘিউ আৰু দুচামুচ চিনিৰে মিহলাই গৰম কৰি খালেও স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে৷
- আনহাতে কেইটামান বাদাম পানীত তিয়াই ৰাখি বাকলি এৰুৱাই কেইটামান জালুকৰ সৈতে বটি খালে স্মৃতি শক্তি বৃদ্ধি পায়৷ এইদৰে খোৱাৰ পাছত কুহুমীয়া গাখীৰ সেৱন কৰিলেও ভাল ফল পাব৷ 
- স্নায়ু তন্ত্ৰৰ দুৰ্বলতাৰ বাবেও স্মৃতি শক্তি হ্ৰাস পায়৷ আমলখি কেইটামান পুৱা চোবাই খালেও মানসিক দুৰ্বলতা হ্ৰাস পোৱাৰ লগতে স্মৃতি শক্তিও বৃদ্ধি পায়৷ 
- ছয়াবিন গাখীৰৰ সৈতে খালে স্মৃতি শক্তি বৃদ্ধি হয়৷
- বিট এবিধ অত্যন্ত পুষ্টিকাৰক পাচলি৷ বিট নিয়মীয়া কৈ খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি পোৱাৰ উপৰি স্মৃতি শক্তি বৃদ্ধি কৰে৷ 
- লিচুৰ ৰস দুচামুচ, অমিতাৰ ৰস আধাকাপ, আমৰ ৰস আধাকাপ একেলগে মিহলাই খালে স্মৃতি শক্তি বৃদ্ধি পায়৷
- স্মৃতি শক্তি বৃদ্ধিৰ বাবে টোপনি গুৰুত্বপূৰ্ণ৷ প্ৰয়োজনীয় টোপনিৰ অভাৱতে স্মৃতি শক্তি হ্ৰাস পায়৷ নিশা সোনকালে শোৱা আৰু সোনকালে উঠাৰ অভ্যাস কৰিলে স্মৰণ শক্তি বৃদ্ধি পায়৷
- পুৱা শুই উঠাৰ পাছতে চাহ বা কফি খোৱাৰ পৰিৱৰ্তে এগিলাচ নেমুপানী খালে স্মৃতি শক্তি বৃদ্ধি পায়৷
- নিমখ আৰু মচলা কমকৈ খাব লাগে ইয়াৰ পৰিৱৰ্তে আমলখি, নেমু, আদা নিয়মীয়াকৈ খালে স্মৃতি শক্তি বৃদ্ধি পায়৷