Logo
image

ৰাজ্যত চিবিআইৰ বৃহত্তম অভিযান স্কুল-কলেজৰ শতাধিক অধ্যক্ষৰ বিপদ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ আগষ্টঃ দেশৰ ভিতৰতে অসমত সৰ্ববৃহৎ অভিযান চলোৱাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআই৷ এখন দুখন নহয়, অসমৰ ২২৫খন কলেজ তথা শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষক চিবিআইৰ হাতত গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত হৈ পৰিছে৷ কিয়নো অসমৰ ২২৫খন শিক্ষানুষ্ঠানৰ কতৃৰ্পক্ষৰ বিৰুদ্ধে সোমবাৰে চিবিআয়ে নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ৰ থানাত গোচৰ পঞ্জীয়ন কৰিছে৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত দেশত সংঘটিত বিয়াগোম কেলেংকাৰিৰ সন্দৰ্ভত কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰণালয়ৰ সচিবৰ অভিযোগৰ ভিত্তিত চিবিআয়ে উক্ত গোচৰটো পঞ্জীয়ন কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত অসমকে ধৰি দেশৰ ১৮খন ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত ১৪৪.৩৩ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য লাভ কৰিছে৷ ছাত্ৰ জলপানিৰ ধনৰ  কেলেংকাৰিত জড়িত দেশৰ ৮৩০খন শিক্ষানুষ্ঠানক ইতিমধ্যে চিনাক্ত কৰিছে৷ ভুৱা ছাত্ৰ আৰু ভুৱা শিক্ষানুষ্ঠানৰ নামতো দুষ্ট চক্ৰই কোটি কোটি টকা আত্মসাৎ কৰাৰ তথ্য প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে৷ সংখ্যালঘু ছাত্ৰ জলপানিৰ কেলেংকাৰিত জড়িত দেশৰ ৮৩০খন শিক্ষানুষ্ঠানৰ ভিতৰত শীৰ্ষত আছে অসম৷ চিবিআয়ে অসমৰ ২২৫খন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে৷ অসমৰ পাছতেই আছে ক্ৰমে– কৰ্ণাটকৰ ১৬২খন, উত্তৰ প্ৰদেশৰ ১৫৪খন, ৰাজস্থানৰ ৯৯খন, বিহাৰৰ ২৫খন, মহাৰাষ্ট্ৰৰ ১৭খন, পশ্চিম বংগৰ ১৪খন, উত্তৰাখণ্ডৰ ১২খন, তেলেংগানাৰ ১১খন, ঝাৰখণ্ডৰ ৬খন৷ চিবিআয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত এই কেলেংকাৰি সংঘটিত হৈছিল৷ বিগত ৫ বছৰত দেশৰ ৬৫ লাখ শিক্ষাৰ্থীয়ে সংখ্যালঘু জলপানি লাভ কৰিছে যদিও ভুৱা ছাত্ৰৰ লগতে ভুৱা শিক্ষানুষ্ঠানৰ নামত বেংক কৰ্মচাৰীয়ে মিলিত হৈ শ শ কোটি টকা সৰাধ কৰিছিল শিক্ষক তথা দালালে৷ সোমবাৰে চিবিআয়ে এই গোচৰ পঞ্জীয়ন কৰাৰ পাছতেই তদন্তকাৰী বিষয়া ডিএছপি পি কে শ্ৰীবাস্তৱে অচিৰেই অসমত বৃহৎ অভিযান চলোৱাৰ বাবে সাজু হৈছে৷ অৱশ্যে চিবিআয়ে এজাহাৰত অভিযুক্তৰ তালিকাত কাৰো নাম উল্লেখ কৰা নাই যদিও শৈক্ষিক প্ৰতিষ্ঠানৰ নডেল অফিচাৰ অৰ্থাৎ অধ্যক্ষ, পিএছইউ বেংকৰ বিষয়া-কৰ্মচাৰী, মধ্যভোগী দালালৰ লগতে¸ জিলা আৰু ৰাজ্যিক নডেল বিষয়াকো অভিযুক্ত কৰিছে৷ চিবিআইৰ তদন্তকাৰী বিষয়াই সদৰী কৰা মতে কেন্দ্ৰীয় চৰকাৰৰ উক্ত ছাত্ৰ বৃত্তি কেলেংকাৰিৰ সন্দৰ্ভত অসমৰ বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰং আৰু নগাঁৱত গোচৰ ৰুজু কৰিছে স্থানীয় আৰক্ষীয়ে৷ ২০২০ চনতে নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি কলেজ অধ্যক্ষসহ ১৫জন লোকক গ্ৰেপ্তাৰ কৰিছিল৷ তদুপৰি অসম আৰক্ষীৰ চিআইডিয়েও এটা গোচৰ ৰুজু কৰি উক্ত কেলেংকাৰি সন্দৰ্ভত ৪৩জন লোকক গ্ৰেপ্তাৰ কৰিছিল৷ চিবিআইৰ তদন্তকাৰী বিষয়াজনে লগতে জানিবলৈ দিয়া অনুসৰি ঈশান উদয় জলপানি কেলেংকাৰি গোচৰত ইতিপূৰ্বে অসম আৰক্ষীয়ে বঙাইগাঁৱৰ চাকলাস্থিত চি কে কলেজৰ অধ্যক্ষ শ্বহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল৷ অধ্যক্ষজনে নিজৰ গাড়ীচালক আৰু পত্নীকো শিক্ষাৰ্থী সজাই আত্মসাৎ কৰিছিল ছাত্ৰ জলপানিৰ ধন৷ তদুপৰি বৰপেটা জিলাৰ উত্তৰ বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ জাহেৰ আলী, জ্ঞানপ্ৰিয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নেৱাজুল হক, হৰেন্দ্ৰ-চিত্ৰা কলেজৰ অধ্যক্ষ জাকিৰ হুছেইন, জনপ্ৰিয় মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ছিৰাজুল হক, বঙাইগাঁৱৰ বি বি কলেজৰ অধ্যক্ষ মাণিক আলীক গ্ৰেপ্তাৰ কৰিছিল বুলিও চিবিআইৰ তদন্তকাৰী বিষয়াই জানিবলৈ দিছে৷ মূলতঃ ভুৱা বেংক একাউণ্ট নম্বৰ, ভুৱা আধাৰ কাৰ্ড আৰু কে ৱাই চি নথি প্ৰস্তুত কৰি স্কলাৰশ্বিপৰ প’ৰ্টেল আৰু ইউডাইছত অন্তৰ্ভুক্ত কৰি ধন সৰকাইছিল অধ্যক্ষ-শিক্ষক তথা একাংশ দালালে৷