Logo
image

‘ইণ্ডিয়া’ৰ প্ৰধানমন্ত্ৰী পদত পেহলে আপ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ আগষ্টঃ দেশৰ ২৬টা বিৰোধী  ৰাজনৈতিক দলৰ জোঁট ‘ইণ্ডিয়া’ই ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনক সন্মুখত লৈ কৌশল নিৰ্ধাৰণৰ বাবে অহা ১ ছেপ্টেম্বৰত তৃতীয়খন বৈঠকত মিলিত হোৱাৰ দুদিন পূৰ্বে বিৰোধী দলৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যোগ্য নেতা বুলি ‘আপ’ৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে ঘোষণা কৰিছে৷ এতিয়াও বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ আহ্বায়ক, জোঁটৰ পৰিচালনা সমিতিৰ সদস্যৰ নাম ঘোষণা কৰা হোৱা নাই৷ কিদৰে বিজেপিৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনত ‘ইণ্ডিয়া’ই প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাৰো কোনো মীমাংসা হোৱা নাই, প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নিৰ্বাচন বহুদূৰ বাকী৷ মুম্বাইৰ ১ ছেপ্টেম্বৰৰ বৈঠকত ‘ইণ্ডিয়া’ৰ আহ্বায়ক, পৰিচালনা সমিতিৰ সদস্য নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ সন্দৰ্ভত বিশদ আলোচনা হোৱাৰ কথা৷ তাৰ দুদিন পূৰ্বেই ‘আপ’ৰ মুখপাত্ৰই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱালেই যোগ্য প্ৰাৰ্থী হ’ব বুলি মুকলি ঘোষণা কৰি জোঁটে সঠিক গতি নৌলওঁতেই জট লগালে৷ বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ এই অথন্তৰক নেপথ্যৰ পৰা চৰকাৰী পক্ষই ‘পেহলে আপ’ বুলি ইতিকিং কৰিছে৷ উত্তৰ প্ৰদেশত সাধাৰণতে সৌজন্য প্ৰকাশ কৰি যিকোনো লোকে সন্মুখৰজনক অগ্ৰাধিকাৰ দি ‘পেহলে আপ’ বুলি কয়৷ কিন্তু বিৰোধী জোঁট ইণ্ডিয়াত এয়া সেই সৌজন্যবোধ প্ৰকাশ নহয়, ‘পেহলে আপ’ মানে প্ৰথমে আম আদমি পাৰ্টী অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ আসনৰ বাবে এয়া প্ৰতিযোগিতা, আপৰ মতে বুজাবুজি বা সৌজন্যবোধ ২৬টা বিৰোধী দলৰ জোঁট ‘ইণ্ডিয়া’ত শূন্য৷ বিৰোধীৰ জোঁটৰ সূচনা হওঁতেই বিজেপিয়ে ভৱিষ্যদ্বাণী কৰিছিল, বিৰোধীৰ মাজত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীক লৈ খোৱাকামোৰা হ’ব৷ সম্ভৱতঃ বিজেপিৰ ভৱিষ্যদ্বাণী সত্য হোৱাৰ পথত৷

সদ্যসমাপ্ত লোকসভাৰ অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘দিল্লী আমোলা বিধেয়ক’ বিতৰ্কত ভাগ লৈ ভাষণ প্ৰদান কৰোঁতে বিৰোধীক উদ্দেশ্য কৰি কৈছিল– ‘আপোনালোকে বেছিদিন অপেক্ষা কৰিব নালাগে৷ এই বিধেয়কখন আজি গৃহীত হওঁক৷ তাৰ পাছত কেজৰিৱালৰ আপ নিজেই ‘ইণ্ডিয়া’ জোঁটৰ পৰা বাহিৰ হৈ আহিব৷’ প্ৰসংগতঃ ২৬টা বিৰোধী দলৰ জোঁট ‘ইণ্ডিয়া’ই আপৰ সমৰ্থনত এই বিধেয়কৰ বিৰোধিতা কৰিছিল৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য সেইদিনা উপলুঙাসূচক যেন লাগিলেও ক্ৰমাৎ তেওঁৰ কথা সত্যত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে৷ কিয়নো যোৱা শনিবাৰে আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে, বিহাৰৰ পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত আপে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব৷ অথচ বিহাৰৰ শাসনাধিষ্ঠিত দল জেডি[ইউ] আৰু আৰজেডি বিৰোধী ‘ইণ্ডিয়া’ জোঁটৰ মূল অংশীদাৰ৷ বিহাৰৰ নিৰ্বাচন ২০২৫ চনত হ’ব যদিও ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনলৈ জোঁট বন্ধা ‘ইণ্ডিয়া’ৰ অন্যতম অংশীদাৰ আপে এইদৰে আগতীয়াকৈ আঁহফলা কথা কৈ ‘ইণ্ডিয়া’ জোঁটত বিভেদৰ সৃষ্টি কৰাৰ আঁৰৰ ৰহস্য কি সেই লৈ জোঁটৰ ভিতৰত প্ৰশ্ন উঠিছে আৰু বিজেপিয়ে নিৰাপদ দূৰৰ পৰা মিচিকিয়াই হাঁহি আছে৷ আপৰ এই ঘোষণাৰ লগে লগে গৃহমন্ত্ৰী অমিত শ্বাহৰ ভৱিষ্যদ্বাণী সত্যত পৰিণত হ’ব নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে৷ বিজেপি চৰকাৰৰ বিভিন্ন অসমৰ্থনযোগ্য পদক্ষেপত বিতুষ্ট দেশৰ জনগণে ‘ইণ্ডিয়া’ গঠনত যি আশা দেখিছিল, সেয়া কলিতে মৰহিবলৈ লোৱা বুলিও চৰ্চা আৰম্ভ হৈছে৷ একেদৰে ‘আপ’ কাৰ দ্বাৰা বা কাৰ ভয়ত পৰিচালিত হৈ আছে, সেই লৈ সন্দেহ আৰু ৰহস্যৰ সৃষ্টি হৈছে৷ বুধবাৰে আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰৰ ঘোষণাত সেই সন্দেহ আৰু ৰহস্য অধিক ঘনীভূত হৈছে৷ কিয়নো প্ৰিয়ংকা কক্কৰে অৰবিন্দ কেজৰিৱাল বা শীৰ্ষ নেতৃত্বৰ অনুমতিবিহীনভাৱে কিম্বা অজানিতে এই ঘোষণা নিশ্চয় কৰা নাই৷ প্ৰিয়ংকা কক্কৰৰ এই মন্তব্যত অৰবিন্দ কেজৰিৱালৰো সমৰ্থন থকা বুলিয়েই ৰাজনৈতিক মহল একপ্ৰকাৰ নিশ্চিত৷ অৱশ্যে এতিয়ালৈকে ‘ইণ্ডিয়া’ই এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷