Logo
image

জুবিন গাৰ্গ, তুমি কাৰ?

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩১ আগষ্টঃ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আচলতে কাৰ? তিনিটা দশকজুৰি লাখ লাখ সংগীতপ্ৰেমীৰ হৃদয় জয় কৰা জুবিন গাৰ্গ আৰু বিতৰ্ক যেন একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি৷ সাংস্কৃতিক দিশৰ সৈতে কোনো সম্পৰ্ক নথকা বিষয়ত জুবিন গাৰ্গে দিয়া মন্তব্যই মাজে সময়ে বিতৰ্কৰ সৃষ্টি কৰে৷ এই তালিকাত শেহতীয়া সংযোজন অসম জাতীয় পৰিষদ দলৰ প্ৰতি কৰা অবাঞ্ছিত মন্তব্য৷ ইতিপূৰ্বে বহুবাৰ বহু বিষয়ত তীৰ্যক মন্তব্য কৰি চৰ্চিত হৈছে জুবিন গাৰ্গ৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ত বিজেপি দল আৰু চৰকাৰৰ লগতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল জুবিন গাৰ্গে– তেওঁৰ ভাষ্যত আছিল তীব্ৰ কটাক্ষ, বক্ৰোক্তি, শ্লেষোক্তি৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা প্ৰসংগতো কিছুদিন পূৰ্বে অবাঞ্ছিত মন্তব্য কৰিছিল জুবিন গাৰ্গে৷ আলফা আৰু আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱা সন্দৰ্ভত কেইবাবাৰো তীৰ্যক মন্তব্য কৰা জুবিন গাৰ্গে ‘কা’বিৰোধী আন্দোলনৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাকো সমালোচনা কৰিছিল৷ লক্ষণীয়ভাৱে আলফা আৰু পৰেশ বৰুৱাক সমালোচনা কৰা জুবিন গাৰ্গে ‘কা’বিৰোধী আন্দোলনৰ সময়ত এইবুলিও ঘোষণা কৰিছিল যে ‘কা’ গৃহীত হ’লে তেওঁ সদলবলে আলফালৈ যাব৷ ইপিনে, অসম সাহিত্য সভাই কিতাপৰ পৰিৱৰ্তে জুবিন গাৰ্গক আন সামগ্ৰী উপহাৰ দিয়াৰ বাবে সাহিত্যক সভাক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল জনপ্ৰিয় গায়কজনে৷ কোনোবাদিনা যদি বিজেপিক সমালোচনা কৰে, আকৌ কোনোবাদিনা আন দল বা ব্যক্তিক সমালোচনা কৰে জুবিন গাৰ্গে৷ নিজকে অৰাজনৈতিক বুলি কোৱা জুবিন গাৰ্গে সাধাৰণতে ৰাজনৈতিক বিষয়ত মন্তব্য দিয়ে৷ এই মন্তব্য কেতিয়াবা হৈ পৰে মাত্ৰাধিক শ্লেষযুক্ত আৰু অবাঞ্ছিত৷ লক্ষণীয়ভাৱে জুবিন গাৰ্গে বক্ৰোক্তি কৰা লোকৰ সৈতে পৰৱৰ্তী পৰ্যায়ত সম্পৰ্কও স্থাপন কৰাৰ উদাহৰণ আছে, পুনৰ সেই সম্পৰ্ক ছেদ কৰাৰো নজিৰ আছে৷ ২০১৪ চনত বিজেপিৰ থিমছং গোৱা জুবিন গাৰ্গে ‘কা’বিৰোধী আন্দোলনৰ সময়ত বিজেপি দল আৰু চৰকাৰক প্ৰতিহত কৰাৰ স্বাৰ্থত নতুন দল গঠন কৰিব লাগিব বুলিও কৈছিল৷ আমোদজনক বিষয় এয়ে যে জুবিন গাৰ্গে যেতিয়া কোনো দল বা ব্যক্তিৰ প্ৰতি বক্ৰোক্তি কৰে তেতিয়া সংশ্লিষ্ট ব্যক্তি বা দলৰ বিৰোধীসকলে জুবিন গাৰ্গক সমৰ্থন কৰে৷ আকৌ সেই সমৰ্থনকাৰী দল বা ব্যক্তি বা সংগঠনৰ প্ৰতি জুবিন গাৰ্গে যেতিয়া শ্লেষপূৰ্ণ মন্তব্য কৰে তেতিয়া ইতিপূৰ্বে জুবিন গাৰ্গৰ বিৰোধিতা কৰা দল-ব্যক্তি বা সংগঠনে এইবাৰ জুবিন গাৰ্গক সমৰ্থন কৰে৷ অৱশ্যে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী আৰু অনুগামী সদায়েই জুবিন গাৰ্গৰ পক্ষত৷ শেহতীয়াভাৱে অসম জাতীয় পৰিষদৰ প্ৰতি জুবিন গাৰ্গে কৰা শ্লেষপূৰ্ণ মন্তব্যৰ পাছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ স্বাভাৱিকতেই অজাপৰ সদস্য আৰু সমৰ্থকসকলে জুবিন গাৰ্গক উভতি ধৰিছে৷ এইক্ষেত্ৰত অজাপৰ সদস্য-সমৰ্থকক সমৰ্থন কৰিছে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলৰ সদস্য-সমৰ্থকসকলে৷ ইফালে, ‘কা’বিৰোধী আন্দোলনৰ সময়ত জুবিন গাৰ্গৰ বিপৰীত মেৰুত অৱস্থান কৰা বিজেপি দলৰ নেতা-কৰ্মী-সমৰ্থকসকলে এই প্ৰসংগত জুবিন গাৰ্গৰ ভাষ্যক সমৰ্থন কৰিছে৷ এইক্ষেত্ৰত অসম গণ পৰিষদে সাৱধানেৰে দূৰত্ব বজাই ৰাখিছে৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সৈতে অৱশ্যে আজিৰ তাৰিখলৈ জুবিন গাৰ্গৰ সম্পৰ্ক অতি মধুৰ৷ ‘কা’বিৰোধী আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে একেশাৰীত থিয় দিছিল জুবিন গাৰ্গ৷ ৰাজনৈতিক বিষয়ত জুবিন গাৰ্গে কৰা মন্তব্যৰ বাবেই বহু লোকৰ মনত এই প্ৰশ্নই বাৰে বাৰে দোলা দি যায় যে জুবিন গাৰ্গ আচলতে কাৰ– বিজেপিৰ নে কংগ্ৰেছৰ নে আন কোনো দলৰ? কংগ্ৰেছক সমালোচনা কৰিলে জুবিন গাৰ্গে আখ্যা পায় বিজেপিৰ সমৰ্থক বুলি৷ আকৌ বিজেপিক সমালোচনা কৰিলে কংগ্ৰেছৰ সমৰ্থক বুলি কোৱা হয় জুবিন গাৰ্গক৷ ৰাইজৰ মাজত সততে চৰ্চিত হোৱা এই প্ৰশ্নৰ উত্তৰ অৱশ্যেই দিছে জুবিন গাৰ্গে– মই কাৰো নহয়৷ মই বিজেপিও নহয়, কংগ্ৰেছো নহয়, এজিপিও নহয়৷ মই ছ’চিয়েল লেফ্‌টিষ্ট...৷

জুবিনৰ সমৰ্থনত মুখৰ ভৱেশ কলিতা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ জুবিন গাৰ্গক লৈ গৰম ৰাজ্যৰ ৰাজনীতি৷ অসম জাতীয় পৰিষদক লৈ এটা বিতৰ্কিত মন্তব্য কৰাৰ পাছতে ব্যাপক চৰ্চালৈ আহিছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক জুবিন গাৰ্গে ৰাজহুৱাভাৱে ‘গৰু’ বুলি মন্তব্য কৰাৰ পাছতে তীব্ৰ অস্বস্তিত পৰিছিল বিজেপি৷ কিন্তু শেহতীয়াভাৱে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদক [এজেপি] ‘ফটুৱা পাৰ্টী’ বুলি মন্তব্য কৰাত উৎসাহী হৈ পৰিছে শাসকীয় দল বিজেপি৷ জুবিন গাৰ্গে এজেপিক লৈ কৰা অবাঞ্ছিত মন্তব্যক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত জুবিন গাৰ্গৰ সমৰ্থনত মুখৰ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা৷ তেওঁ কয়– ‘উঠি অহা প্ৰজন্মৰ বাবে জুবিন গাৰ্গক আত্মা বুলি ভাবোঁ৷ জুবিন গাৰ্গক আমি হাৰ্টথ্ৰ’ব বুলি কওঁ৷ তেওঁক আমি বহুত সন্মান কৰোঁ৷ তেওঁক অপমান কৰা, তেওঁক তুচ্ছ-তাচ্ছিল্য কৰা দল-সংগঠনক ধিক্কাৰ জনাইছোঁ৷ ৰাজনীতি কৰাৰ আগতে এজন শিল্পীক কেনেকৈ সন্মান কৰিব লাগে জানি ল’ব লাগে৷ ৰাজনীতি কৰাৰ আগতে বহুতে ৰাজনীতি কি বস্তু নাজানে৷ ৰাজনীতি কি সেই বিষয়ে জ্ঞান আহৰণ কৰি ল’ব লাগে৷ আজি জুবিন গাৰ্গক যিসকলে সমালোচনা কৰিছে তেওঁলোক খিলঞ্জীয়াবিৰোধী৷ জুবিন গাৰ্গৰ বক্তব্যক লৈ প্ৰশ্ন তোলাসকলে আগন্তুক সময়ত ইয়াৰ পৰিণাম ভুগিব লাগিব৷’ ইয়াৰ বিপৰীতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ভৰত নৰহে জুবিন গাৰ্গৰ মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ তেওঁ কয়– ‘শিল্পী এজনৰ মন্তব্য শিল্পীৰ দৰে হ’ব লাগে৷ এনে মন্তব্য তেওঁৰ মুখত শোভা নাপায়৷ অসমৰ মানুহে জুবিন গাৰ্গৰ পৰা এনে শব্দ নিবিচাৰে৷ তেওঁ এনে শব্দ মুখেৰে উচ্ছাৰণ কৰাটো ভুল৷’ উল্লেখ্য, কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত জুবিন গাৰ্গে অসম জাতীয় পৰিষদ সন্দৰ্ভত উক্ত মন্তব্য কৰিছিল৷ ইয়াকে লৈ ছ’চিয়েল মিডিয়াতো ব্যাপক সমালোচনাৰো সন্মুখীন হৈছে ‘পলিটিক্স নকৰিবা বন্ধু’ বুলি হৃদয় আন্দোলিত কৰা গীত গোৱা জুবিন গাৰ্গ৷ অৱশ্যে আন প্ৰসংগৰ দৰে এইবাৰো জুবিন গাৰ্গৰ সমৰ্থনত থিয় দিছে তেওঁৰ বুজনসংখ্যক অনুৰাগী আৰু অনুগামী৷