Logo
image

ইছৰোৰ বিজ্ঞানীৰ ‘ডুপ্লিকেট’ ওলালেই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ আগষ্টঃ গুজৰাটৰ ছুৰাট পুনৰ সংবাদ শিৰোনামত৷ এইবাৰ অৱশ্যে ৰাহুল গান্ধীৰ সেই ‘প্ৰখ্যাত’ গোচৰৰ বাবে নহয়৷ সংবাদ শিৰোনাম দখল কৰিছে চন্দ্ৰযান-৩ৰ অভিযান আৰু ইছৰোৰ বাবে৷ পিছে এই খবৰ কোনো কৃতিত্বৰ নহয়, কাৰণটো সম্পূৰ্ণৰূপত নেতিবাচকহে৷ গুজৰাটৰ ছুৰাটত ধৰা পৰিছে এজন ইছৰোৰ ভুৱা বিজ্ঞানী৷ নাম মিতুল ত্ৰিবেদী৷ যোৱা ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰত সফল অৱতৰণ কৰাৰ পাছৰ পৰা বিগত এসপ্তাহ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ৰাজ্যখনত প্ৰচাৰৰ শীৰ্ষত আছিল মিতুল ত্ৰিবেদী নামৰ ভুৱা বিজ্ঞানীজন৷ কিয়নো তেওঁ গুজৰাটৰ স্থানীয় সংবাদ মাধ্যমত দাবী কৰিছিল যে, বিক্ৰমৰ নিৰ্মাণত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান আছে৷  ইছৰোৰ বিজ্ঞানী বিচাপে তেওঁ লেণ্ডাৰ বিক্ৰমৰ প্ৰাথমিক নক্সা তৈয়াৰ কৰিছিল৷ নিজৰ দাবীৰ প্ৰমাণত মিতুলে সংবাদ মাধ্যমৰ আগত ইছৰোৰ ‘এনচিয়েণ্ট ছায়েন্স এপ্লিকেচন ডিপাৰ্টমেণ্ট’ৰ সহকাৰী অধ্যক্ষ পদৰ নিযুক্তি পত্ৰ আৰু পৰিচয় পত্ৰও দেখুৱাইছিল৷ চন্দ্ৰযানৰ সাফল্যৰ লগতে গুজৰাটৰ সংবাদ মাধ্যমে মিতুলৰ এই অৱদানৰ বিষয়েও তুমুল প্ৰচাৰ চলাই তেওঁক এসপ্তাহৰ ভিতৰতে জাতীয় নায়কত পৰিণত কৰে৷ কিয়নো চন্দ্ৰযান-৩ৰ অভিযানৰ আগে পিছে ইছৰোৰ সৈতে জড়িত আৰু এই অভিযানত কৰ্মৰত দেশৰ বিভিন্ন স্থানৰ বিজ্ঞানীৰ বিষয়ে গৰ্বিত ৰাজ্যসমূহে সংবাদ মাধ্যমত প্ৰচাৰ চলাই আহিছিল৷ সেয়ে ব্যৱসায়ীৰ ৰাজ্য গুজৰাটো পিছপৰি ৰোৱা নাছিল৷ টিভিত সাক্ষাতকাৰ দি দি ভাগৰি পৰিছিল গুজৰাটৰ ‘নায়ক’ত পৰিগণিত হোৱা মিতুল ত্ৰিবেদী৷ অৱশেষত ওৰহিৰ ওৰ ওলাল৷ মিতুল ত্ৰিবেদীয়ে কৰা দাবী ভুৱা বুলি ধৰা পৰিল৷ ইছৰোৰ সৈতে আৰক্ষী কতৃৰ্পক্ষই যোগাযোগ কৰিলে আৰু নিশ্চিত হ’ল, মিতুলৰ দাবী মিছা৷ তেওঁ প্ৰবঞ্চক, ইছৰোৰ সৈতে তেওঁৰ ক্ষীণতমো সম্পৰ্ক নাই৷ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ ভুৱা ইছৰোৰ বিজ্ঞানীক৷ আৰক্ষীৰ তদন্তত প্ৰকাশ, মিতুল ত্ৰিবেদীয়ে টিউচন কৰে৷ ইছৰোৰ বিজ্ঞানী বুলি পৰিচয় অৰ্জন কৰিব পাৰিলে টিউচনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু ফীজ বৃদ্ধি পাব বুলিয়েই তেওঁ প্ৰৱঞ্চনাৰ আশ্ৰয় লৈছিল৷ প্ৰসংগতঃ, গুজৰাটৰ পৰা কুখ্যাত প্ৰবঞ্চক ওলোৱা নিচেই কম নহয়৷ এসময়ৰ ভাৰতীয় ক্ৰিকেট বৰ্ডৰ বিষয়ববীয়া গুজৰাটৰ ললিত মোদীয়ে বৃহৎ আৰ্থিক কেলেংকাৰি সংঘটিত কৰি বিদেশলৈ পলাই গৈছিল৷ একেদৰে গুজৰাটৰ দুই হীৰা ব্যৱসায়ী নীৰৱ মোদী আৰু মেহুল ছকচিয়েও বেংকৰ পৰা বিশাল পৰিমাণ ঋণ লৈ দেশৰ পৰা পলাই এতিয়া বিদেশত আশ্ৰয় লৈ আছে৷