Logo
image

শীঘ্ৰে গুগলত অসমীয়া ভাষাৰ ভয়চ কমাণ্ড

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩১ আগষ্টঃ শীঘ্ৰেই অসমবাসীৰ বাবে আহিব এটি ভাল খবৰ৷ কিয়নো শীঘ্ৰেই গুগলত সংযুক্ত হ’ব অসমীয়া ভাষাৰ ভয়চ কমাণ্ড৷ –এই ভাষ্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান  ড॰ কুলধৰ শইকীয়াৰ৷ বুধবাৰে ‘গুৱাহাটী প্ৰেছ ক্লাবৰ অতিথি’ অনুষ্ঠানত অংশগ্ৰহণ কৰি ড॰ কুলধৰ শইকীয়াই কয়– ইংৰাজীৰ পৰিৱৰ্তে অসমীয়াত ভয়চ কমাণ্ড দিলেই হ’ব গুগলক৷ এটা শ্ৰুতলিপিটেই গুগল ব্যৱহাৰকাৰীসকলে লাভ কৰিব নিজৰ উত্তৰ এই সন্দৰ্ভত গুগলৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰা হৈছে৷ শীঘ্ৰেই এই কাম আৰম্ভ কৰিব গুগলে৷ উপযুক্ত শব্দ ভাণ্ডাৰৰ অভাৱৰ বাবেই গুগলে ইমান দিনে কৰিব পৰা নাছিল এই কাম৷ গুগলৰ বিভিন্ন এপ্লিকেশ্বনত গৈ সংযোগ কৰিব পাৰিব অসমীয়া ভাষাৰ ভয়চ কমাণ্ড৷ অসমৰ বিশিষ্ট ভাষাবিদসকলৰ সৈতেও আলোচনা কৰিছে গুগলৰ কৰ্মচাৰীসকলে৷ বিগত পাঁচ মাহ মানৰ আগতেই আৰম্ভ হৈছে এই বিশেষ কাম৷ শব্দৰ উচ্ছাৰণ আৰু বিশেষত্বৰ ওপৰত গুৰুত্ব দিছে গুগলে৷ প্ৰকৃত শব্দৰ উচ্ছাৰণ হলেহে গুগলৰ পৰা লাভ কৰিব ভয়চ কমাণ্ডৰ উত্তৰ৷ গুগলত বিভিন্ন ভাষাত ইতিমধ্যে হৈছে ভয়চ কমাণ্ড৷ অসমীয়া উপযুক্ত শব্দৰ ভাণ্ডাৰ গঠন নোহোৱাৰ বাবে পিচ পৰি আছে৷  কেনেদৰে শব্দৰ ভাণ্ডাৰ বঢ়াব পৰা যায় সেই বিষয়ে গুগলে আলোচনা কৰিছে৷ অসমৰ জনসাধাৰণক ইয়াৰ বাবে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ৷ তেওঁ লগতে আৰক্ষী হৈ থকা সময়ৰ অভিজ্ঞতাৰ বিষয়ে কয়৷ লগতে সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ত কিদৰে সাহিত্য সভাৰ কাম কাজ কৰিছিল সেই বিষয়েও কয় তেওঁ কয় বৰ্তমান সমাজত আলোচনা তৰ্ক-বিতৰ্ক কৰিবলৈ মঞ্চ নহোৱা হৈছে৷ এনে সময়ত এই আনুষ্ঠানতো সময়পযোগী হৈছে৷ কিয়নো এই অনুষ্ঠানটোলৈ আহি বিভিন্ন ব্যক্তিয়ে নিজৰ নিজৰ মতামত দাঙি ধৰিব পাৰে৷ এই অনুষ্ঠানত ড॰ শইকীয়াই ‘ভাষাৰ অৰ্থনীতি’ আৰু বৃহৎ কৰ্প’ৰেট হাউছৰ একাধিক সমীক্ষাৰ বিষয়ে কয়৷ তেওঁ নিজৰ মাতৃভাষাক প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া হিচাপে নিজৰ কেৰিয়াৰৰ কেইবাটাও কাহিনী বৰ্ণনা কৰে৷  ড॰ শইকীয়াই তেওঁৰ অধীনত ২০০১ চনৰ আগষ্ট মাহত ডাইনী হত্যাৰ বিৰুদ্ধে আৰম্ভ কৰা অসম আৰক্ষীৰ ‘প্ৰজেক্ট’ প্ৰহৰীৰ কথা উল্লেখ কৰে৷ তেওঁ লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাললৈ, তথা বৰ্তমান ‘সঁফুৰা’ৰ সম্পাদকৰ দায়িত্ব লৈ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰা সাম্প্ৰতিক সময়ৰ বহু বিষয়লৈ মত বিনিময় কৰে সাংবাদিকসকলৰ সৈতে৷ এই অনুষ্ঠানটো আঁত ধৰে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাৰ্তা সম্পাদক মানসপ্ৰতীম শৰ্মাই৷ গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা এই অনুষ্ঠানত বহুসংখ্যক সাংবাদিক উপস্থিত থাকে৷