Logo
image

পাহাৰৰ মাটিয়ে পুতি পেলালে সেই কাছমাৰী বিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩১ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পথালি পাহাৰত থকা কাছমাৰী বিলখন এতিয়া অস্তিত্বৰ সংকটত পৰিছে৷ ইতিহাসপ্ৰসিদ্ধ এই কাছমাৰী বিলখন এতিয়া জীৱশ্ৰেষ্ঠ মানুহৰ বাবেই এতিয়া বিলুপ্তি ঘটিব ধৰিছে৷ এসময়ত বিভিন্ন প্ৰজাতিৰ মাছ-কাছৰ লগতে সৰীসৃপৰ বসতিস্থল হিচাপে পৰিচিত এই বিলখন এতিয়া পাহাৰৰ মাটিয়ে প্ৰায় পুতি পেলাইছে৷ পৰিতাপৰ কথা যে প্ৰায় ৬০-৭০বিঘা মাটিৰে আগুৰা পথালি পাহাৰৰ নিচেই সমীপত থকা এই বিলখন এতিয়া একপ্ৰকাৰে বিলুপ্তি ঘটিছে৷ অৰুণাচল পাহাৰৰ পৰা বাগৰি অহা মাটিৰে বিলখন পুতি পেলোৱাৰ লগতে এই বিলখনৰ বহু ভূমি এতিয়া বে-দখলৰ কৱলত পৰিছে৷ পৰিতাপৰ কথা যে জলাশয় তথা নল-পিটেৰে ভৰপুৰ হৈ থকা এই বিলখনত এতিয়া অৰুণাচল পাহাৰৰ পৰা খহি অহা মাটিয়ে বিলখন পুতি পেলাই অস্তিত্বৰ সংকটত পেলাইছে৷ প্ৰাপ্ত খবৰ অনুসৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কোনো লোকে কাছমাৰী বিলৰ কাষতে থকা অৰুণাচলৰ পাহাৰৰ ওপৰত এখন বৃহৎ আকাৰৰ মেগা ফুডপাৰ্ক স্থাপন কৰাৰ বাবেই নাৰায়ণপুৰ ৰাজহ চক্ৰৰ কাছমাৰী বিলখন অস্তিত্বৰ সংকটত পৰিছে৷ পাহাৰৰ ওপৰত মাটি কাটি মেগা ফুড পাৰ্ক স্থাপন কৰাৰ ফলত পাহাৰৰ ভূমি অহৰ্নিশে বিলখনলৈ বাগৰি অহাত বিশেষকৈ বাৰিষাৰ সময়চোৱাত এনেদৰে পাহাৰৰ মাটি খহি বিলখন একপ্ৰকাৰে পুতি পেলাইছে৷ লক্ষ্যণীয় কথা যে ১৯৮৮ চনতে বিলখন সংৰক্ষণৰ লক্ষ্যৰে এখন মীন পাম সমিতি গঠন কৰা হৈছিল আৰু এই মীন পাম সমিতিখনে বিলখন সংৰক্ষণত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে৷ সেইমৰ্মে সমিতিখনে চৰকাৰৰ পৰা বিলখনৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত অনুদানো লাভ কৰিছে৷ কিন্তু পাহাৰৰ পৰা খহি অহা মাটি আৰু বে-দখলে এতিয়া এই বিলখন অস্তিত্বৰ সংকটত পেলাইছে৷ লক্ষ্যণীয় কথা যে নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াইয়ো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বিলখন সংৰক্ষণৰ ক্ষেত্ৰত যেনেদৰে ভূমিকা পালন কৰিব লাগিছিল তেনে ভূমিকা পালন নকৰাৰ ফলতে এতিয়া কাছমাৰী বিললৈ অশনি সংকেত নামি আহিছে৷ অৱশ্যে ইয়াৰ বিপৰীতে সম্প্ৰতি বিলখন তদাৰক কৰি অহা পথালি পাহাৰ মীন পালন সমবায় সমিতিৰ সম্পাদক বীৰেণ বৰাই জানিবলৈ দিয়ে যে পূৰ্বৰ বিলখনৰ প্ৰায় ১৮-১৯ বিঘা মাটিত সমবায় সমিতিয়ে পুখুৰী খান্দি মৎস্য পালন কৰি আহিছে৷ শেহতীয়াকৈ অসম চৰকাৰে প্ৰায় ১৫ বিঘা ভূমিত অমৃত সৰোবৰো নিৰ্মাণ কৰিছে৷ সমবায় সমিতিখনে বিলখনৰ ভিতৰত পুখুৰী খান্দিহে এতিয়া অস্তিত্ব ৰক্ষা কৰি আহিছে বুলিও কয়৷ নল, পিটনি, তৰাৰে আগুৰা জলাশয়টোত বহু চেষ্টাৰে সমবায় সমিতিখনে পুখুৰী খান্দি মৎস্য পালন কৰি আহিছে৷ অৱশ্যে বিলখন পথালিকৈ থকাৰ বাবে অৰুণাচল পাহাৰৰ পৰা মাটি বাগৰি বিলখনলৈ সংকট নমাই অহা বুলিও তেওঁ কয়৷