Logo
image

ভোটলৈ সাজু ৰাজ্য আজি ইভিএম পৰীক্ষা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ছেপ্টেম্বৰঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৪ৰ লোকসভাৰ নিৰ্বাচন সময়তকৈ পূৰ্বে অনুষ্ঠিত কৰাৰ বাবে টঙালি বান্ধিছে৷ কাৰ্যতঃ কেন্দ্ৰৰ পৰা গোপন সেউজ সংকেত পোৱাৰ পাছতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দেশৰ নিৰ্বাচন আয়োগে৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক নিৰ্বাচন বিভাগেও আৰম্ভ কৰিছে তৎপৰতা৷ আজিৰ পৰা ৰাজ্যজুৰি ৰাজ্যিক নিৰ্বাচন বিভাগে ইভিএমৰ পৰীক্ষা আৰম্ভ কৰিব৷ কালি দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ  মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰি এনেদৰে কয়–  ‘শুকুৰবাৰৰ পৰা ৰাজ্যৰ ৫০ নিৰ্বাচনী জিলাত ইভিএমৰ ফাৰ্ষ্ট লেভেল চেকিং চমুকৈ এফ এল চি আৰম্ভ হ’ব৷ অহা ২৯ ছেপ্টেম্বৰলৈকে এই কাম চলিব৷ জিলা পৰ্যায়ৰ ৰাষ্ট্ৰীয় আৰু স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ উপস্থিতিত ইভিএমৰ চেকিং সম্পূৰ্ণ কৰা হ’ব৷ অসমক ইভিএমৰ যোগান ধৰা ইচিএন কোম্পানীৰ অভিযন্তাই জিলাই জিলাই গৈ প্ৰশাসনৰ সহযোগত আৰু ৰাজনৈতিক দলৰ উপস্থিতিত ইভিএম সমূহৰ চেকিং কৰিব৷ ইভিএমসমূহ চাফ-চিকুণ কৰি প্ৰথম দৃষ্টিত চাক্ষুসভাৱে পৰ্যৱেক্ষণ কৰা হ’ব৷ ইয়াৰ পাছত অভিযন্তাসকলে কাৰিকৰী পৰীক্ষা সম্পন্ন কৰিব৷ যিসমূহ ইভিএম বেয়া ওলাব সেই ইভিএমসমূহ মেৰামতিৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণ কৰা হ’ব আৰু এনে ইভিএমত ৰঙা ষ্টিকাৰ লগোৱা হ’ব৷ যোৱা নিৰ্বাচনৰ পাছৰ পৰাই ইভিএমসমূহ ষ্ট্ৰংৰূমতে আৱদ্ধ হৈ আছে৷ সম্প্ৰতি প্ৰায় ৫২ হাজাৰ ইভিএম আমাৰ হাতত মজুত আছে৷ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে এইখিনি ইভিএমেই যথেষ্ট৷ ভাল হৈ থকা ইভিএমসমূূহত গ্ৰীণ ষ্টিকাৰ লগাই অ’কে বুলি লিখা হ’ব৷ এই ইভিএমসমূহ পুনৰ পুলিচ নিৰাপত্তা বেষ্টনীৰ মাজত ষ্ট্ৰংৰূমত মজুত কৰা হ’ব৷ যদিহে পিছলৈ আমাক আৰু ইভিএমৰ প্ৰয়োজন হয় তেতিয়াহ’লে আৰু ইভিএম নিৰ্বাচন আয়োগৰ পৰা গ্ৰহণ কৰা হ’ব৷ পুনৰ আকৌ এবাৰ এফ এল চি হ’ব৷ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ তথা নতুন জিলা গঠন তথা প্ৰশাসনিক সাল-সলনিৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী বিভাগে যথেষ্টখিনি কাম কৰিব লাগিব৷ ২০২৪ৰ লোকসভাৰ নিৰ্বাচন নতুন সমষ্টি মতেই হ’ব৷ প্ৰথম পৰ্যায়ত  সমষ্টিসমূহৰ ভোটকেন্দ্ৰসমূহৰ মেপিঙৰ কাম আৰম্ভ হ’ব৷ সম্পূৰ্ণ মাষ্টাৰদাতা চেঞ্জ কৰিব লাগিব৷ ১৭ আগষ্টৰ পিছৰ পৰা ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্ত বা কৰ্তন বন্ধ কৰা হৈছে৷ আমি কন্ট্ৰ’ল টেবুল আপগ্ৰেডৰ কাম কৰি আছোঁ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ বাবে বিধিমতে বিএলঅ’সকলক নতুনকৈ নিযুক্তি দিব লাগিব৷ ২৬-২৭ অক্টোবৰত আমি ৰাজ্যৰ ভোটকেন্দ্ৰৰ সন্দৰ্ভত ফাইনেল ড্ৰাফট প্ৰকাশ কৰিম৷ ১০ নৱেম্বৰৰ ভিতৰত চূড়ান্ত ভোটকেন্দ্ৰৰ তালিকা প্ৰকাশ কৰা হ’ব৷ পহিলা ডিচেম্বৰৰ পৰা ভোটাৰ তালিকাৰ সংশোধনীৰ কাম আৰম্ভ হ’ব৷ ৩০ ডিচেম্বৰলৈ ওজৰ-আপত্তি গ্ৰহণ কৰা হ’ব৷ ৩১জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতো ৮০ শতাংশ ভোটাৰৰ নিজৰ ভোটকেন্দ্ৰ বা গাঁও সলনি নহয়৷’