Logo
image

আজিৰ পৰা পুনৰ বাল্যবিবাহ বিৰোধী অভিযান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বৰ শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে চৰাইদেউৰ মৈদাম উন্নীতকৰণ, আৰোহন আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক গুৱাহাটী ভ্ৰমণলৈ অনা, তাই আহোম কল্যাণ পৰিষদক অ বি চি প্ৰমাণ-পত্ৰ প্ৰদানৰ অনুমতিকে ধৰি  কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সিদ্ধান্তসমূহৰ বিষয়ে এক সংবাদ মেলত সদৰী কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়– ‘চৰাইদেউ মৈদামসমূহ নিৰীক্ষণৰ বাবে  অহা অক্টোবৰ মাহত ইউনেস্ক’ৰ দল অসমলৈ আহিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ প্ৰচেষ্টাত চৰাইদেউ মৈদামে ইউনেস্ক’ৰ নমিনেশ্বন লাভ কৰিছে৷ অক্টোবৰত ইউনেস্ক’ৰ দল অসমলৈ আহিলে যাতে চৰাইদেউ মৈদামে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য মৰ্যাদা স্থায়ীভাৱে লাভ কৰে তাৰ বাবে আজিৰ ৰাজ্যিক কেবিনেটে যুদ্ধকালীন তৎপৰতাৰে সম্ভৱপৰ সকলো কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ ইউনেস্ক’ৰ দল অহাৰ পূৰ্বে মৈদামস্থলীত আকৰ্ষণীয় কৰি তোলা হ’ব৷ ৰাজ্যৰ বান পৰিস্থিতিক লৈয়ো কেবিনেটত বিশদভাৱে আলোচনা হয়৷ আৰোহন আঁচনিৰ অধীনত ১০খন জিলাৰ শিক্ষাৰ্থীসকলক মেণ্টৰসহ গুৱাহাটী ভ্ৰমণলৈ আনিবলৈ সিদ্ধান্ত লোৱা হয়৷ গুৱাহাটী ভ্ৰমণলৈ অহাৰ সময়ত অভিভাৱক মন্ত্ৰীয়ে সংগ দিব লাগিব শিক্ষাৰ্থীসকলক৷ কেবিনেটে ২১ জন কম্পিউটাৰ জুনিয়ৰ এচিষ্টেন্টক ছিনিয়ৰ গ্ৰেডলৈ পদোন্নতিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটে তাই আহোম কল্যাণ পৰিষদক অবিচিৰ প্ৰমাণ-পত্ৰ প্ৰদানৰো অনুমতি দিয়ে৷ আৰক্ষী আয়ুক্তালয় বাবে ১১০.৮৮ কোটি টকা আৰু আৰক্ষী চাউনীৰ  বাবে ৬০০ কোটি টকাৰ প্ৰশাসনিক অনুমোদন দিয়ে কেবিনেটে৷ বটদ্ৰৱা থান, আলাবৈ ৰণৰ স্মৃতিচিহ্ন সংৰক্ষণৰ বাবে প্ৰয়োজনীয় পুঁজিৰ আৱণ্টন দিয়ে কেবিনেটে৷ আজিৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে প্ৰতিমাহৰ ১-৯ তাৰিখৰ ভিতৰত সমবায় সমিতিসমূহে সুলভ মূল্যৰ দোকানলৈ এন এফ এছ-ৰ চাউল প্ৰেৰণ কৰাটো বাধ্যতামূলক৷ ১০-১৬ তাৰিখৰ ভিতৰত হিতাধিকাৰীৰ মাজত বিতৰণ কৰিব লাগিব চাউল৷ প্ৰতিমাহে ১০-১৬ তাৰিখৰ ভিতৰত অন্নসেৱা সপ্তাহ পালনৰো সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে৷ নাৰ্ছিংসহ অন্যান্য সেৱাৰ বাবে এতিয়াৰে পৰা হ’ব নতুন এছ অ’ পি৷ নাৰ্ছিং প্ৰতিষ্ঠানৰ অনুমতিৰ বাবে এছ অ’ পিৰ চৰ্ত পূৰণ কৰাটো বাধ্যতামূলক৷ অনুমতি লাভ কৰা প্ৰতিষ্ঠানসমূহেও তিনিবছৰৰ ভিতৰত পূৰণ কৰিব লাগিব এছ অ’ পিৰ সকলো চৰ্ত৷  প্ৰতিটো সমষ্টিক সামৰি লোক নিৰ্মাণ বিভাগৰ উপ-সংমণ্ডল গঠনত  অনুমোদন জনায় কেবিনেটে৷  বাল্য বিবাহৰ বিৰুদ্ধে কাইলৈৰ পৰা পুনৰ জোৰদাৰ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে৷