Logo
image

জি-২০ সন্মিলনলৈ নাহে চীন, ৰাছিয়াৰ ৰাষ্ট্ৰপতি

নতুন দিল্লী,  ১ ছেপ্টেম্বৰঃ জি-২০ সন্মিলনলৈ নাহে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিন পিং৷ উল্লেখ্য যে  জি-২০ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাগ লোৱাৰ কথা আছে৷ এনে পৰিপ্ৰেক্ষিতত জিন পিং আৰু বাইডেন পুনৰ মুখামুখি হ’ব বুলি সকলোৱে ধাৰণা কৰি লৈছিল৷ যোৱা বছৰ বালিত অনুষ্ঠিত জি-২০ সন্মিলনত সাক্ষাৎ হৈছিল বিশ্বৰ এই দুজন শক্তিশালী ৰাষ্ট্ৰনেতাৰ৷ অৱশ্যে বালিত বাইডেন আৰু  জিন পিঙৰ মাজত সাক্ষাৎ হ’লেও আমেৰিকা আৰু চীনৰ সম্পৰ্কৰ বিশেষ উন্নতি নহ’ল৷ সেয়ে এইবাৰ ভাৰতত ৰাষ্ট্ৰনেতা দুজনৰ মুখামুখি সাক্ষাতে নতুন কিছু আশাৰ বতৰা দিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু বাস্তৱক্ষেত্ৰত সেয়া হৈ নুঠাটো স্পষ্ট হৈ পৰিছে৷ কিয়নো চীনৰ ৰাষ্ট্ৰপতি শ্বি জিন পিং সন্মিলনলৈ নহাটো খাটাং হৈ পৰিছে৷ তেওঁৰ সলনি জি-২০ শীৰ্ষ সন্মিলনত চীনক প্ৰতিনিধিত্ব কৰিব প্ৰিমিয়াৰ লি কিয়াঙে৷ কি কাৰণত ৰাষ্ট্ৰপতি জিন পিঙে শেষমুহূৰ্তত জি-২০ সন্মিলনত ভাগ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে জানিব পৰা হোৱা নাই৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেও এই সন্মিলনত ভাগ নলয় বুলি স্পষ্ট কৰি দিছিল৷