Logo
image

বহ্বাৰম্ভে লঘুক্ৰিয়া! পানীত পৰিল কেইবা কোটি টকীয়া গৰুখুঁটি প্ৰকল্প

‘আমাৰ অসম’ৰ গুৱাহাটী আৰু ছিপাঝাৰৰ প্ৰতিবেদক, ১ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুঁটি প্ৰকল্প এতিয়া যেন অশ্বডিম্বত পৰিণত হোৱাৰ দিশে গতি কৰিছে৷ চৰকাৰে কোটি কোটি টকা ব্যয় কৰা গৰুখুঁটি কৃষি প্ৰকল্প সম্প্ৰতি প্ৰলয়ংকাৰী ভদীয়া বানৰ কবলত৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছে ছিপাঝাৰৰ গৰুখুঁটি প্ৰকল্পৰ বিস্তিত হাজাৰ হাজাৰ বিঘা কৃষিভূমি৷ বিগত বৰ্ষৰ দৰে এইবাৰো ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ পানী বুৰ যোৱাত খেতি পথাৰ নষ্ট হোৱাই নহয়, গীৰ গাইৰ খাদ্যক লৈ ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে৷ স্বাভাৱিকতেই ৰাজকোষৰ পৰা কোটি কোটি টকা ব্যয় কৰা মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পটো অৰ্থহীন হ’ব নেকি বুলিও প্ৰশ্ন উঠিছে৷ প্ৰকল্প কতৃৰ্পক্ষই সদৰী কৰা অনুসৰি প্ৰায় ২০ বিঘা ভূমিত লগোৱা ৰঙালাউৰ খেতি সম্প্ৰতি পানীৰ তলত৷ একেদৰে কবি, বেঙেনা, মূলা, বিলাহী আদিৰ নাৰ্চাৰীও বুৰ গৈছে ভদীয়া বানত৷ লক্ষণীয়ভাৱে অন্যান্য খেতিৰ বাবে প্ৰস্তুত কৰা কেইবাশ বিঘা ভূমিও এতিয়া জলমগ্ন হৈ পৰিছে৷ আনহাতে, এই বান পৰিস্থিতিৰ বাবে গৰুখুঁটি কৃষি প্ৰকল্পৰ গো-শালাত থকা গীৰ গাইসমূহৰো খাদ্যৰ নাটনি হৈছে৷ কৃষি প্ৰকল্পৰ গো চৰণীয়া পথাৰো এতিয়া বুৰ গৈছে বানত৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কৃষি প্ৰকল্পটোৰ পাঁচটা শিবিৰকে৷ অথচ ছিপাঝাৰৰ সংখ্যালঘু লোকে কৃষি কৰ্ম কৰি থকা এই বৃহত্তৰ অঞ্চলটোক বছৰি ব্ৰহ্মপুত্ৰৰ বানে বিভীষিকাৰ সৃষ্টি কৰি অহাৰ পাছতো গৰুখুঁটি প্ৰকল্পৰ বাবদ চৰকাৰে ৰাজকোষৰ পৰা ৯ কোটি ৫২ লাখ ৯৩ হাজাৰ ৩৪৮ টকা মুকলাই দিয়াৰ তথ্য সদনত ৰাজহুৱা কৰিছে৷ অৱশ্যে শেহতীয়াকৈ গৰুখুঁটি প্ৰকল্পৰ মুৰব্বী বিধায়ক পদ্ম হাজৰিকাই সৰ্বমুঠ ১৪ কোটি ৫২ লাখ ৯৩ হাজাৰ ৩৪৮ টকা বেংকৰ পৰা মোকলাই অনা বুলিও সদৰী কৰিছে৷ আনহাতে বিধায়ক হাজৰিকাই প্ৰকল্পৰ উৎপাদিত কৃষি শস্যৰ পৰা ৭৩.৩৫ লাখ টকা উপাৰ্জন হোৱা বুলি দাবী কৰিলেও বিধানসভাত বিভাগীয় মন্ত্ৰীয়ে গৰুখুঁটি প্ৰকল্পৰ পৰা ১.১১ কোটি টকা উপাৰ্জন হোৱা বুলিহে বিপৰীতে তথ্য প্ৰকাশ কৰিছিল৷ লক্ষণীয় বিষয়টো হৈছে গৰুখুঁটিৰ উক্ত প্ৰকল্পৰ নামত ২০২১ চনৰ ২৩ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে ধলপুৰত বৰ্বৰ উচ্ছেদ কাৰ্য চলাইছিল৷ উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত দুজন লোকৰ মৃত্যু হৈছিল৷ এই ঘটনাৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি ডি আগৰৱালৰ নেতৃত্বত তদন্ত আয়োগো গঠন কৰা হৈছিল৷ গৰুখুঁটি প্ৰকল্পৰ সন্দৰ্ভত ৰুজু হোৱা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰত চৰকাৰে উচ্ছেদিত ৬০০ পৰিয়ালক বিকল্প সংস্থাপন দিয়াৰ কথা গুৱাহাটী উচ্ছ ন্যায়ালয়ক শপতনামা যোগে অৱগত কৰিছিল৷ সেই সময়ত বাদ পৰি ৰোৱা আন ১০০ টা পৰিয়ালকো সংস্থাপন দিবলৈ ন্যায়ালয়ে দৰং জিলা প্ৰশাসনক নিৰ্দেশ দিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে ৭৭ হাজাৰ বিঘা মাটি উচ্ছেদ কৰি খেতি কৰা প্ৰকল্পটোৰ পৰা তৰমুজ বিক্ৰী কৰি মাত্ৰ ১৮০ টকা উপাৰ্জন কৰাৰ কথাও বিধানসভাত জনাইছিল চৰকাৰে৷ আনকি গুজৰাটী গীৰ গাইক ৫৫ লাখ টকা দানা-ঘাঁহ খোৱাৰ বিপৰীতে মাত্ৰ ১৩ লাখ টকাৰহে গাখীৰ উৎপাদন কৰিছিল৷ ইয়াৰ মাজতে গৰুখুঁটি প্ৰকল্পৰ অধিগ্ৰহণকৃত ভূমিত স্থানীয় গো-পালকে গৰু চৰালে ১৬০০ টকা মাচুল আদায় কৰাক লৈ মঙলদৈ গোৱাল সন্থাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল৷ মুঠৰ ওপৰত প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ যোৱা কোটিটকীয়া গৰুখুঁটি প্ৰকল্পটোক বিজেপি চৰকাৰৰ ‘বহ্বাৰম্ভে লঘুক্ৰিয়া’ বুলিও সমালোচনা কৰিছে৷