Logo
image

এক দেশ, এক ভোট, এক পাৰ্টী!

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ ছেপ্টেম্বৰঃ দেশৰ প্ৰায় সকলো বিৰোধী ৰাজনৈতিক দল শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে একগোট হোৱাৰ সময়তে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ ক্ষমতা দীৰ্ঘকালৰ বাবে কুক্ষিগত কৰি ৰখাৰ উদ্দেশ্যে এক বৃহৎ বাজী খেলিবলৈ আগবাঢ়িছে৷ সংসদৰ বৰ্ষাকালীন অধিৱেশন সমাপ্ত হোৱাৰ এমাহৰ পাছতে অহা ১৮-২২ ছেপ্টেম্বৰত সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিছে মোদী চৰকাৰে৷ এই বিশেষ অধিৱেশনৰ সূচী কি হ’ব সেয়া নজনোৱাকৈ বৃহস্পতিবাৰে অধিৱেশন আহ্বান কৰিলেও  শুকুৰবাৰে এটা বিষয় পৰিষ্কাৰ হৈ পৰিছে, এই বিশেষ অধিৱেশনত মোদী চৰকাৰে ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক উত্থাপন   কৰিব আৰু সেই বিধেয়ক গৃহীত কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ সকলো নিৰ্বাচন অৰ্থাৎ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন সমগ্ৰ দেশত একেদিনাই অনুষ্ঠিত কৰিবলৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব৷ যদিহে এই পদক্ষেপত মোদী চৰকাৰ সফল হয়, তেন্তে দেশৰ ৰাষ্ট্ৰপ্ৰধান এতিয়া চীন আৰু ৰাছিয়াৰ দৰে দীৰ্ঘকাললৈ এজনেই হৈ থাকিব৷ শাসনাধিষ্ঠিত দলো হ’ব দেশত এটাই৷ কিয়নো মোদী চৰকাৰে গ্ৰহণ কৰা এই পৰিকল্পনাৰ আধাৰত দেশৰ সৰু-সুৰা আৰু আঞ্চলিক দলসমূহ একপ্ৰকাৰ নোহোৱা হৈ পৰিব৷ ধন-জন সকলো দিশৰ পৰা বিজেপিৰ যি শক্তি আছে, সেই শক্তিৰ ওচৰত নিঃশেষ হৈ পৰিব দেশৰ প্ৰায় সকলো সৰু-সুৰা ৰাজনৈতিক দল৷ যদিহে মোদী চৰকাৰ এই পদক্ষেপ কাৰ্যকৰী কৰাত সফল হয় তেন্তে ‘এক দেশ, এক নিৰ্বাচন’ বুলি ধৰা বাজীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বাজীমাৎ কৰিব৷

নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ ক্ষমতা কুক্ষিগত কৰি ৰখাৰ বাবে লোৱা এই পদক্ষেপত প্ৰাৰম্ভিক প্ৰতিবন্ধকতা আছে যথেষ্ট৷ কিয়নো ‘এক দেশ, এক নিৰ্বাচন’ প্ৰক্ৰিয়া বলৱৎ কৰিবলৈ হ’লে দেশৰ সংবিধানৰ ব্যাপক সাল-সলনি কৰিব লাগিব৷  তদুপৰি এই বিধেয়কখন লোকসভাত গৃহীত কৰাৰ বাবে ৫৪৩ সদস্যৰ দুই-তৃতীয়াংশ বা  ৬৭ শতাংশ সদস্যৰ সমৰ্থন লাগিব৷ আনহাতে ২৪৫ জনীয়া ৰাজ্যসভাৰো সমৰ্থন লাগিব দুই-তৃতীয়াংশ বা ৬৭ শতাংশ৷ লোকসভাত এডিএৰ সাংসদৰ সংখ্যা ৩৩৩ জন অৰ্থাৎ প্ৰায় ৬১ শতাংশ৷ প্ৰয়োজনীয় বাকী সমৰ্থন লোকসভাত আদায় কৰিবলৈ বিজেপিৰ বিশেষ অসুবিধা নহ’ব৷ অৱশ্যে ৰাজ্যসভাত মাত্ৰ ৩৮ শতাংশ আসন থকা এনডিএৰ পক্ষে এই বিধেয়ক গৃহীত  কৰাটো সহজ নহ’ব৷ পিছে ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু শেহতীয়াকৈ দিল্লী আমোলা বিধেয়ককে ধৰি বিৰোধী ৰাজনৈতিক দলে বিৰোধিতা কৰা বহুক্ষেত্ৰত শাসনাধিষ্ঠিত এনডিএক যিদৰে বিজু জনতা দল, ৱাই এছ আৰ কংগ্ৰেছ, তেলুগু দেশম দল, ভাৰত ৰাষ্ট্ৰ সমিতি, বহুজন সমাজ পাৰ্টীয়ে সমৰ্থন প্ৰদান কৰি আছে, এই বিধেয়কৰ ক্ষেত্ৰতো সেই সেই দলে সমৰ্থন নজনাব বুলি ভাবিব নোৱাৰি৷ প্ৰসংগতঃ, দীৰ্ঘদিন আগৰে পৰা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে প্ৰচাৰ চলাই অহা ‘এক দেশ, এক নিৰ্বাচন’ নীতিৰ প্ৰতি বিআৰএছ, ৱাইএছআৰচিপি, এআইএডিএমকে, বিজু জনতা দল আৰু জনতা দল ইউনাইটেডে সমৰ্থন জনাই আহিছিল৷ তদুপৰি তেলুগু দেশম পাৰ্টীয়ে ২০১৮ চনতে ‘এক দেশ, এক নিৰ্বাচন’ এটা কাৰ্যকৰী ধাৰণা বুলি মন্তব্য কৰিছিল৷ উল্লেখ্য, দুয়োখন সদনত গৃহীত হোৱাৰ পাছত দেশৰ অৰ্ধেক ৰাজ্যই এই সিদ্ধান্তত সন্মতি জনাব লাগিব৷ অৰ্থাৎ দেশৰ ১৪খন ৰাজ্যই সন্মতি প্ৰদান কৰিলেহে এই বিধেয়ক আইনত পৰিণত হ’ব৷ সম্প্ৰতি দেশৰ ১০খন ৰাজ্যত বিজেপিৰ চৰকাৰ আছে আৰু আন ৬খন ৰাজ্যত বিজেপিৰ জোঁট চৰকাৰ আছে৷ 

নৰেন্দ্ৰ মোদী চৰকাৰে নিজৰ ক্ষমতালিপ্সু চৰিত্ৰ প্ৰকট কৰি যি পদক্ষেপ ল’বলৈ আগবাঢ়িছে তাৰ ফলত নিশ্চিতভাৱে ৰাষ্ট্ৰীয় স্তৰৰ বৃহৎ দল লাভান্বিত হ’ব৷ দেশৰ সৰু-সুৰা ৰাজনৈতিক দল আৰু আঞ্চলিক দলসমূহে একেলগে দেশত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’লে দুয়োটা নিৰ্বাচনতে পূৰ্ণ শক্তিৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম নহ’ব৷ কিয়নো তেওঁলোকৰ যিদৰে ধন-বলৰ অভাৱ সেইদৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাব পৰাকৈ লোক-বলৰো অভাৱ৷ সেইক্ষেত্ৰত বিজেপি সমগ্ৰ দেশতে ওপৰহতীয়া হৈ থাকিব৷ কিয়নো বিজেপি দলটো হৈছে এতিয়া বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল আৰু বিশ্বৰ সবাতোকৈ চহকী ৰাজনৈতিক দল৷ অৰ্থাৎ একেলগে, সমান্তৰালভাৱে দুটা নিৰ্বাচনত প্ৰচাৰ চলাব পৰাকৈ যিদৰে বিজেপিৰ অসংখ্য নেতা আছে, সেইদৰে গেৰুৱা দলটোৰ সীমাহীন ধন-বলো আছে৷ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন দেশত একেদিনাই হ’লে অধিকাংশ আঞ্চলিক দল নিজৰ ৰাজ্যত বিধানসভাৰ নিৰ্বাচনতে ব্যস্ত থাকিবলৈ বাধ্য হ’ব৷ লোকসভাৰ নিৰ্বাচনৰ বাবে তেওঁলোকে সমান্তৰালভাৱে প্ৰচাৰ চলাব নোৱাৰিব৷ দূৰৰ ৰাজ্যলৈ গৈ নৱগঠিত ‘ইণ্ডিয়া’ জোঁটৰ বাবে প্ৰচাৰ চলোৱাটো আঞ্চলিক দল আৰু তেনে দলৰ নেতাৰ বাবে অসম্ভৱ হৈ পৰিব৷ উদাহৰণ হিচাপে একেদিনাই লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’লে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসম কিম্বা ত্ৰিপুৰাত অথবা অন্যান্য ৰাজ্যত ‘ইণ্ডিয়া’ জোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব নোৱাৰিব৷ একেদৰে সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, জে ডি ইউৰ নীতিশ কুমাৰ,  আৰজেডিৰ তেজস্বী যাদৱ, শিৱসেনাৰ উদ্ধৱ থাকৰে নিজ ৰাজ্যতে নিৰ্বাচনত ব্যস্ত হৈ থাকিবলৈ বাধ্য হ’ব৷ তেওঁলোকে একেলগে নিজৰ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনতো মনোনিৱেশ কৰিব লাগিব আৰু নিজ ৰাজ্যৰ লোকসভাৰ আসনৰ ক্ষেত্ৰতো সমানে মন দিব লাগিব৷ বিৰোধীৰ জোঁটৰ ঐক্য যিমানেই অধিক নহওঁক কিয়, নিজৰ ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰখাৰ বাবেই নিজৰ ৰাজ্যৰ নিৰ্বাচনক লৈ  তেওঁলোক ব্যস্ত হৈ পৰিবলৈ বাধ্য হ’ব৷ 

এইক্ষেত্ৰত বিজেপিৰ তেনে বিশেষ অসুবিধা নাথাকিব৷ কিয়নো দেশৰ লোকসভাৰ নিৰ্বাচনেই হওঁক বা বিধানসভাৰ নিৰ্বাচনেই হওঁক, বিজেপিয়ে নিৰ্দিষ্ট সমষ্টিটোৰ প্ৰাৰ্থীক ভোট দিবলৈ কোৱাৰ বিপৰীতে নৰেন্দ্ৰ মোদীক বিজয়ী কৰিবলৈ আহ্বান জনায়৷ দলৰ যিকোনো নেতাই দেশৰ যিকোনো স্থানলৈ গৈ সেই একেটা আহ্বান জনাই নিৰ্বাচনত বাজীমাৎ কৰিবলৈ সক্ষম হ’ব৷ অৱশ্যে বিজেপিৰ পিছতে থাকি এইক্ষেত্ৰত কংগ্ৰেছ দলো কিছুপৰিমাণে লাভৱান হ’ব৷ কিয়নো ৰাষ্ট্ৰীয় দল হিচাপে আৰু দীৰ্ঘকাল শাসন চলোৱাৰ ফলত কংগ্ৰেছ দলৰ সমগ্ৰ দেশত কম-বেছি পৰিমাণে সাংগঠনিক শক্তি অটুট আছে৷ অৱশ্যে বিজেপিৰ তুলনাত সেয়া নিতান্তই কম৷

নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকৰ বিৰোধী জোঁটক মোকাবিলা কৰাৰ বাবেই এই ৰণনীতি গ্ৰহণ কৰা বুলি চৰ্চা হৈছে৷ কোৱা  হৈছে, বিৰোধী ‘ইণ্ডিয়া’ জোঁটৰ বিৰুদ্ধে এই ‘এক দেশ, এক নিৰ্বাচন’ নীতি অতি কাৰ্যকৰী হ’ব৷ কিয়নো বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত বহুসংখ্যক ৰাজনৈতিক দলৰ ‘ইছ্যু’ ভিন ভিন৷ উদাহৰণ হিচাপে ‘ইণ্ডিয়া’ জোঁটৰ  অন্যতম সদস্য তৃণমূল কংগ্ৰেছে লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু চিপিএমৰ সৈতে জোঁট বান্ধি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে৷ কিন্তু একেটা দলেই ৰাজ্য বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু চিপিএমৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তও লৈ থৈছে৷ যদিহে ‘এক দেশ, এক নিৰ্বাচন’ নীতি কাৰ্যকৰী হয়, তেন্তে তৃণমূল কংগ্ৰেছে কি কৰিব? নিশ্চিতভাৱে মমতা বেনাৰ্জীয়ে ৰাজ্যত নিজৰ ক্ষমতা ধৰি ৰাখিবলৈ চেষ্টা কৰি  ‘ইণ্ডিয়া’ জোঁটৰ  পৰা বাহিৰ হৈ আহিবলৈ বাধ্য হ’ব৷ তেতিয়া স্বাভাৱিকতে লাভান্বিত হ’ব নৰেন্দ্ৰ মোদীৰ বিজেপি৷ 

‘এক দেশ, এক নিৰ্বাচন’ নীতি গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক বেমেজালিও আছে৷ ধৰা হওঁক, সমগ্ৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন সম্পন্ন হৈ গ’ল৷ কিছুদিন পাছত দেশৰ কোনো এখন ৰাজ্যৰ চৰকাৰ ভংগ হ’ল৷ তেতিয়া সেই ৰাজ্যত কিমান দিনলৈ ৰাষ্ট্ৰপতি শাসন চলি থাকিব৷ মাজতে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নে বছৰ বছৰ ধৰি আকৌ একেলগে নিৰ্বাচন হ’বলৈ ৰাজ্যখনে অপেক্ষা কৰিব? পূৰ্বে ১৯৫১ চনত দেশত একেলগে সকলো নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ তাৰ বাবে ১৯৫১ চনৰ ২৫ অক্টোবৰৰ পৰা ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীলৈকে ১০০ দিন সময়ৰ প্ৰয়োজন হৈছিল৷ পৰৱৰ্তী সময়ত ১৯৫৭, ১৯৬২, ১৯৬৭ চনত লোকসভা আৰু দেশৰ ৬৭ শতাংশ ৰাজ্যৰ নিৰ্বাচনো একেলগে অনুষ্ঠিত হৈছিল৷ জৱাহৰলাল নেহৰুৱে ১৯৫৯ চনত কেৰালাৰ বিধানসভা ভংগ কৰাৰ পাছত এই প্ৰথা নোহোৱা হৈ পৰিল৷ ১৯৭২ চনৰ পৰা এই ব্যৱস্থা বন্ধ হৈ পৰিল৷ অৱশ্যে এতিয়াও লোকসভা নিৰ্বাচনৰ সৈতে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ওড়িশা আৰু ছিকিমৰ বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হয়৷ 

আনহাতে কোনো ৰাজ্যত ত্ৰিশংকু বিধানসভা হ’লে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে নিৰ্বাচিত হৈ অহা সকলো দলৰ বিধায়কে ভোটদান কৰিব পাৰিব৷ ইতিপূৰ্বে দেশৰ আইন মন্ত্ৰণালয়ৰ অধীনষ্ঠ আইন বিভাগে এই বিষয়টো বিশ্লেষণ কৰি ১৭৫ পৃষ্ঠাৰ যি প্ৰতিবেদন দাখিল কৰিছিল তাত এনেদৰেই কোৱা হৈছিল৷ তেতিয়া বিজেপিৰ দৰে চহকী দলে মুকলিকৈ বিধায়ক ক্ৰয় কৰাৰ পথ মুকলি হৈ পৰিব৷ অৱশ্যে সেই বিভাগে ভাৰতত এতিয়া ‘এক দেশ, এক নিৰ্বাচন’ পদ্ধতি ফলপ্ৰসূ ব্যৱস্থা নহয় বুলি প্ৰতিবেদনত মন্তব্য কৰিছিল৷ কিন্তু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে বছৰ বছৰ ধৰি ক্ষমতা নিজৰ হাতত ৰখাৰ স্বাৰ্থত এই ব্যৱস্থা বলৱৎ কৰিবলৈ বদ্ধপৰিকৰ হৈছে৷ বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে ‘এক দেশ, এক নিৰ্বাচন’ বিষয়টো অন্যতম অস্ত্ৰ হিচাপে হাতত ল’বলৈ স্থিৰ কৰিছে৷ বিজেপিয়ে দেশৰ জনতাক বুজাই দিব, এদিনতে দেশৰ সকলো নিৰ্বাচন অনুষ্ঠিত কৰিলে নিৰ্বাচনৰ নামত হোৱা ব্যাপক ব্যয় হ্ৰাস পাব৷ চৰকাৰী কৰ্মচাৰীক এবাৰ নিয়োগ কৰিয়েই নিৰ্বাচনৰ কাম পাঁচ বছৰলৈ শেষ কৰিব পৰা যাব৷ পাঁচ বছৰত দেশত এবাৰ নিৰ্বাচন হ’লে বাৰে বাৰে নিৰ্বাচনী আচৰণবিধি বলৱৎ নকৰাকৈ থাকিব পৰা যাব আৰু তাৰ ফলত উন্নয়নমূলক কামত স্থবিৰতা নহাকৈ আগবঢ়াই নিব পৰা যাব৷ সংসদৰ বিশেষ অধিৱেশনত এই বিধেয়ক উত্থাপন কৰি কাৰ্যকৰী কৰাৰ স্বাৰ্থত মোদী চৰকাৰে বৃহস্পতিবাৰৰ পৰা অস্বাভাৱিক তৎপৰতা আৰম্ভ কৰিছে৷ শুকুৰবাৰে মোদী চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে৷ তেওঁক সাক্ষাৎ কৰিছে বিজেপিৰ সভাপতি জে পি নড্ডাই৷ এতিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত সীমাহীন তৎপৰতাৰে এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে বিজেপিয়ে ৰণনীতি যুগুতাইছে, যাতে সংসদৰ বিশেষ অধিৱেশনত ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক গৃহীত কৰিব পাৰি৷