Logo
image

জিঞ্জাৰ, আজমলৰ দালানত হাতুৰীৰ কোব নপৰে কিয়?

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক,২ ছেপ্টেম্বৰঃ পুনৰ শিলসাঁকোত চলিল প্ৰশাসনৰ বুলড’জাৰ৷ শিলসাঁকোৰ বুকুত কষ্টৰ ধনেৰে নিৰ্মাণ কৰা আপোন ঘৰখন উচ্ছেদৰ বিৰোধিতাৰে দুই জনজাতীয় মহিলাই অৰ্ধ উলংগ হৈ আৰক্ষী-প্ৰশাসনক বাধা দিছিল যদিও অসমৰ ইতিহাসৰ এনে বিৰল তথা চূড়ান্ত প্ৰতিবাদতো থমকি নৰ’ল প্ৰশাসনৰ বুলড’জাৰ৷ আনকি নিজৰ ঘৰখন ৰক্ষাৰ বাবে অৰ্ধ উলংগ প্ৰতিবাদ কৰিবলৈ বাধ্য হোৱা অসহায় মহিলা দুগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰহে কৰে৷ অৱশ্যে জাতি মাটি আৰু ভেটি ৰক্ষাৰ শ্লোগান দিয়া বিজেপি চৰকাৰে শিলসাঁকোৰ থলুৱা খাটিখোৱা লোকৰ বাসগৃহত উচ্ছেদ চলালেও পুঁজিপতিৰ অট্টালিকাত হাতুৰীৰ কোব নপৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বাৰে বাৰে প্ৰশাসনে খিলঞ্জীয়াৰ বাসগৃহত উচ্ছেদ যজ্ঞ চলালেও সাংসদ বদৰুদ্দিন আজমলৰ বিঘাই বিঘাই ভূমি আৰু অট্টালিকা, বণিয়া হিম্মৎ সিংকাৰ আইডিয়েল হিল ভিউ অট্টালিকা, পুঁজিপতি ব্যৱসায়ীৰ ৰয়েল হেৰিটেজ, টাটাৰ জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট, টেনিছ ক’ৰ্টত উচ্ছেদ নকৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীক কৃত্ৰিম বানৰ পৰা উদ্ধাৰৰ বাবে শিলসাঁকোৰ বেদখল উচ্ছেদৰ বিকল্প নাই বুলি বাৰে বাৰে কৈ আহিলেও শিলসাঁকো পুতি নিৰ্মাণ কৰা জিঞ্জাৰ হোটেল, হিমৎ সিংকাৰ বিল্ডিঙক উচ্ছেদ নকৰাৰ আঁৰত চৰকাৰৰ উদ্দেশ্যে কি বুলিও চৰ্চা হৈছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৱে বদৰুদ্দিন আজমলৰ মাটি লৈ লোৱা বুলি দাবী কৰাৰ লগতে জিঞ্জাৰ হোটেলক মাটি আৱণ্টন দিয়াক লৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ দোষ ঠেলিছিল৷ অৱশ্যে জিঞ্জাৰ হোটেললৈ জাননী প্ৰেৰণ কৰা হ’ব বুলিও সদৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ দুই তিনিমাহ অতিক্ৰম কৰিলেও যদিও আজিলৈকে জিঞ্জাৰৰ উচ্ছেদ নহ’ল৷ স্বাভাৱিকতেই এতিয়া শিলসাঁকো উচ্ছেদ বিৰোধী মঞ্চই গুৱাহাটীৰ বোন্দাজান পুতি পথ নিৰ্মাণ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বেদখল কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা নলয় কিয় বুলিও অভিযোগ কৰিছে৷